/asomiyapratidin/media/media_files/2025/12/17/new-ap-web-5-5-2025-12-17-13-20-49.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে মুকলি কৰা হ'ল বৰ্ডাৰ ২’ৰ টিজাৰ। পুনৰ বৰ্ডাৰত যুঁজ দিবলৈ সাজু হৈছে ছানী দেওল। বৰ্ডাৰ ২’ৰ টিজাৰে পুনৰবাৰ সজীৱ কৰি তুলিলে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ বীৰ জোৱানসকলৰ কাহিনী। ১৯৯৭ চনৰ ১৩ জুনত হিট বল্ক ব্লাষ্টাৰ বৰ্ডাৰ ছৱিখন ৰিলিছ কৰা হৈছিল।
উল্লেখ্য যে, মঙলবাৰে নিৰ্মাতাগোষ্ঠীয়ে ইনষ্টাগ্ৰামত 'বৰ্ডাৰ ২'ৰ টিজাৰ মুকলি কৰি কেপশ্যনত লিখে- বছৰৰ আটাইতকৈ প্ৰত্যাশিত টিজাৰ উপভোগ কৰক। টি ছিৰিজ আৰু জে পি ফিল্মছৰ প্ৰযোজনাত ‘বৰ্ডাৰ ২’ত পুনৰবাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছানী দেওলে। যাৰ অভিনয়ে চাবলৈ সকলো অপেক্ষাৰত। ইয়াৰ উপৰিও বৰুণ ধৱন, দিলজিৎ দোছাঞ্জ, আহান শ্বেট্টী, সোণম বাজৱা, মোনা সিং আৰু মেধা ৰাণাই অভিনয় কৰিছে এই বৰ্ডাৰ ২ ত। অনুৰাগ সিঙৰ পৰিচালনাত নিৰ্মিত ‘বৰ্ডাৰ ২০২৬ ৰ ২৩ জানুৱাৰীত মুক্তি লাভ কৰিব। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এই ছৱিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।
ইপিনে ছবিখনৰ টিজাৰটো মুক্তি লাভ কৰাৰ পাছত সকলোৱে এটা কথাই কৈছে সুন্দৰ হ'ব বৰ্ডাৰ ২। সকলোৱে এই ষ্টাইলত চানি দেউলক চাব বিচাৰিছিল। এই টিজাৰে কিমান ৰেকৰ্ড ভংগ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us