/asomiyapratidin/media/media_files/2025/03/05/v6ZKoi4BDVgTxwbbtXXu.jpg)
ডিজিটেল ডেস্ক: সমাগত ৰঙৰ উৎসৱ ফাকুৱা। ফাকুৱা বা হোলী হৈছে প্ৰেম, একতা আৰু বসন্তৰ আগমনৰ এক আনন্দময় উৎসৱ। এই উৎসৱ সৰু-বৰ সকলোয়ে মিলি উদযাপন কৰে। ৰঙীন হৈ পৰে আকাশ-বতাহ। কিন্তু ফাকুৱাৰ নামত দুটা দিন আনন্দ-উল্লাস কৰাৰ পাছত অধিকাংশ লোকেই অনুশোচনাত ভোগে। ফাকুৱা উদযাপনৰ পাছতে ৰোগীয়া হৈ পৰে বহু লোক।
হয়, আগৰ দিনত ফুল, হালধী, বিভিন্ন ফল, ঔষধি গুণযুক্ত গছৰ পাত শুকুৱাই ফাকুৰ গুৰি তৈয়াৰ কৰা হৈছিল। যিবোৰৰ একো পাৰ্শ্বক্ৰিয়া নাছিল। বৰঞ্চ, সেই গুৰি ছাল-চকুৰ সংস্পৰ্শলৈ অহাৰ ফলত আমাৰ স্বাস্থ্যৰ উপকাৰহে হৈছিল। কিন্তু, আজিকালি ঔদ্যোগিক ৰং বা অক্সিডাইজড ধাতুৰ সৈতে কৃত্ৰিমভাৱে ৰং সৃষ্টি কৰা হয়। লীড অক্সাইড, ক্ৰমিয়াম আয়োডাইড, কপাৰ ছালফেট, পাৰা ছালফাইট আৰু এলুমিনিয়াম ব্ৰমাইডৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ ফাকুৰ গুৰিত বহুলভাৱে ব্যৱহাৰ কৰা হয়। যাৰ ফলত ছালৰ সমস্যা, শ্বাসনলীৰ সংক্ৰমণ, কনজাংটিভাইটিছ, কৰ্ণিয়া বিভ্ৰান্তিৰ লগতে বহু স্বাস্থ্য সমস্যাৰ উদ্ভৱ হয়। বিশেষকৈ, এই ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই এতিয়া সকলোৰে জীৱনলৈ ভাবুলি কঢ়িয়াইছে।
ফাকুৱাৰ ৰঙৰ ক্ষতিকাৰক প্ৰভাৱ
ছালৰ জ্বলা-পোৰা, এলাৰ্জি
ৰাসায়নিক পদাৰ্থযুক্ত ফাকুৰ বাবে ছালৰ জ্বলা-পোৰা, ৰঙা পৰা, খজুৱতি হ'ব পাৰে। সংবেদনশীল ছালৰ অধিকাৰীৰ এই সমস্যা অধিক হয়।
চকুৰ সমস্যা
এনে ৰঙৰ সংস্পৰ্শলৈ অহাৰ ফলত চকুৰ জ্বলা-পোৰা, ৰঙা পৰা, চকুৰ পৰা পানী ওলোৱা, আনকি চকুত সোমাই গ'লে চকুৰে নেদেখাও হ'ব পাৰে।
কৰ্কট ৰোগ
ফাকুৱাৰ ৰঙত ব্যৱহৃত কিছুমান ৰাসায়নিক পদাৰ্থ, যেনে সীহ আৰু ক্ৰমিয়াম, কাৰ্চিনোজেনিকৰ সংস্পৰ্শলৈ অহাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।
গৰ্ভৱতী মহিলাৰ সমস্যা
প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে, হোলীৰ ৰঙে গৰ্ভৱতী মহিলাসকলৰ বাবে শ্বাস-প্ৰশ্বাসকে ধৰি গুৰুতৰ স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে। বহুতো ৰাসায়নিক পদাৰ্থযুক্ত ৰঙত সীহ, পাৰা, ক্ৰমিয়াম আৰু এমোনিয়াৰ দৰে বিষাক্ত পদাৰ্থ থাকে, যি ছালৰ মাজৰে শৰীৰত প্ৰৱেশ কৰিলে গুৰুতৰ স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে। বিশেষকৈ, গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ বিকাশশীল ভ্ৰূণৰ বাবে এইসমূহ অত্যন্ত ক্ষতিকাৰক। এই বিষাক্ত পদাৰ্থবোৰৰ সংস্পৰ্শলৈ আহিলে গৰ্ভধাৰণৰ সময়ত ভ্ৰণৰ বিকাশৰ অস্বাভাৱিকতা আৰু অন্যান্য জটিলতা হ'ব পাৰে।
