/asomiyapratidin/media/media_files/2025/03/29/eplPWuq97DhdryfvyWTd.jpg)
ডিজিটেল ডেস্ক: কিছুমান ব্যক্তিয়ে যাত্ৰাৰ সময়ত বহু স্বাস্থ্য সমস্যাত ভোগে। ওকালি অহা, বমি, মুৰৰ বিষ, মনটো গধুৰ বা পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাব নোৱাৰা আদি এই সমস্যাবোৰৰ ভিতৰত অন্যতম। ইয়াক ‘ম’শ্যন ছিকনেছ’ বুলি কোৱা হয়। ই কোনো ৰোগ নহয়, স্নায়ুতন্ত্ৰই ভালদৰে কাম নকৰাৰ ফলতহে এই স্বাস্থ্য সমস্যাই দেখা দিয়ে।
‘ম’শ্যন ছিকনেছ’ ৰোগ নহয়
‘ম’শ্যন ছিকনেছ’ক বহুতেই গুৰুতৰ ৰোগ বুলি ভাবি লয়। কিন্তু প্ৰকৃততে ই কোনো ৰোগ নহয়। ‘ম’শ্যন ছিকনেছ’ হৈছে এটা সাধাৰণ অৱস্থা, যিটো গতিশীল অৱস্থাত, যেনে বাহনত উঠি বহি থকাৰ সময়ত হয়। যেতিয়া আপোনাৰ চকু, ভিতৰৰ কাণ আৰু শৰীৰে আপোনাৰ মগজুলৈ বিৰোধী বাৰ্তা প্ৰেৰণ কৰে, তেতিয়া এনেকুৱা হয়।
‘ম’শ্যন ছিকনেছ’ৰ সৈতে মোকাবিলা কৰাৰ কৌশল
যদি ‘ম’শ্যন ছিকনেছ’ অনুভৱ কৰে, আপুনি ভাল অনুভৱ কৰিবলৈ কেইটামান কৌশল অৱলম্বন কৰিব পাৰে। প্ৰথমতে, আপুনি আন কিবা বিষয়ত মন দি এই স্বাস্থ্য অৱস্থাক আওকান কৰিবলৈ চেষ্টা কৰিব। উদাহৰণ স্বৰূপে, যদি আপুনি নাও এখনত আছে, তীৰ বা দিগন্তত মনোযোগ দিব। গাড়ীত থাকিলে গাড়ীৰ সন্মুখৰ চিটলৈ গৈ খিৰিকীৰে বাহিৰলৈ চাব। আনহাতে, ঘৰুৱা উপায় অৱলম্বন কৰিও আপুনি এই স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰিব পাৰি।
‘ম’শ্যন ছিকনেছ’ৰ ঘৰুৱা প্ৰতিকাৰ
- যদি যাত্ৰাৰ সময়ত বমিৰ ভাৱ আহে, মুখত আদাৰ টুকুৰা এটা ৰাখিব।
- যেতিয়াই আপুনি বাছ বা গাড়ীৰে ভ্ৰমণ কৰে, লগত পুদিনা ৰাখিব।
-নেমুয়ে বমি আৰু ওকালি অহাৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে। যাত্ৰাৰ পূৰ্বে ১ কাপ গৰম পানীত ১টা নেমুৰ ৰস আৰু নিমখ মিহলি কৰি ইয়াক যাত্ৰাৰ পূৰ্বে খাব।
-ভ্ৰমণ কৰোতে কিতাপ পঢ়া বা ম'বাইল ব্যৱহাৰৰ পৰা আঁতৰি থাকিব।
বি.দ্ৰ: এই লেখাটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিত লেখা হৈছে। যিকোনো স্বাস্থ্য সমস্যাৰ বাবে প্ৰথমে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us