ৰক্তচাপৰ পৰা ওজন নিয়ন্ত্ৰণলৈ, সকলোখিনি কৰিব পাৰে এই কাপ বিশেষ চাহে

বেছিভাগ লোকৰ ৰাতিপুৱা চাহ খোৱাৰ অভ্যাস থাকে। কিন্তু ৰাতিপুৱাই গাখীৰ চাহ খালে আমাৰ স্বাস্থ্যৰ বহু ক্ষতি কৰে। ইয়াৰ সলনি আপুনি পুৱা আমলা চাহ অৰ্থাৎ আমলখিৰে তৈয়াৰ কৰা চাহ খোৱাৰ অভ্যাস কৰক।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
ৰাতিপুৱাৰ চাহ

ডিজিটেল ডেস্ক: বেছিভাগ লোকৰ ৰাতিপুৱা চাহ খোৱাৰ অভ্যাস থাকে। কিন্তু ৰাতিপুৱাই গাখীৰ চাহ খালে আমাৰ স্বাস্থ্যৰ বহু ক্ষতি কৰে। ইয়াৰ সলনি আপুনি পুৱা আমলা চাহ অৰ্থাৎ আমলখিৰে তৈয়াৰ কৰা চাহ খোৱাৰ অভ্যাস কৰক। ই কেৱল সুস্বাদুয়েই নহয়, স্বাস্থ্যৰ পক্ষেও যথেষ্ট উপযোগী। এই চাহ কাপে আপোনাৰ ওজন হ্ৰাস কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। আজিৰ জীৱনশৈলীৰ বাবে মানুহৰ শৰীৰত যথেষ্ট চৰ্বি আৰু কেলৰি জমা হয়, এই সমূহ নাইকিয়া তথা নিয়ন্ত্ৰণৰ বাবেও আমলা চাহ অতি উপকাৰী। আজি এই বিশেষ চাহৰ গুণাগুণৰ বিষয়ে জানো আহক-

Advertisment

শৰীৰক কৰে ‘ডিটক্স’

আমলা চাহে শৰীৰক ‘ডিটক্স’ কৰে। আমলখিত যথেষ্ট পৰিমাণে ভিটামিন চি, এণ্টিঅক্সিডেণ্ট, পলিফেনল, আইৰণ আৰু বহুতো খনিজ থাকে, যিয়ে আমাক স্বাস্থ্যৱান কৰি ৰাখে। শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে যে, আমলখিত থকা এণ্টিঅক্সিডেণ্ট উপাদানবোৰে শৰীৰত সঞ্চিত বিষাক্ত উপাদানবোৰ বাহিৰ কৰে, যাৰ ফলত দ্ৰুতগতিত ওজন হ্ৰাস হয়। ই কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যাও দূৰ কৰে।

দূৰ কৰে ছালৰ সমস্যা 

আমলা চাহে শৰীৰত সঞ্চিত বিষাক্ত উপাদানবোৰ বাহিৰ কৰে।ইয়াৰ ফলত আমাৰ তেজ পৰিষ্কাৰ হয়। আমলখিত পোৱা  ভিটামিন চিয়ে ছাল সম্পৰ্কীয় সকলো সমস্যা আঁতৰ কৰাত সহায় কৰে। যাৰ ফলত ছালখন স্বাস্থ্যৱান হোৱাৰ লগতে উজ্জ্বল হৈ থাকে।

ভোক নিয়ন্ত্ৰক

যদি আপোনাৰ বেছিকৈ ভোক লাগি থাকে, আমলা চাহ খাব। আমলখিত আঁহ থাকে, যি পাচন তন্ত্ৰ স্বাস্থ্যৱান ৰাখে আৰু দীঘলীয়া সময়ৰ বাবে ভোক দূৰ কৰে। যাৰ ফলত আপুনি অত্যাধিক খোৱাৰ পৰা দূৰত থাকিব পাৰে।

নিয়ন্ত্ৰণ কৰে ৰক্ত শৰ্কৰা 

আমলখিৰ ডায়েবেটিচ ৰোধী গুণাগুণ আছে, যি ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে। সেয়েহে ডায়েবেটিচ থকা ৰোগীসকলে আমলখি চাহ খাব লাগে।

বৃদ্ধি হয় বিপাক 

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ভাল বিপাক হোৱাটো গুৰুত্বপূৰ্ণ। আমলখিৰ নিয়মীয়া সেৱনে শৰীৰৰ বিপাক বৃদ্ধি কৰে।

কেনেদৰে তৈয়াৰ কৰিব আমলা চাহ 

সামগ্ৰীসমূহ

পানী ২ কাপ

আমলখি পাউডাৰ

ডালচেনি

আদা

লং

জালুক

প্ৰথমে ২ কাপ পানী ভালদৰে উতলাই লৈ তাত আমলখি গুৰি, ডালচেনি, আদা, লং আৰু জালুক দিব। যেতিয়া চাহ ভালদৰে উতলে, চালনী এখনৰ সহায়ত ফিল্টাৰ কৰিব। ইয়াৰ পাছত তাত মৌ যোগ দিব। আপোনাৰ আমলা চাহ সাজু।

Also Read: পৰিৱৰ্তনশীল বতৰৰ বাবে শিশুটিৰ কাহ হৈছে নেকি ?