Advertisment

মহাকুম্ভৰ সময়ছোৱাত স্নানৰ বাবে উপযোগী আছিল গংগাৰ পানীঃ কেন্দ্ৰ

২০২২-২৩, ২০২৩-২৪ আৰু ২০২৪-২৫ বৰ্ষত (৯ মাৰ্চ পৰ্যন্ত) নদীখন পৰিষ্কাৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানক মুঠ ৭,৪২১ কোটি টকা আগবঢ়াইছে বুলিও চৰকাৰে জানিবলৈ দিয়ে।

author-image
Asomiya Pratidin
New Update
্িু

ডিজিটেল ডেস্কঃ  মহাকুম্ভ মেলাৰ সময়ছোৱাত ত্ৰিবেণী সংগমৰ পানী অতি দূষিত হোৱা বুলি সৰ্বত্ৰে প্ৰচাৰ হোৱা পাছতে বহুজনৰ সমালোচনাৰ সন্মুখীন হৈছিল উত্তৰ প্ৰদেশ চৰকাৰ। আজি কেন্দ্ৰীয় চৰকাৰে সংসদত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক নতুন প্ৰতিবেদনৰ উদ্ধৃতি দি প্ৰয়াগৰাজৰ  ত্ৰিবেণী সংগমৰ গংগাৰ পানী সদ্য সমাপ্ত মহাকুম্ভৰ সময়ছোৱাত স্নানৰ বাবে উপযোগী আছিল বুলি উল্লেখ কৰে।

Advertisment

আনহাতে, ২০২২-২৩, ২০২৩-২৪ আৰু ২০২৪-২৫ বৰ্ষত (৯ মাৰ্চ পৰ্যন্ত) নদীখন পৰিষ্কাৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানক মুঠ ৭,৪২১ কোটি টকা আগবঢ়াইছে বুলিও চৰকাৰে জানিবলৈ দিয়ে।

বিৰোধী সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱে কয় যে, চিপিচিবিৰ প্ৰতিবেদন অনুসৰি সকলো নিৰীক্ষণ কৰা স্থানত পি এইচ, দ্ৰৱীভূত অক্সিজেন (ডি অ’), জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা (বি অ’ ডি) আৰু ফেকেল কলিফৰ্ম (এফ চি)ৰ মান গা ধোৱাৰ বাবে যাথাবিহিত সীমাৰ ভিতৰত আছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ডি অ’ই পানীত থকা অক্সিজেনৰ পৰিমাণক বুজাই, বি অ’ ডি, এফ চি হৈছে পানীৰ গুণাগুণৰ মূল সূচক। ৩ ফেব্ৰুৱাৰীৰ এক প্ৰতিবেদনত চিপিচিবিয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক জনাইছিল যে, মহাকুম্ভৰ সময়ত গংগাৰ পানী গা ধোৱাৰ বাবে উপযোগী নাছিল। তাৰ পাছতে সৰ্বত্ৰে এই বিষয় লৈ ব্যাপক চৰ্চা পৰিলক্ষিত হৈছিল।

ত্ৰিবেণী সংগম