Food For Skin: সতেজ ছালৰ বাবে খাওক এইকেইবিধ খাদ্য

।কিন্তু সঠিক আহাৰ গ্ৰহণৰ জৰিয়তে আপুনি আপোনাৰ ছালখনক সতেজ তথা বয়সৰ চাপ নপৰাকৈ ৰাখিব পাৰে।আজি এনে কেতবোৰ ‘এণ্টি-এজিং’ খাদ্যৰ বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
Food For Skin: সতেজ ছালৰ বাবে খাওক এইকেইবিধ খাদ্য

ডিজিটেল ডেস্ক: বয়স বৃদ্ধিৰ লগে লগে আমাৰ শৰীৰটোত বিভিন্ন পৰিৱৰ্তন হয়। বয়স বৃদ্ধিৰ প্ৰভাৱ প্ৰথমে মুখত দেখা যায়।হয়, বয়সৰ লগে লগে কোঁচ খোৱা, শুকান ছাল, ৰঞ্জকতা, দাগ আদিৰ দৰে ছালৰ সমস্যাই দেখা দিয়ে।অৱশ্যে আজিকালি এই সমস্যাবোৰ অতি সচৰাচৰ হৈ পৰিছে।স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ নকৰা আৰু প্ৰসাধনৰ নামত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাটোয়েই ইয়াৰ মুখ্য কাৰণ হিচাপে বিবেচনা কৰিব পাৰি।কিন্তু সঠিক আহাৰ গ্ৰহণৰ জৰিয়তে আপুনি আপোনাৰ ছালখনক সতেজ তথা বয়সৰ চাপ নপৰাকৈ ৰাখিব পাৰে।আজি এনে কেতবোৰ ‘এণ্টি-এজিং’ খাদ্যৰ বিষয়ে জানো আহক-

Advertisment

অমিতা

অমিতাক হজমৰ বাবে ভাল বুলি গণ্য কৰা হয়।অমিতাত বিভিন্ন প্ৰকাৰৰ এণ্টি-অক্সিডেণ্ট, ভিটামিন আৰু খনিজ থাকে,যিয়ে ছালখন কোঁচ খোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখে আৰু ছালৰ উজ্জ্বলতা আনে। ছালক স্বাস্থ্যৱান ৰাখিব পৰাকৈ অমিতাত ভিটামিন এ, চি, কে আৰু ই থাকে।  তদুপৰি, অমিতাত এক এনজাইম পেপাইন থাকে যাৰ এণ্টি-এজিং গুণ থাকে। 

পালেং শাক

আমি সকলোৱে পালেং শাকৰ লাভালাভৰ বিষয়ে জানো। পালেং শাক কেৱল স্বাস্থ্যৰ বাবেই ভাল নহয়, ইয়াত এণ্টি-এজিং গুণাগুণো আছে। ইয়াত ভিটামিন এ, চি, ই আৰু কে থাকে।তদুপৰি  ইয়াত উদ্ভিদ-আধাৰিত আইৰণও পোৱা যায়। অধিক ভিটামিন চি থকাৰ বাবে, ই ছালক ক্ষতিৰ পৰা সুৰক্ষিত কৰে আৰু ছাললৈ উজ্জ্বলতা আনে। 

কেপচিকাম

কেপচিকাম গ্ৰহণ কৰাসকলৰ মুখত সদায় এক উজ্জ্বলতা থাকে। কেপচিকামত বহু প্ৰকাৰৰ এণ্টি-অক্সিডেণ্ট পোৱা যায়। ইয়াত ভিটামিন চি আৰু কেৰোটিনইডও পোৱা যায়। কেৰোটিনইড হৈছে উদ্ভিদৰ ৰঞ্জক, যাৰ ফলত কেপচিকাম ৰঙা, হালধীয়া বা সেউজীয়া ৰঙৰ হয়। কেপচিকামৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো আছে। ই ছালক সূৰ্যৰ পোহৰ, প্ৰদূষণ আৰু পৰিৱেশৰ বিষাক্ত গেছৰ পৰা সুৰক্ষিত কৰে। 

ডালিম 

ডালিমক অতীজৰে পৰা এক ঔষধি ফল হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। উচ্চ পৰিমাণৰ ভিটামিন চি আৰু বিভিন্ন শক্তিশালী এণ্টিঅক্সিডেণ্টযুক্ত ডালিমে ছালৰ যিকোনো ক্ষতিৰ পৰা সুৰক্ষিত কৰে আৰু আমাৰ প্ৰণালীত প্ৰদাহৰ স্তৰ হ্ৰাস কৰে। এই স্বাস্থ্যকৰ ফলবিধত পুনিক্লেজিন নামৰ এক যৌগও থাকে, যি ছালত কোলাজেন বজাই ৰখাত সহায় কৰে।উল্লেখ্য, কোলাজেনৰ ফলত বয়স বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস হয়।

বাদাম 

সকলো প্ৰকাৰৰ বাদাম, বিশেষকৈ কাঠবাদাম আৰু আখৰোট হৈছে ভিটামিন ই-ৰ এক উৎকৃষ্ট উৎস।ই ছালৰ কোষকলা মেৰামতি কৰাত, ছালৰ আৰ্দ্ৰতা বজাই ৰখাত আৰু ছালক ক্ষতিকাৰক ইউভি ৰশ্মিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। আখৰোটত এণ্টি-ইনফ্লেমেটৰী অমেগা-৩ ফেটি এচিড থাকে, যি ছালৰ কোষৰ আৱৰণ শক্তিশালী কৰাত সহায়ক হ'ব পাৰে আৰু ছালক উজ্জ্বলতা প্ৰদান কৰে।

Also Read: ৰক্তচাপৰ পৰা ওজন নিয়ন্ত্ৰণলৈ, সকলোখিনি কৰিব পাৰে এই বিশেষ চাহ কাপে