/asomiyapratidin/media/media_files/2025/08/18/seo-2025-08-18-14-59-51.png)
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ সম্প্ৰতি তেওঁৰ বোৱাৰীক কেন্দ্ৰ কৰি চৰ্চাত আছে। হয়, কেইদিনমান পূৰ্বে শচীনৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ বাগদান সম্পন্ন হৈ যায়। শচীনৰ পৰিয়াল তথা অতি ঘনিষ্ঠসকলৰ উপস্থিতিত এই বাগদান অনুষ্ঠান অনুষ্ঠিত হয় যদিও ছ’চিয়েল মেডিয়াত এই অনুষ্ঠানৰ ফটো-ভিডিঅ’ ক্ষন্তেকতে ভাইৰেল হৈ পৰে আৰু আৰম্ভ হয় সীমাহীন চৰ্চা।
তেণ্ডুলকাৰ পৰিয়ালৰ বোৱাৰী স্বাভাৱিকতেই কোনো তাৰকা হ'ব বুলি ভাবি থকা নেটিজেনে অৰ্জুনৰ বাগদত্তাৰ ফটো দেখি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অধিকাংশ লোকৰ বাবেই অচিনাকী শচীন তেণ্ডুলকাৰৰ বোৱাৰী। তেওঁৰ নাম ছানিয়া চান্দোক। ছানিয়া শচীনৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ আটাইতকৈ ঘনিষ্ঠ বান্ধৱী। ছানিয়া আৰু ছাৰাক প্ৰায়ে একেলগে দেখা যায়। ছাৰায়েই ছানিয়াক ভাতৃ অৰ্জুনৰ লগত চিনাকি কৰাই দিছিল আৰু ইয়াৰ পৰাই অৰ্জুন-ছানিয়াৰ বন্ধুত্ব গভীৰ হৈ পৰিছিল।
কোন এই সুন্দৰী ?
ছানিয়া চান্দোকে লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা বিজনেছ মেনেজমেণ্টত ডিগ্ৰী লাভ কৰিছে। পঢ়া-শুনাৰ অন্তত তেওঁ এতিয়া নিজাকৈ বিলাসী পোহনীয়া জন্তুৰ স্পা চেণ্টাৰ খুলিছে। মুম্বাইত মুকলি কৰা তেওঁৰ পোহনীয়া জন্তুৰ স্পা চেলুনখনৰ নাম হৈছে ‘মিষ্টাৰ প’জ পেট স্পা এণ্ড ষ্ট’ৰ এল এল পি’। ছানিয়াৰ এই স্পা চেণ্টাৰৰ বাৰ্ষিক আয় প্ৰায় ৯০ লাখ টকা। ইয়াত পোহনীয়া জন্তুবোৰক কোৰিয়ান আৰু জাপানীজ থেৰাপীৰ দ্বাৰা চিকিৎসা কৰা হয় আৰু এইটো ভাৰতৰ প্ৰথম স্পা চেণ্টাৰ। বৰ্তমান মুম্বাইত মিষ্টাৰ প’জৰ দুখন ষ্ট’ৰ আছে। ছানিয়াক তেওঁৰ ষ্ট’ৰত প্ৰায়ে পোহনীয়া জন্তুৰ যত্ন লৈ থকা দেখা যায়। ছানিয়াই ৱৰ্ল্ডৱাইড ভেটেৰিনেৰী চাৰ্ভিচৰ (ডব্লিউ ভি এছ) এ বি চি প্ৰগ্ৰেম সম্পূৰ্ণ কৰিছে।
ছানিয়া মুম্বাইৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰবি ঘাইৰ নাতিনী। তেওঁৰ ককা ঘাই গ্ৰেভিছ গ্ৰুপৰ স্বতাধিকাৰী হোৱাৰ লগতে বহু ব্যৱসায় চলাই আছে। একেটা গোটে আইচক্ৰীম ব্ৰেণ্ড ব্ৰুকলিন ক্ৰীমেৰী আৰু বাস্কিন-ৰবিন্স ইণ্ডিয়াও পৰিচালনা কৰে। ‘ইণ্টাৰকন্টিনেণ্টেল, মেৰিন ড্ৰাইভ’ হোটেলৰ স্বতাধিকাৰী ছানিয়া চান্দোকৰ পৰিয়ালে ইয়াৰ পৰা কোটি কোটি উপাৰ্জন কৰে। অৱশ্যে, ছানিয়াৰ পিতৃ গৌৰৱ ঘাইৰ পিতৃ ৰবি ঘাইৰ লগত ভাল সম্পৰ্ক নাই। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত পাৰিবাৰিক বিবাদ। ৰবি ঘাইৰ গ্ৰেভিছ গ্ৰুপে ২০২৩-২৪ বৰ্ষত ৬২৪ কোটি টকাৰ ব্যৱসায় কৰিছিল।
আনহাতে, শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন এজন বলিং অল ৰাউণ্ডাৰ খেলুৱৈ। মুম্বাই ইণ্ডিয়ানছ দলৰ হৈ আই পি এলত অৰ্জুনৰ অভিষেক ঘটিছিল অৰ্জুনৰ বাৰ্ষিক আয় ১০ লাখ টকা। অৰ্জুনৰ ‘নেট ৱৰ্থ’ ২২ কোটি টকা হোৱাৰ বিপৰীতে শচীন টেণ্ডুলকাৰৰ প্ৰায় ১৪০০ কোটি টকা।