/asomiyapratidin/media/media_files/2025/06/16/29nzj7XVURbH70fZcaM5.png)
ডিজিটেল ডেস্ক: আজিৰ এই ইণ্টাৰনেটৰ যুগত মিনিটে মিনিটে ভাইৰেল হোৱা ফটো, ভিডিঅ’বোৰে আমাৰ মনত বাৰুকৈয়ে প্ৰভাৱ পেলায়। কিছুমানে বিভিন্ন কাৰণত অন্তৰত আঘাত দিয়ে যদিও আন কিছুমান ভাইৰেল ফটো, ভিডিঅ’য়ে আমাৰ মন ভৰাই তোলে। এনে ফটো-ভিডিঅৰ জৰিয়তে সমাজে লাভ কৰে বিশেষ বাৰ্তা। শেহতীয়াকৈও এনে এটা ভাইৰেল ভিডিঅয়ে সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই ভিডিঅটোত এটা পৰিয়ালৰ আনন্দ, আৱেগ আৰু উদযাপনেৰে ভৰা মুহূৰ্তবোৰ বন্দী হৈ আছে। হয়, এই পৰিয়ালটোত ৫৬ বছৰৰ পিছত জন্ম হৈছে এগৰাকী কন্যা। এই কণমাণি ‘লক্ষ্মী’ক আদৰাৰ ভিডিঅ’টোয়ে এতিয়া সকলোৰে মনক তৃপ্তি দিছে।
এই ভিডিঅ’টোত দেখা মতে, গুলপীয়া বেলুনৰে সজোৱা গাড়ীৰ কনভয়ৰ জৰিয়তে এই শিশুটোক হাস্পতালৰ পৰা ঘৰলৈ অনা হৈছে। শিশুটিৰ ঘৰৰ সন্মুখৰ পথটো আতচবাজীৰে পোহৰাই তোলা হৈছে। খুব আকৰ্ষণীয়কৈ সজোৱা হৈছে ঘৰখনো। পদূলিৰ পৰা শোৱনি কোঠালৈকে সকলো সজোৱা হৈছে গুলপীয়া ৰঙৰ ফুল আৰু বেলুনৰে। ড॰ চাহাত্ৰৱাল নাম ইনষ্টাগ্ৰাম প্ৰফাইলটোৰ পৰা আপল’ড কৰা হৈছে। ভিডিঅ’টোৰ কেপশ্যনত লেখা আছে, ‘আমি ধন্য। ৫৬ বছৰৰ পিছত আমাৰ ঘৰলৈ লক্ষ্মীৰ আগমণ হৈছে।’
ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া
দিল্লীত চিত্ৰগ্ৰহণ কৰা বুলি ধাৰণা কৰা এই হৃদয়স্পৰ্শী ভিডিঅ’টো দেখি বহু ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে আৱেগিক হৈ বিভিন্ন মন্তব্য কৰিছে। এগৰাকীয়ে লেখিছে, ‘সকলোয়ে পুত্ৰ সন্তান বিচাৰি হাবাথুৰি খোৱাৰ দিনত এই ভিডিঅ’টো দেখি মন ভৰিছে। কণমানিজনীক ভগৱানে ভালে ৰাখক।’ আন এজনে আকৌ ‘প্ৰতিগৰাকী কন্যা সন্তানেই এনে আদৰণি পোৱাৰ যোগ্য, কিন্তু সকলোৰে ভাগ্য এনে নহয়’ বুলি মন্তব্য কৰিছে। আনহাতে, অধিকাংশ ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে কন্যা সন্তানটিৰ দীৰ্ঘায়ু কামনা কৰি তেওঁলোকৰ পৰিয়ালটোৰ এই পদক্ষেপক প্ৰশংসা কৰিছে।