/asomiyapratidin/media/media_files/2025/04/21/GbyE9PFg4C4qa1wG2fRc.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত অত্যন্ত পৱিত্ৰ বুলি গণ্য কৰা গংগা নদীৰ পানী বা গংগা জলৰ বিশেষত্ব আছে। গংগাৰ পানী কেতিয়াও দূষিত বা লেতেৰা নহয় আৰু এই পানীৰ গোন্ধও নোলায়। বছৰ বছৰ ধৰি ইয়াক জনবিশ্বাস বুলিয়েই গণ্য কৰি অহা হৈছে। কিন্তু ইয়াৰ আঁৰত বৈজ্ঞানিক কাৰণো আছে। যাৰ বাবে গংগা নদীৰ পানী আন নদীৰ পানীতকৈ সম্পূৰ্ণ পৃথক।
হয়, বিজ্ঞানীসকলৰ মতে, গংগা নদীৰ পানীত বেক্টেৰিয়াফেজ আৰু নিঞ্জা ভাইৰাছ পোৱা যায়। যিয়ে বেক্টেৰিয়া ধ্বংস কৰাৰ কাম কৰে। এই কাৰণতেই গংগাৰ পানীত কেতিয়াও বেয়া গোন্ধ নাথাকে আৰু দীৰ্ঘদিনলৈকে বিশুদ্ধ হৈ থাকে।
গংগা জলৰ ধৰ্মীয় গুৰুত্ব
ভাৰতত গংগা নদীক কেৱল নদী নহয়, মাতৃ বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, গংগা জল অমৃতৰ সমতুল্য। ইয়াক সেৱন কৰিলে শৰীৰ সুস্থ হৈ থাকে আৰু দীৰ্ঘায়ু হয়। গংগা পানী পূজা-পাতলকে ধৰি বহু ধৰ্মীয় কামত ব্যৱহাৰ কৰা হয়। তদুপৰি, গংগা নদীত স্নান কৰিলে পাপৰ পৰা মুক্তি লাভ হয় বুলিও বিশ্বাস কৰা হয়।
গংগা জলৰ বৈজ্ঞানিক বৈশিষ্ট
কিয় গংগাৰ পানী ইমান বিশুদ্ধ তথা ইয়াত কোনো ধৰণৰ পোক-পৰুৱা নাথাকে ? এই প্ৰশ্নটো ভাৰতীয় বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে সদায় এক আকৰ্ষণীয় বিষয় হৈ আহিছে। প্ৰায় ১৩৫ বছৰ আগতে ১৮৯০ চনত ভাৰতত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল আৰু তাৰ লগে লগে কলেৰা মহামাৰীও বিয়পি পৰিছিল। এই সময়ছোৱাত বহু লোকে মৃতদেহ গংগাত পেলাই দিছিল। কিন্তু তাৰ পাছতো সম্পূৰ্ণৰূপে বিশুদ্ধ হৈ থাকিল গংগা নদীৰ পানী।
ব্ৰিটিছ বিজ্ঞানী আৰ্নেষ্ট হেনকিনে কৰা গৱেষণাত পোহৰলৈ আহে যে, দৈনিক আৱৰ্জনা, গৰু-মানুহৰ মৃতদেহ গংগাৰ নদীত পেলাই থকা হয় যদিও এই পানীত বেক্টেৰিয়াৰ প্ৰদূষণ অতি কম বা নাই বুলিয়েই ক'ব পাৰি।
নিঞ্জা ভাইৰাছ আৰু বেক্টেৰিয়াফেজ
এজন ফৰাচী বিজ্ঞানীয়ে গংগাৰ পানী সন্দৰ্ভত কৰা গৱেষণাত ইয়াত বেক্টেৰিয়া ধ্বংষকাৰী নিঞ্জা ভাইৰাছ থকা বিষয়টো পোহৰলৈ আহিছে। এই ভাইৰাছৰ বাবেই গংগাৰ পানীৰ বিশুদ্ধতা অক্ষত থাকে আৰু এই পানী খালে কোনো ৰোগৰ সৃষ্টি নহয়। তদুপৰি গংগাৰ পানীত বৃহৎ সংখ্যক বেক্টেৰিয়াফেজ পোৱা যায়, যাৰ ফলত গংগাৰ পানী আন নদীতকৈ অধিক বিশুদ্ধ আৰু নিৰাপদ।
কিয় বিশুদ্ধ গংগা জল ?
গংগাৰ পানীত প্ৰচুৰ পৰিমাণৰ চালফাৰ থাকে, যিয়ে পানী দূষিত হোৱাত বাধা দিয়ে। তদুপৰি গংগা নদী হিমালয়ৰ পৰা উৎপত্তি হৈ বিভিন্ন বনৌষধি আৰু খনিজ পদাৰ্থৰ মাজেৰে পাৰ হৈ যায়। যাৰ বাবে এই নদীক এক প্ৰাকৃতিক শুদ্ধীকৰণ নদী বুলিও গণ্য কৰা হয়। গংগাৰ পানীত যথেষ্ট পৰিমাণে অক্সিজেন থাকে। ইও হৈছে এই পানী বিশুদ্ধ হৈ থকাৰ অন্যতম এক কাৰণ। গতিকে, গংগা নদীৰ পানী কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী।
Also Read: 'গৰু ভক্ত' হ'লগৈ 'গুৰু'