সৌন্দৰ্যচৰ্চাত ৰুটিয়ে পালন কৰে গুৰুতৰ ভূমিকা

সৌন্দৰ্যৰ প্ৰতি সকলো দুৰ্বল। বিশেষকৈ মহিলাসকল। মহিলাসকলে নিখুঁত তথা উজ্জ্বল ছাল লাভ কৰিবলৈ বহু ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰে। ছালখনক আকৰ্ষণীয় কৰি ৰাখিবলৈ মহিলাসকলে বেছনৰ পৰা মুলতানি মাটিলৈকে বহু সামগ্ৰীৰ ‘ফেচ পেক’ তৈয়াৰ কৰি ছালত প্ৰয়োগ কৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
ৰুটি

ডিজিটেল ডেস্ক: সৌন্দৰ্যৰ প্ৰতি সকলো দুৰ্বল। বিশেষকৈ মহিলাসকল। মহিলাসকলে নিখুঁত তথা উজ্জ্বল ছাল লাভ কৰিবলৈ বহু ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰে। ছালখনক আকৰ্ষণীয় কৰি ৰাখিবলৈ মহিলাসকলে বেছনৰ পৰা মুলতানি মাটিলৈকে বহু সামগ্ৰীৰ ‘ফেচ পেক’ তৈয়াৰ কৰি ছালত প্ৰয়োগ কৰে। কিন্তু আপুনি জানেনে বাহী ৰুটীৰেও যে ‘ফেচ পেক’ তৈয়াৰ কৰিব পাৰি ? এই ‘ফেচ পেক’ প্ৰয়োগৰে সকলো ধৰণৰ ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

Advertisment

বহু বিদেশী সৌন্দৰ্য বিশেযজ্ঞই বাহী ৰুটিৰ ‘ফেচ পেক’ প্ৰয়োগ কৰাৰ পৰামৰ্শ দিয়ে। বিশেষজ্ঞসকলৰ মতে, ই ছালৰ ব্রণ, ডাঠ দাগ, কোঁচ খোৱা আদি সমস্যা হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ই ছালক আৰ্দ্ৰ আৰু পুষ্টিও প্ৰদান কৰে। বাহী ৰুটীৰ ‘ফেচ পেক’য়ে ছালক সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষিত কৰাৰ লগতে ‘হাইড্ৰেটেড’ কৰি ৰাখে।

এই ‘ফেচ পেক’ তৈয়াৰ কৰাৰ পদ্ধতি

বাহী ৰুটী - ২টুকুৰা

দৈ - ২ চামুচ

মৌ - ২ চামুচ

নেমুৰ ৰস - ১ চামুচ

প্ৰথমে বাহী ৰুটীখিনি গুৰি কৰি পাউডাৰ তৈয়াৰ কৰক। তাৰ পিছত ইয়াত দৈ, মৌ আৰু নেমুৰ ৰস দি ভালদৰে মিহলি কৰক আৰু এটা মসৃণ পেষ্ট প্ৰস্তুত কৰক। ইয়াক আপোনাৰ মুখ আৰু ডিঙিত প্ৰয়োগ কৰক আৰু ১৫ মিনিটৰ বাবে এনেদৰে এৰি দিয়ক। যদি আপুনি এই ‘ফেচ পেক’টো সপ্তাহত ২-৩ বাৰ ব্যৱহাৰ কৰে, আপুনি আপোনাৰ ছালত পাৰ্থক্য দেখিবলৈ পাব। এই ‘পেক’ৰ কোনো পাৰ্শ্বক্ৰিয়াও নাই।

উল্লেখ্য, বাহী ৰুটীত ভিটামিন আৰু খনিজ থাকে, যি ছালখনক সকলো প্ৰকাৰে উন্নত কৰে।উল্লেখ্য যে, প্ৰাকৃতিক লেক্টিক এচিডে আমাৰ ছালৰ পৰা মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে।সেয়েহে আপুনি এতিয়াৰ পৰা একো চিন্তা নকৰাকৈ পেলাই দিবলগীয়া ৰুটীৰে ‘ফেচ পেক’ তৈয়াৰ কৰি ছালখনক সুস্থ কৰি ৰাখক।

Also Read: Food For Skin: সতেজ ছালৰ বাবে খাওক এইকেইবিধ খাদ্য