Advertisment

এবাৰ আত্ম সমালোচনা কৰক!

যুৱ চাম ধোৱা তুলসীৰ পাত নহয়। সমগ্র বিশ্বতে প্রতিদিনে ঘটা হত্যা, ধর্ষণ, অপহৰণ আদি সাধাৰণ ঘটনাত পৰিণত হৈছে। প্ৰায়বোৰ ঘটনাতে যুৱ চামৰ একাংশ ঘনিষ্ঠভাৱে জড়িত। সংকোচবিহীনভাৱে কাৰোবাক হত্যা কৰাতো কাৰোবাৰ অপকাৰ কৰাতো তেওঁলোকৰ বাবে সাধাৰণ কথা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
fdfd

চয়নিকা শইকীয়া

Advertisment

যুৱ মানসিকতাৰ স্খলন, যুৱ সমাজৰ উশৃংখলতা, যুৱ সমাজৰ নৈৰাশ্যবাদ- এয়া হৈছে বাতৰি কাকতখন ল'লেই চকুত পৰা কিছু খবৰ। সহজ অৰ্থত যদি কওঁ বর্তমান সমাজৰ যিটো অংশক আটাইতকৈ বেছি কঠোৰ সমালোচনা কৰা হয় সেইটোৱে হৈছে যুৱ সমাজ।

সঁচাকৈ যুৱ চাম ধোৱা তুলসীৰ পাত নহয়। সমগ্র বিশ্বতে প্রতিদিনে ঘটা হত্যা, ধর্ষণ, অপহৰণ আদি সাধাৰণ ঘটনাত পৰিণত হৈছে। প্ৰায়বোৰ ঘটনাতে যুৱ চামৰ একাংশ ঘনিষ্ঠভাৱে জড়িত। সংকোচবিহীনভাৱে কাৰোবাক হত্যা কৰাতো, কাৰোবাৰ অপকাৰ কৰাতো তেওঁলোকৰ বাবে সাধাৰণ কথা।

ক্ষমতা,সামাজিক স্থিতি আৰু পদমৰ্যদাৰ লোভত যুৱ চামে পাহৰি যায় মানুহ হোৱাৰ বাবে প্ৰয়োজনীয় নূন্যতম কৰণীয়খিনি। কাৰণ "টকা থাকিলেই সকলো দোষৰ পৰা মুক্ত"- এয়া হৈছে একাংশ যুৱ সমাজৰ মানসিকতা।

কিন্তু এনে ধৰণৰ মানসিকতা সৃষ্টিৰ আঁৰত কোন সেই কথা এবাৰ চিন্তা কৰিছেনে?

যৌৱনৰ বা গাত লাগি পমুৱা তুলাৰ দৰে উৰি ফুৰিবৰ মন যুৱ সমাজৰ বা যৌৱনৰ মাদকতা আৰু কৌতুহলী মনক যুৱ সমাজে সঠিক দিশত, গঠনাত্মকভাৱে ব্যৱহাৰ কৰিব পৰা নাই অথবা নৈতিক অধঃপতন হৈছে যুৱ চামৰ বুলি সমালোচনা কৰা সকলে কিয় এনে হৈছে বুলি কেতিয়াবা বাৰু আত্ম সমালোচনা কৰি চাইছে নে?

পৃথিৱীৰ প্ৰায়বোৰ দেশতে ৰাজনৈতিক নেতা সমূহে যুৱ সমাজক নানান বাণী শুনাই লুভীয়া কৰি নিজৰ ক্ষমতাৰে ধৰি ৰখাৰ চেষ্টা কৰি আহিছে। কাৰণ যুৱ সমাজৰ উন্নতি ঘটিলে ৰাজনৈতিক নেতাৰ সান্দহ খোৱা বাটতো বন্ধ হৈ যাব। গতিকে যুৱ সমাজৰ উন্নতিৰ কথা চিন্তা কৰাটো পর্বতত কাছ কণী বিচৰাৰ দৰে একেই কথা। এটা সাধাৰণ উদাহৰণেৰে কথাখিনি বুজাবলৈ চেষ্টা কৰিছো-

১৯৮৫ চনটো আন্তঃৰাষ্ট্রীয় যুৱ বর্ষ হিচাপে পালন কৰা হয় বুলি আপুনি জানেনে? হয়তো নাজানে আৰু নজনাতো স্বাভাৱিক। কাৰণ ভাৰতৰ উক্ত যুৱবর্ষটোৰ বাবে যিসমূহ প্রস্তাৱ গৃহীত হৈছিল তাৰ পৰা কিবা সুফল পোৱা বুলি বর্তমানৰ অৱস্থাই ভাবিবলৈ নিদিয়ে।

