/asomiyapratidin/media/media_files/2025/06/13/BJagqv9Wk1sACfPw2Jln.jpg)
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত পোহৰলৈ আহিছে কেবাটাও হৃদয় বিদাৰক ঘটনা। প্ৰতিগৰাকী ভুক্তভোগীৰ কাহিনীয়ে মৰ্মাহত কৰিছে দেশবাসীক। বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰাজস্থানৰ বনস্বৰাৰ চিকিৎসক দম্পতী তথা তেওঁলোকৰ তিনি সন্তানে।
চিকিৎসক প্ৰতীক যোশী, পত্নী ডা০ কনি ব্যাস আৰু তিনিটা সন্তানৰে কালি অভিশপ্ত বিমানখনতে লণ্ডনলৈ বুলি ৰাওনা হৈছিল, যদিও এই যাত্ৰা যে তেওঁলোকৰ জীৱনৰ শেষ যাত্ৰা হ’ব সেই কথা তেওঁলোকে কাহানিও কল্পনা কৰা নাছিল।
উল্লেখ্য যে, বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ডা০ কনি ব্যাস উদয়পুৰৰ পেচিফিক হাস্পতালত কৰ্মৰত আছিল। তেওঁ সন্তান প্ৰদ্যুত যোশী, মীৰয়া যোশী আৰু নকুল যোশীৰ সৈতে বাস কৰিছিল। আনহাতে ডা০ কনিৰ স্বামী প্ৰতীক যোশী লণ্ডনত চিকিৎসক আছিল।
সেয়ে স্বামীৰ সৈতে লণ্ডনত একেলগে বাস কৰা উদ্দেশ্যে যোৱা মাহত চিকিৎসালয়ৰ পৰা পদত্যাগ কৰিছিল কনিয়ে। বৃহস্পতিবাৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনত উঠি স্বামী প্ৰতীক আৰু তিনিটা সন্তানৰ সৈতে লণ্ডন অভিমুখে ৰাওনা হয় যদিও এই দুৰ্ভাগ্যজনক ঘটনাত পৰিয়ালটোৱে প্ৰাণ হেৰুৱায়।
বিমান দুৰ্ঘটনাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পৰিয়ালটোৰ শেষ চেলফিখন। ফ'টোখনৰ পৰা তিনিওটা সন্তানকে পিতৃ-মাতৃৰ সৈতে বৰ সুখী যেন লাগিছিল। দুৰ্ঘটনাৰ পূৰ্বে ডাক্তৰ প্ৰতীক যোশী আৰু কনি যোশীয়ে তেওঁলোকৰ সমগ্ৰ পৰিয়ালৰ চেলফি তুলিছিল, যিখন তেওঁলোকৰ জীৱনৰ শেষ ছবি হৈ ৰ'ল।