সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে, তেন্তে কেতিয়াও নকৰিব এই ৩টা ভুল

সকলো দম্পতীয়েই তেওঁলোকৰ সংগীৰ সৈতে অতি সুখৰে দিন পাৰ হোৱাটো কামনা কৰে।কিন্তু বহুসময়ত জ্ঞাতেই হওঁক বা অজ্ঞাতেই হওঁক, স্বামী-স্ত্ৰীয়ে কেতবোৰ ভুল কৰে আৰু যিয়ে তেওঁলোকৰ সম্পৰ্ক কলুষিত কৰে।এনে হোৱাৰ ফলত বহুতেই পুৰুষসকলক দোষাৰোপ কৰে যদিও ইয়াত মহিলাসকলৰো বহু দোষ থাকে।যাৰ বাবে তেওঁলোকে স্বামীৰ পৰা সন্মান লাভ নকৰে।

author-image
Asomiya Pratidin
New Update
সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে, তেন্তে কেতিয়াও নকৰিব এই ৩টা ভুল

ডিজিটেল ডেস্ক: কেৱল প্ৰেমেই নহয়, স্বামী-স্ত্ৰীৰ সম্পৰ্কত সন্মান আৰু বিশ্বাস থকাটোও খুবেই দৰকাৰী।ইয়াৰে এটাৰো যদি অভাৱ হয়, তেন্তে সেই সম্পৰ্ক সুখৰ নহয়।সকলো দম্পতীয়েই তেওঁলোকৰ সংগীৰ সৈতে অতি সুখৰে দিন পাৰ হোৱাটো কামনা কৰে।কিন্তু বহুসময়ত জ্ঞাতেই হওঁক বা অজ্ঞাতেই হওঁক, স্বামী-স্ত্ৰীয়ে  কেতবোৰ ভুল কৰে আৰু যিয়ে তেওঁলোকৰ সম্পৰ্ক কলুষিত কৰে।এনে হোৱাৰ ফলত বহুতেই পুৰুষসকলক দোষাৰোপ কৰে যদিও ইয়াত মহিলাসকলৰো বহু দোষ থাকে।যাৰ বাবে তেওঁলোকে স্বামীৰ পৰা সন্মান লাভ নকৰে।মহিলাসকলে স্বামীৰ পৰা সন্মান লাভ নকৰাৰ মূল তিনিটা কাৰণৰ বিষয়ে আজি জানো আহক-

Advertisment

স্বামীৰ পিতৃ-মাতৃৰ সৈতে বেয়া আচৰণ

যদি আপোনাৰ স্বামীয়ে আপোনাৰ পিতৃ-মাতৃৰ সৈতে ভাল ব্যৱহাৰ নকৰে, তেন্তে আপুনি নিশ্চিতভাৱে তেওঁৰ তেনে ব্যৱহাৰক সমৰ্থন নকৰিব।হয়তো ইয়াৰ প্ৰভাৱ সম্পৰ্কতো দেখা যাব। এনেদৰে  যেতিয়া আপুনি নিজে আপোনাৰ স্বামীৰ পিতৃ-মাতৃৰ সৈতে বেয়া আচৰণ কৰে, তেতিয়া আপোনাৰ এই আচৰণ স্বামীয়ে সহ্য নকৰিব আৰু আপোনাৰ প্ৰতি তেওঁৰ সন্মান দিনক-দিনে কমি আহিব।

টকাক লৈ অহংকাৰী

বহুসময়ত বিবাহিত দম্পতীৰ সম্পৰ্ক নষ্ট কৰে টকাই। যদি পত্নীয়ে স্বামীক তেওঁৰ স্থিতি আৰু উপাৰ্জনৰ বিষয়ে বাৰে কথা শুনাই থাকে, তেন্তে ই স্বামীৰ আত্মসন্মানক আঘাত কৰে আৰু তেওঁৰ চকুত পত্নীৰ সন্মান হ্ৰাস কৰে।

ধনী পৰিয়ালৰ জীয়ৰী

বহুসময়ত মহিলাসকলে তেওঁলোকৰ পিতৃ সম্পত্তিৰ তুলনা কৰি স্বামীক অৱনমিত কৰে।সঘনাই স্বামী ঘৰৰ ব্যক্তিৰ লগত নিজৰ ঘৰৰ লোকৰ তুলনা কৰি স্বামীক উপহাস কৰে।পুৰুষসকলে মহিলাৰ এনে আচৰণৰ তীব্ৰ বিৰোধিতা কৰে আৰু পুৰুষসকলৰ মনত স্ত্ৰীৰ প্ৰতি সন্মান নাইকিয়া হৈ পৰে।

Also Read: বিবাহিত জীৱনত অশান্তি হ’লে তুলসীৰ তলত কৰিব এই কাম