১৯৬১ চনৰ পৰা ১৯৮০ চনলৈ পূৰ্বৰ তুলনাত যুৱক-যুৱতীৰ সংখ্যা শতকৰা ৬৭ ভাগ বৃদ্ধি পাইছিল। সেই পৰিসংখ্যাক অগ্ৰাধিকাৰ দি ১৯৭৯ চনৰ ১৭ ডিচেম্বৰত ৰাষ্ট্রসংঘই ৩৪/১৫১ নং প্ৰস্তাৱ অনুসৰি ১৯৮৫ চনটো আন্তঃৰাষ্ট্রীয় যুৱ বর্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়। যুৱ বর্ষৰ বাবে গ্রহণ কৰা প্রস্তাৱ সমূহ আছিল এনেধৰণৰ -

"সামাজিক আৰু অর্থনৈতিক বিকাশৰ অবিচ্ছেদ্য অংগ হিচাপে যুৱ সমাজৰ লগত সম্পর্ক উন্নীত কৰা"

"নিবনুৱা সমস্যা, শিক্ষাৰ অভাৱ, দৰিদ্ৰতা, সামাজিক বৰ্জনকে ধৰি বিশ্বজুৰি যুৱক-যুৱতীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা" 

"যুৱক-যুৱতীসকলে সমাজলৈ আগবঢ়োৱা ইতিবাচক অৱদানক স্বীকৃতি দিয়া, তেওঁলোকৰ সামাজিক পৰিৱৰ্তন আৰু উন্নয়নক আগুৱাই নিয়াৰ সম্ভাৱনাক স্বীকৃতি দি সবলীকৰণ কৰা"

"স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো প্ৰক্ৰিয়াত যুৱক-যুৱতীসকলক অংশগ্ৰহণক উৎসাহিত কৰা লগতে পাৰস্পৰিক শ্ৰদ্ধা আৰু মানুহে মানুহক বুজাৰ আদর্শ সম্প্রসাৰিত কৰা"

"যুৱ সমাজৰ সমস্যাবোৰ বিচাৰ কৰোঁতে বা হাতত লওঁতে সকলো পর্যায়তে সহযোগিতা বৃদ্ধি কৰা"- এই প্রস্তাৱ সমূহ কাৰ্য্যকৰী কৰিবৰ কাৰণে কি পদক্ষেপ হাতত লোৱা হ’ল? প্রকৃততে এই আঁচনিখন কিমান কাৰ্যকৰী হ'ল সেয়া বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন।

তাহানিৰ পৰা আজি পৰ্যন্ত গৃহীত প্ৰস্তাৱ সমূহৰ বিপৰীতে পৰিচালনা কৰা হৈছে যুৱ চামক। কাৰণ আজি যদি আমি ভাৰতলৈ চাঁও তেন্তে যুৱ সমাজৰ মাজত সজাগতা সৃষ্টি কৰা বহু দূৰৰ কথা, যি সময়ত যুৱ সমাজক একতাৰ ডোলেৰে বান্ধি ৰখাৰ চেষ্টা হাতত লব লাগিছিল সেই সময়ত জাত-পাত-ধর্ম আদিৰ কথা কৈ বিভেদৰ সৃষ্টি কৰাত ব্যস্ত ৰাজনৈতিক নেতা সকল। 

"টকা-পইচাৰ আগত শিক্ষা, জ্ঞানৰ আদৰ নিচেই সামান্য, ধন থাকিলেই মান-সন্মান সকলোবোৰ পাব পাৰি, শিক্ষা অৰ্জনৰ কষ্টকৰ দীঘলীয়া বাট বাছি লোৱাতকৈ সহজ অর্থ উপাৰ্জনৰ বাট বাচি লোৱাই বেছি সুবিধাজনক"- এনেধৰণৰ কথা প্ৰতিটো ক্ষণতে অনুভৱ কৰি আহিছে যুৱ চামে। 

আজিৰ সময়ছোৱাত একাংশ যুৱক-যুৱতীয়ে কৰা কিছু কিছু আচৰণ নিশ্চয় গ্ৰহণযোগ্য নহয়। কিন্তু এনে আচৰণৰ বাবে যুৱ সম্প্রদায়ক কটূ সমালোচনা কৰি মানসিক সন্তুষ্টি লাভ কৰাতকৈ অভিভাৱক,তথাকথিত বুদ্ধিজীৱি,সমাজ তথা ৰাজনৈতিক নেতা সকলেও আত্ম সমালোচনাত গুৰুত্ব দিয়া উচিত...

chayanika saikia যুৱ চাম