পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে যে ৰাইজ আমাৰ সৈতে আছেঃ মুখ্যমন্ত্ৰী...

পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ফলাফল ১২মে, সোমবাৰে দুপৰীয়া ভাগতহে ওলাব বুলি ধাৰণা কৰা হৈছে। কিয়নো বেলট কাগজত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ভোটগণনা এতিয়াও অব্যাহত আছে। এই ভোটগণনালৈ চাই এই নিৰ্বাচনৰ ফলাফল সোমবাৰে দুপৰীয়া ভাগতহে ওলাব বুলি প্ৰায় স্পষ্ট হৈছে।

author-image
Asomiya Pratidin
New Update
341272d9-fbfc-4cf1-9843-a0f0c52ec720

ডিজিটেল ডেস্কঃ  পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ফলাফল ১২মে, সোমবাৰে দুপৰীয়া ভাগতহে ওলাব বুলি ধাৰণা কৰা হৈছে। কিয়নো বেলট কাগজত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ভোটগণনা এতিয়াও অব্যাহত আছে। এই ভোটগণনালৈ চাই এই নিৰ্বাচনৰ ফলাফল সোমবাৰে দুপৰীয়া ভাগতহে ওলাব বুলি প্ৰায় স্পষ্ট হৈছে।

Advertisment

এতিয়ালৈ চলা ভোটগণনা অনুসৰি, ৩৯৭টা জিলা পৰিষদৰ আসনত ১৭০টাৰো অধিকত আগবাঢ়ি আছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। আনফালে কংগ্ৰেছৰ ১৫গৰাকী, এ আই ইউ ডি এফৰ ৫গৰাকী, আৰু নিৰ্দলীয়ই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। 

আনহাতে পঞ্চায়তৰ আঞ্চলিক সদস্যৰ ২১৯২খন আসনৰ ভিতৰত প্ৰায় ৫৫১খন আসনত আগবাঢ়ি আছে বিজেপি মিত্ৰজোঁট। ইয়াৰ বিপৰীতে কংগ্ৰেছ ১৫খনত, এ আই ইউ ডি এফ ৯খন আৰু নিৰ্দলীয় ৫খনকৈ আসনত আগবাঢ়ি আছে।

ইফালে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফল দেখি মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে দলীয় সকলো নেতা-কৰ্মীক। এই নিৰ্বাচনৰ ফলাফল অভূৰ্তপূৰ্ব আখ্যা দি তেওঁ কয়- প্ৰত্যোকটো বিজয় অহংকাৰ নহয় সমৰ্পণেৰে আকোৱালি লব লাগে। পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ এইবাৰৰ বিজয় এক ইতিহাস।

আনহাতে যোৰহাটৰ ফলাফলৰ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- যোৰহাটত বিজয়েৰে অহংকাৰী হোৱা কংগ্ৰেছৰ যোৰহাটৰ পৰাই পতন হ'ল ।'যোৰহাটৰ ৰাইজৰ আশীৰ্বাদ বিজেপিৰ লগত আছে'ভোটদানেৰে ৰাইজে প্ৰমাণ কৰিলে। ৰাফেল, S-400ৰ বিৰোধিতা কৰা সাংসদ গৌৰৱ গগৈয়ে প্ৰচাৰ কৰিলে CONGৰ ক্ষতিহে হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

 

ড০ হিমন্ত বিশ্ব শৰ্মা