কৃতি ছেননৰ ৰূপচৰ্চাৰ ৰুটিন জানি লৈ আপুনিও হওঁক অপূৰ্ব সৌন্দৰ্যৰ গৰাকী

কৃতি ছেনন। বলীউডৰ সকলোৰে প্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম কৃতি ছেনন।কৃতিয়ে কেইদিনমান পূৰ্বে উদযাপন কৰিলে তেওঁৰ ৩৩ সংখ্যক জন্মদিন।কৃতিৰ সৌন্দৰ্যৰ তুলনা নাই।অভিনয় দক্ষতাৰ সমান্তৰালকৈ তেওঁৰ ছাল- চুলিৰ সৌন্দৰ্যই সকলোকে মোহিত কৰে।

author-image
Asomiya Pratidin
New Update
কৃতি ছেননৰ ৰূপচৰ্চাৰ ৰুটিন জানি লৈ আপুনিও হওঁক অপূৰ্ব সৌন্দৰ্যৰ গৰাকী

ডিজিটেল ডেস্ক: কৃতি ছেনন। বলীউডৰ সকলোৰে প্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম কৃতি ছেনন।কৃতিয়ে কেইদিনমান পূৰ্বে উদযাপন কৰিলে তেওঁৰ ৩৩ সংখ্যক জন্মদিন।কৃতিৰ সৌন্দৰ্যৰ তুলনা নাই।অভিনয় দক্ষতাৰ সমান্তৰালকৈ তেওঁৰ ছাল- চুলিৰ সৌন্দৰ্যই সকলোকে মোহিত কৰে। যাৰ বাবে প্ৰতিগৰাকী অনুৰাগীয়েই তেওঁৰ সৌন্দৰ্যৰ ৰহস্য জানিবলৈ উৎসুক হৈ থাকে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে মুকলিকৈ সকলোৰে সৈতে ভাগ-বতৰা কৰিছে। কৃতিৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে আজি জানো আহক-

Advertisment

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল, য'ত তেওঁৰ ছালৰ যত্নৰ ৰুটিনৰ বিষয়ে অনুৰাগীসকলক জানিবলৈ দিয়ে। কৃতিয়ে ছালখন নিখুঁত কৰি ৰাখিবলৈ মুখত মেকআপ দীঘলীয়া সময়লৈ থাকিবলৈ নিদিয়ে। শ্বুটিঙৰ পিছত তেওঁ প্ৰথমেই মুখৰ  মেকআপ আতৰায়। তেওঁ দিনটোত ছালখন দুবাৰ পৰিস্কাৰ কৰে। 

হয়, কৃতিয়ে প্ৰথমে তাইৰ মুখখনৰ পৰা মেকআপ তথা লেতেৰা আতৰাবলৈ নাৰিকলৰ তেল  ব্যৱহাৰ কৰে। কপাহত তেল লগাই চকুৰ চাৰিওফাল আৰু মুখখন ভালদৰে চাফা কৰে। ইয়াৰ পিছত তেওঁ ফেচৱাছৰে মুখখন পৰিস্কাৰ কৰে।

অভিনেত্ৰীগৰাকীয়ে দিনটোৰ বাবে ছালখন ধুনীয়া কৰি ৰাখিবলৈ নিশাও ছালৰ যত্ন লয়।তেওঁ ৰাতি ছালত ময়েশ্চাৰাইজাৰ, ট'নাৰ, হাইড্ৰেটিং চিৰাম আৰু লিপ বাম লগায়। কেৱল ছালেই নহয়, কৃতিৰ নিশাৰ ছালৰ যত্নৰ ৰুটিনত ভ্ৰূ আৰু চকুৰ পটাও অন্তৰ্ভুক্ত থাকে। প্ৰতি নিশা শুবলৈ যোৱাৰ আগতে তেওঁ ভ্ৰূ আৰু চকুৰ পতাত কেষ্টৰ তেল আৰু জলফাই তেলৰ মিশ্ৰণ প্ৰয়োগ কৰে। আনহাতে, মুখত ইমানবোৰ সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰাৰ আগতে কৃতিয়ে প্ৰথমে দৈনিক মুখত পানী ছটিয়াই, যাতে ছালত চিৰাম সহজে শোষিত হয়।আপুনিও যদি কৃতিৰ দৰে সৌন্দৰ্যৰ অধিকাৰী হ’বলৈ বিচাৰে, তেওঁৰ পৰিচৰ্যাৰ ৰুটিনখন অনুসৰণ কৰিব পাৰে।

Also Read: গ্ৰীষ্মকালত চুলিৰ সমস্যাই অতিষ্ঠ কৰিছে নেকি ?