পোহনীয়া কুকুৰৰ পৰাও সাৱধান হ’ব, যিকোনো মূহুৰ্ততে ঘটিব পাৰে অঘটন

বৃত্তিগত তথা ব্যক্তিগত জীৱনটো খুব নিয়াৰিকৈ চলাই নিয়াত সবাতোকৈ সফল অভিনেতা বুলি পৰিচয় থকা ‘খিলাড়ী’ এইবাৰ এক ব্যতিক্ৰমী খবৰৰ বাবেহে চৰ্চালৈ আহিছে। হয়, পোহনীয়া কুকুৰেই আক্ৰমণ কৰিলে অক্ষয়ৰ কন্যা নিতাৰা কুমাৰ ভাটিয়াক।যাৰ বাবে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ 'খিলাড়ী'ৰ নাম।

author-image
Asomiya Pratidin
New Update
পোহনীয়া কুকুৰৰ পৰাও সাৱধান হ’ব, যিকোনো মূহুৰ্ততে ঘটিব পাৰে অঘটন

ডিজিটেল ডেস্ক: কাৰণ লাগিলে যিয়ে নহওঁক, প্ৰায় সকলো সময়তে অনুৰাগীৰ মাজত চৰ্চাত থাকে বলীউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ।ব্যস্ত সময়সূচীৰ মাজতো বহু সময়ত অভিনেতাজনে তেওঁৰ পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হয়। বৃত্তিগত তথা ব্যক্তিগত জীৱনটো খুব নিয়াৰিকৈ চলাই নিয়াত সবাতোকৈ সফল অভিনেতা বুলি পৰিচয় থকা ‘খিলাড়ী’ এইবাৰ এক ব্যতিক্ৰমী খবৰৰ বাবেহে চৰ্চালৈ আহিছে। হয়, পোহনীয়া কুকুৰেই আক্ৰমণ কৰিলে অক্ষয়ৰ কন্যা নিতাৰা কুমাৰ ভাটিয়াক।যাৰ বাবে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ 'খিলাড়ী'ৰ নাম।

Advertisment

এই সমগ্ৰ ঘটনাটো ৰাজহুৱা কৰিছে অক্ষয় কুমাৰৰ পত্নী অভিনেত্ৰী টুইংকল খান্নাই। এখন দৈনিক বাতৰি কাকতৰ লেখাত শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰিছে।তেওঁ উল্লেখ কৰা মতে, খ্ৰীষ্টমাছৰ সময়ত তেওঁলোকৰ কন্যা নিতাৰাক ঘৰৰ পোহনীয়া কুকুৰ ফ্ৰেডীয়ে আক্ৰমণ কৰে। কুকুৰটোয়ে নিতাৰাৰ দুয়োটা হাততে কামুৰিছিল যদিও তাই এই ঘটনাক একেবাৰেই সজহভাৱে লৈ একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।পাছত অৱশ্যে নিতাৰাক কুকুৰে কামোৰাৰ বাবে তিনিটা আৰু এটা টিটেনাছ বেজী দিয়া হৈছিল।

অভিনেত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে, নিতাৰা আৰু তেওঁৰ ভাতৃ আৰভ দুয়োটাই পোহনীয়া কুকুৰক খুব বেছি ভাল পায়।খ্ৰীষ্টমাছৰ সময়ত ঘৰৰ সহায়িকাই নিতাৰা আৰু আৰভক মুৰ্গী মাংস খাবলৈ দিছিল।সেই সময়তে তেওঁলোকৰ পোহনীয়া কুকুৰটো আহি সেই মাংসৰ প্লেটত জপিয়াই পৰে আৰু নিতাৰাই প্লেটখন ধৰিবলৈ লওঁতেই কুকুৰটোয়ে তাইক আক্ৰমণ কৰে।তাইৰ দুয়োটা হাতত কুকুৰটোয়ে কামুৰি দিয়ে।এই ঘটনাটো উল্লেখ কৰি সকলোকে পোহনীয়া কুকুৰৰ পৰা অলপ হ’লেও দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাই অভিনেত্ৰীগৰাকীয়ে।উল্লেখ্য যে, অক্ষয় আৰু টুইংকল দুই সন্তানৰ পিতৃ-মাতৃ।তেওঁলোকৰ কন্যা নিতাৰাৰ বয়স ১১ বছৰ আৰু পুত্ৰ আৰভৰ বয়স ২১ বছৰ।

Also Read: মানুহৰ দৰেই চৰাইৰ জীৱনতো আছে প্ৰেম-সংঘাত