মাত্ৰ তিনিটা উপায়ৰে উজ্জ্বল কৰক আপোনাৰ ছাল

আমি সকলো সৌন্দৰ্যৰ প্ৰতি দুৰ্বল। নিজকে ধুনীয়া কৰি ৰাখিবলৈ বহুতেই হয়তো বহু যত্ন লওঁ। কিন্তু এনে কৰাৰ পাছতো কেতিয়াবা আমাৰ ছালখন উজ্জল হৈ নুঠে। বিশেষজ্ঞসকলৰ মতে, বতৰ তথা জলবায়ুৰ বাবেও বহুসময়ত আমাৰ ছালখনে উজ্জ্বলতা হেৰুৱায়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
day

ডিজিটেল ডেস্ক: আমি সকলো সৌন্দৰ্যৰ প্ৰতি দুৰ্বল। নিজকে ধুনীয়া কৰি ৰাখিবলৈ বহুতেই হয়তো বহু যত্ন লওঁ। কিন্তু এনে কৰাৰ পাছতো কেতিয়াবা আমাৰ ছালখন উজ্জল হৈ নুঠে। বিশেষজ্ঞসকলৰ মতে, বতৰ তথা জলবায়ুৰ বাবেও বহুসময়ত আমাৰ ছালখনে উজ্জ্বলতা হেৰুৱায়। এই ক্ষেত্ৰত আপুনি কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰি ছালখনক সদায় উজ্জ্বল আৰু আকৰ্ষণীয় কৰি ৰাখিব পাৰে। আজি এই বিষয়ে জানো আহক-

Advertisment

মুখৰ সতেজতা কিয় নাইকিয়া হয় ?

মুখখনৰ উজ্জ্বলতা নাইকিয়া হোৱাৰ আঁৰত এটা নহয়, বহু কাৰণ আছে। বিশেষজ্ঞসকলৰ মতে, জলবায়ুৰ পৰিৱৰ্তনৰ লগতে খোৱা-বোৱাত সচেতন নোহোৱা, ছালৰ সঠিক যত্ন নোলোৱা তথা কেতবোৰ শাৰীৰিক পৰিৱৰ্তনৰ ফলত ছালৰ উজ্জ্বলতা হ্ৰাস পায়। অৱশ্যে, অতি সোনকালে উজ্জ্বল ছালৰ গৰাকী হ’বলৈ আপুনি অৱলম্বন কৰিব পাৰে এই উপায়-

নেমুৰ ৰস আৰু মৌ

প্ৰথমে দুই চামুচ নেমুৰ ৰস লওঁক। তাৰ পিছত তাত এক চামুচ মৌ মিহলি কৰক। এতিয়া এই পেষ্টটো আপোনাৰ মুখত প্ৰয়োগ কৰক। নিশা টোপনি যোৱাৰ আগতে ছালত নেমু আৰু মৌ প্ৰয়োগ কৰিলে ছালখন উজ্জ্বল হয়। এনে কৰাৰ ফলত শালমইনাৰ সমস্যাও দূৰ হয়।

এল’ভেৰা 

এক চামুচ এল’ভেৰা জেল লৈ ৰাতি শোৱাৰ আগত মুখত লগাই থ’ব।ৰাতিপুৱা শুই উঠি মুখখন ভালদৰে ধুই পেলাব। নিশা ছালৰ যত্নৰ ৰুটিনত আপুনি এল’ভেৰা অন্তৰ্ভূক্ত কৰিলে ছালখন হাইড্ৰেটেড, উজ্জ্বল হৈ থকাৰ লগতে দাগবোৰ নাইকিয়া হয়।

হালধি-গাখীৰ

এক চামুচ হালধিৰ লগত অলপ গাখীৰ মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি লওঁক। তাৰ পিছত গোটেই ৰাতিটোৰ বাবে এই পেষ্টটো মুখত প্ৰয়োগ কৰক।ৰাতিপুৱা ভালদৰে মুখখন ধুলে আপুনি ছালখনত হোৱা পৰিৱৰ্তন নিজে ধৰিব পাৰিব। ছালৰ বেক্টেৰিয়াৰ সমস্যা হ্ৰাস কৰিবলৈ এনে কৰাটো যথেষ্ট উপকাৰী।

Also Read: এই ‘পেক’ লগাই দূৰ কৰক ছালৰ সকলো সমস্যা