/asomiyapratidin/media/media_files/2025/12/19/htgjfgmjhfkm-2025-12-19-12-41-39.jpg)
ডিজিটেল ডেস্ক: ফল আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংশ। ফলত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, আঁহ আৰু প্ৰকৃতিক শৰ্কৰা থাকে। কিন্তু ফল বেছিদিনলৈ সতেজ হৈ নাথাকে, সোনকালে নষ্ট হৈ যায়। অৱশ্যে কিছুমান উপায় অৱলম্বন কৰি সেই ফল সংৰক্ষণ অৰ্থাৎ দীৰ্ঘদিনলৈ স্বাস্থ্যসন্মত কৰি ৰাখিব পাৰি।
ফল সংৰক্ষণৰ গুৰুত্ব
ফল সংৰক্ষণৰ মূল উদ্দেশ্য হৈছে ফলৰ পুষ্টিগুণ অটুট ৰাখি দীঘলীয়া সময়লৈ ব্যৱহাৰৰ যোগ্য কৰ ৰখা।সংৰক্ষণ পদ্ধতিৰ জৰিয়তে সকলো ঋতুৰ ফল বছৰজুৰি ব্যৱহাৰ কৰিব পাৰি আৰু খাদ্যৰ অপচয় কমে।
ফল সংৰক্ষণৰ পদ্ধতি
শুকুৱাই সংৰক্ষণ
শিলিখা, বগৰী, আমলখি, আম, কঁঠাল, কলকে ধৰি বহু ফল চোকা ৰদত শুকুৱাই দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰিব পাৰি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/images-3-2025-12-19-12-21-24.jpg)
ফ্ৰীজিং পদ্ধতি
আপেল, আঙুৰ, ষ্ট্ৰবেৰী, কিৱি আদি ফল ফ্ৰীজত সংৰক্ষণ কৰিলে পুষ্টিগুণ বৰ্তি থাকে। অৱশ্যে, এইসমূহো বেছিতকৈ বেছি এক মাহ মানহে ফ্ৰীজত ৰাখিব পাৰি।
চেনি বা নিমখ ব্যৱহাৰ
চেনি অথবা নিমখত কিছুমান ফল দি থ'লে সেইসমূহ ফল দীৰ্ঘদিনলৈ খাদ্যৰ উপযোগী হৈ থাকে। চেনি-নিমখত অলপ ভিনেগাৰ দিলে আপুনি আৰু সুফল লাভ কৰিব পাৰে।
আচাৰ, জেম আৰু জেলি প্ৰস্তুত
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/images-4-2025-12-19-12-22-29.jpg)
ফল সংৰক্ষণ এক অতি প্ৰচলিত তথা ৰুচিকৰ উপায় হৈছে আচাৰ, জেম আৰু জেলি প্ৰস্তুতকৰণ। অধিকাংশ ফলৰে আচাৰ, জেম , জেলি প্ৰস্তুত কৰিব পাৰি। কিছুমান পাচলিৰেও পাৰি। অসমত জলবায়ুত হোৱা আচাৰৰ উপযোগী ফলসমূহ হৈছে
আম- কেচা আমৰ আচাৰে হজম শক্তি বঢ়ায়।
নেমু- নেমু ভিটামিন চি সমৃদ্ধ, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
আমলখি- আমলখি আয়ুৰ্বেদিক গুণৰে ভৰপুৰ। আমলখি ৰক্ত শোধক।
কঁঠাল- কেঁচা কঁঠালৰ আচাৰ পুষ্টিদায়ক।
বেল- আঁহযুক্ত বেলে পেটৰ সমস্যা দূৰ কৰে।
জলফাই- হৃদযন্ত্ৰৰ বাবে উপকাৰী।
আচাৰ তৈয়াৰ তথা সংৰক্ষণত মন কৰিবলগীয়া দিশসমূহ
- ৰাসায়নিক সংৰক্ষক এৰাই চলিব।
- আচাৰ সংৰক্ষণ কৰিবলৈ কাঁচৰ পাত্ৰ আৰু আচাৰ পাত্ৰৰ পৰা আচাৰ উলিয়াবলৈ শুকান চামুহ ব্যৱহাৰ কৰিব।
- আচাৰত অত্যধিক তেল আৰু নিমখ দি খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক।
- আচাৰ থোৱা পাত্ৰটো চাফা হোৱাটো খুব দৰকাৰী।
উল্লেখ্য যে, ফল সংৰক্ষণ আৰু স্বাস্থ্যসন্মত আচাৰ প্ৰস্তুতি পুষ্টিকৰ খাদ্যৰ যোগান আৰু স্বাৱলম্বনৰ পথ মুকলি কৰিব পাৰি। পৰম্পৰাগত জ্ঞান আৰু আধুনিক পদ্ধতিৰ সমন্বয় ঘটাই সহজেই স্বাস্থ্যসন্মত আচাৰ প্ৰস্তুত কৰি সুস্থ জীৱন যাপন কৰিব পাৰো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us