ঠাণ্ডা দিনত শিশুৰ নাকৰ সমস্যাৰ পৰা সমাধান পোৱাৰ সহজ উপায়কেইটা জানি লওঁক

শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল। যাৰ ফলত তেওঁলোক কাহ, চৰ্দি আদি ৰোগত খুব সোনকালে আক্ৰান্ত হয়। যেতিয়া শিশুৰ চৰ্দি হয়, তেওঁলোকৰ নাকৰ পৰা অহৰহ পানী ওলাই থকাৰ সমান্তৰালকৈ নাকটো ৰঙা হৈ পৰে। এনে হোৱাৰ ফলত শিশুৰ উশাহ লোৱাত সমস্যা হয় আৰু তেওঁলোকে মুখৰে উশাহ ল'বলগীয়া হয়।কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে, শিশু তথা নৱজাতকক এনে সমস্যাৰ বাবে কোনো ঔষধ দিয়া উচিত নহয়।অৱশ্যে কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰি শিশুৰ নাক বৈ থকা সমস্যাৰ পৰা তেওঁলোকক সকাহ দিব পাৰে।

author-image
Asomiya Pratidin
New Update
ঠাণ্ডা দিনত শিশুৰ নাকৰ সমস্যাৰ পৰা সমাধান পোৱাৰ সহজ উপায়কেইটা জানি লওঁক

ডিজিটেল ডেস্ক: শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল। যাৰ ফলত তেওঁলোক কাহ, চৰ্দি আদি ৰোগত খুব সোনকালে আক্ৰান্ত হয়। যেতিয়া শিশুৰ চৰ্দি হয়, তেওঁলোকৰ নাকৰ পৰা অহৰহ পানী ওলাই থকাৰ সমান্তৰালকৈ নাকটো ৰঙা হৈ পৰে। এনে হোৱাৰ ফলত শিশুৰ উশাহ লোৱাত সমস্যা হয় আৰু তেওঁলোকে মুখৰে উশাহ ল'বলগীয়া হয়।কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে, শিশু তথা নৱজাতকক এনে সমস্যাৰ বাবে কোনো ঔষধ দিয়া উচিত নহয়।অৱশ্যে কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰি শিশুৰ নাক বৈ থকা সমস্যাৰ পৰা তেওঁলোকক সকাহ দিব পাৰে।আজি এই ঘৰুৱা প্ৰতিকাৰসমূহৰ বিষয়ে জানো আহক-

Advertisment

আদা 

শিশুৰ নাকৰ পৰা পানী ওলোৱা প্ৰতিহত কৰাৰ বাবে আদা অত্যন্ত উপকাৰী।আদাত এণ্টিবেক্টেৰিয়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ আছে।আদায়ে শৰীৰক উষ্ণতা প্ৰদান কৰি নাক বৈ থকা আৰু ঠাণ্ডা লগাৰ সমস্যাৰ পৰা সকাহ দিব পাৰে।ইয়াৰ বাবে এক চামুচ আদাৰ ৰসত মৌ মিহলি কৰি আপুনি এই মিশ্ৰণটো শিশুটোক দিনত ২-৩ বাৰ দিব পাৰে।

জাঁইফল 

শিশুৰ নাকৰ পৰা পানী বৈ থকা সমস্যা প্ৰতিহত কৰাৰ ক্ষেত্ৰত জাইফল অতি উপকাৰী। অলপ গাখীৰত জাঁইফল দি উতলাই ঠাণ্ডা হোৱাৰ পিছত শিশুক খাবলৈ দিব।এনেদৰে খুৱালে শিশুটোয়ে এই সমস্যাৰ পৰা অতি সোনকালে সকাহ পাব।অথবা এগিলাচ গাখীৰত এক চিমুটি জাঁইফল পাউডাৰ মিহলি কৰি উতলাই ঠাণ্ডা হ’লে শিশুটিক খাবলৈ দিব পাৰে।

সৰিয়হৰ তেল 

শিশুৰ নাকৰ পৰা পানী ওলোৱা সমস্যা দূৰ কৰাৰ বাবে সৰিয়হ তেল অতি উপকাৰী।সৰিয়হৰ তেলত ৫-৬ টা নহৰু থেতালি দি অলপ গৰম কৰি শিশুটোৰ ডিঙি, পিঠি, হাত আৰু ভৰিত মালিচ কৰিব। এনে কৰাৰ দ্বাৰা শিশুটোৰ বুকুত জমা হোৱা কফৰ পৰা খুব সোনকালে আৰাম পাব।

তুলসী পাত

শিশুৰ নাক বৈ থকা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি তুলসী পাত ব্যৱহাৰ কৰিব পাৰে। তুলসী পাতত থকা এণ্টিবেক্টেৰিয়েল গুণাগুণবোৰে চৰ্দি আৰু নাকৰ পৰা পানী ওলোৱা সমস্যা দূৰ কৰাত সহায় কৰে। ইয়াৰ বাবে তুলসীৰ পাতৰ সৈতে মৌ বা গুড় মিহলি কৰক আৰু শিশুটোক দিনত ১-২ বাৰ খাবলৈ দিব।

নাৰিকল তেল, কফুৰ

নাৰিকল তেলত অলপ কফুৰ মিহলি কৰি ইয়াক অলপ গৰম কৰি শিশুৰ বুকু, ডিঙি আৰু পিঠিত প্ৰয়োগ কৰিব।ইয়াৰ পিছত লাহে লাহে মালিচ কৰক।এনে কৰাৰ পিছত ঠাণ্ডাৰ পৰা সকাহ পোৱাৰ লগতে নাক বৈ থকা সমস্যাৰ পৰাও পৰিত্ৰাণ পাব। 

Also Read: উচ্চ ৰক্তচাপ, চৰ্দি-কাহ, পাকস্থলী, হৃদযন্ত্ৰৰ লগতে বহু ৰোগৰ ঔষধ নহৰু