শ্বাস-প্ৰশ্বাসৰ সমস্যা
ফাকুৱা উদযাপনৰ সময়ত ৰাসায়নিক পদাৰ্থযুক্ত ৰঙৰ সূক্ষ্ম কণাবোৰ নাক-মুখৰে শৰীৰলৈ সোমালে শ্বাস-প্ৰশ্বাসৰ সমস্যা যেনে, কাহ, হাঁচি, উশাহ লোৱাত অসুবিধা, আৰু হাপানীৰ দৰে ৰোগ হয়।
পাৰিপাৰ্শ্বিক প্ৰদূষণ
ৰাসায়নিক পদাৰ্থযুক্ত ৰঙে কেৱল মানুহৰ স্বাস্থ্যৰে নহয়, পৰিৱেশতো বিৰূপ প্ৰভাৱ পেলায়। এইবোৰে জলাশয়, মাটি আৰু গছ-গছনি দূষিত কৰিব পাৰে, যাৰ ফলত পাৰিপাৰ্শ্বিক ক্ষতি তথা জৈৱ বৈচিত্ৰ্যৰ বাবে দীৰ্ঘম্যাদী বিপদাশংকা সৃষ্টি হ'ব পাৰে।
সুৰক্ষিত হৈ কিদৰে উদযাপন কৰিব পাৰি এই উৎসৱ
• এই বিপদাশংকাবোৰ হ্ৰাস কৰিবলৈ উদ্ভিদ-আধাৰিত উৎস যেনে হালধি, বীটৰুট, পালেং শাক আৰু ফুলৰ পৰা তৈয়াৰ কৰা প্ৰাকৃতিক আৰু পৰিৱেশ-অনুকূল ৰং ব্যৱহাৰ কৰিব।
• হোলী খেলাৰ আগতে আপোনাৰ ছালত নাৰিকল তেল বা ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰিব।
• হাত, চকু আৰু চুলিৰ ৰঙৰ পৰা সুৰক্ষিত কৰিবলৈ হাত মোজা, ছানগ্লাছ, আৰু টুপী বা স্কার্ফ পিন্ধিব।
• ফাকুৱা খেলি থকাৰ সময়ত চকু আৰু মুখ সংস্পৰ্শ নকৰিব।
• ফাকুৱা খেলাৰ পিছত আপোনাৰ চুলি আৰু শৰীৰ পৰিস্কাৰ পানীৰে ভালদৰে ধুব।
• যদি আপুনি ছালৰ কোনো জ্বলা-পোৰা, ৰঙা পৰা বা উশাহ-নিশাহৰ সমস্যা অনুভৱ কৰে, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব।
ঘৰতে তৈয়াৰ কৰিব পাৰি ফাকুৱাৰ ৰং
এইবাৰ ফাকুৱাই যে আৰু অধিক স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব, সেয়া প্ৰায় নিশ্চিত। কিয়নো, বিগত কেইমাহৰ পৰা সমগ্ৰ অসমতে বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। চৌদিশে সৃষ্টি হোৱা ধূলিময় পৰিৱেশৰ ফলত ইতিমধ্যেই অধিকাংশ লোক চকু-ছাল, শ্বাস-প্ৰশ্বাসকে ধৰি বহু স্বাস্থ্য সমস্যাত ভূগিছে। বহু লোকৰ বসন্তও ওলাইছে। সেয়েহে, এইবাৰ ফাকুৱা উদযাপনত সকলোয়ে বিশেষ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপুনি সমাগত ফাকুৱাত বজাৰৰ পৰা অনা ৰঙৰে ফাকুৱা নেখেলিব। ইয়াৰ পৰিৱৰ্তে খুব সহজ উপায়ৰে ঘৰতে ফাকুৱাৰ ৰং তৈয়াৰ কৰিব পাৰিব। হয়, ঘৰতে কিদৰে ফাকুৱাৰ ৰং তৈয়াৰ কৰিব পাৰি আজি জানি লওঁক-
হালধীয়া ৰং: ময়দাৰ সৈতে হালধি মিহলি কৰি আপুনি কোমল হালধীয়া ৰং তৈয়াৰ কৰিব পাৰে।
গুলপীয়া ৰং: বীট আৰু শুকান জৱাব ফুলৰ পাহি পিছিলেই গুলপীয়া ৰং তৈয়াৰ হয়।
সেউজীয়া ৰং: সেউজীয়া ৰঙৰ বাবে শুকান নিম পাত আৰু শুকান জেতুকা পাত মিহলি কৰিব।
ৰঙা ৰং: ডালিমৰ বাকলি শুকুৱাই এইসমূহ পিছি ৰঙা ৰং তৈয়াৰ কৰিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us