/asomiyapratidin/media/media_files/2025/03/14/wQ6w6ZtCNbGxvt1uzCOP.png)
ডিজিটেল ডেস্ক: অৱশেষত অপেক্ষাৰ অন্ত পৰিল ! আজি বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ ৬০ বছৰীয়া জন্মদিন। অভিনেতাজনে জন্মদিনৰ প্ৰাকক্ষণত তেওঁৰ নতুন প্ৰেয়সীক আনুষ্ঠানিকভাৱে সকলোৰে আগত চিনাকি কৰাই দিয়ে। হয়, বৃহস্পতিবাৰে মুম্বাইৰ এখন হোটেলত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত সাংবাদিকক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে। এই অনুষ্ঠানতে অভিনেতাজনে সকলোকে চিনাকি কৰাই দিয়ে তেওঁৰ ‘সঙ্গী’ তথা প্ৰেমিকা গৌৰীক।
এই অনুষ্ঠানত আমিৰ আৰু গৌৰীয়েএকেলগে বহি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে প্ৰকাশ কৰা মতে, ২৫ বছৰ আগতে তেওঁলোকে দুয়োয়ে দুয়োক প্ৰথমবাৰৰ বাবে লগ পাইছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ সংযোগ বিছিন্ন হৈছিল। আনহাতে, আমিৰ খানে স্পষ্ট কৰা মতে, তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হোৱাৰ ইতিমধ্যে ১৮ সম্পূৰ্ণ হৈছে।
গৌৰীৰ বাবে নিৰাপত্তা
অভিনেতাজনে লগতে কয় যে, গৌৰীক শ্ব’বিজৰ ‘উন্মাদ জগত’ৰ বাবে প্ৰস্তুত কৰাৰ চেষ্টা কৰিছে। আনকি তেওঁৰ ‘ব্যক্তিগত মানসিক শান্তি’ৰ বাবে গৌৰীৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীও নিয়োগ কৰিছে। তেওঁৰ ল’ৰা-ছোৱালী আৰু পৰিয়ালে গৌৰীক ইতিমধ্যে লগ পাইছে। আমিৰে ২০০১ চনৰ হিট গীত ‘লাগান’ৰ কথা উল্লেখ কৰি কয়, ‘ভুৱন কো উস্কি গৌৰী মিল হি গয়’। আমিৰৰ প্ৰেয়সী গৌৰীয়ে বাংগালুৰুত বাস কৰিছিল। তেওঁ ইতিমধ্যে বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁৰ এটা ছবছৰীয়া পুত্ৰ সন্তান আছে।
উল্লেখ্য যে, ১৯৮৬ চনত পৰিয়ালৰ সমৰ্থন অবিহনে আমিৰ খানে ৰীনা দত্তৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। আমিৰ আৰু ৰীনাৰ দুটি সন্তানো আছে। তেওঁলোকৰ নাম জুনেইদ খান আৰু ইৰা খান। তেওঁলোক প্ৰায় ১৬ বছৰ ধৰি একেলগে আছিল। ইয়াৰ পাছতে আমিৰে তেওঁৰ কেৰিয়াৰৰ অন্যতম সফল ছবি 'লগন'ৰ দৃশ্যগ্ৰহণৰ সময়ছোৱাত কিৰণ ৰাওক লগ পাইছিল। পৰৱৰ্তী সময়ত আমিৰে ৰীনাক বিবাহ বিচ্ছেদ দি কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আবদ্ধ যদিও তেওঁলোক দুয়োৰো বিচ্ছেদ ঘটে।
Also Read: প্ৰেম নাথাকিলেও চিৰদিন বন্ধু হৈ থকাৰ প্ৰতিশ্ৰুতি দিলে তামান্নাই