বিখ্যাত পৰিচালকৰ সৈতে উঠিলে ফটো, ফাদিল হ’ল ৰহস্য !

‘বিগ বছ অ'টিটি’ত প্ৰতিযোগী হিচাপে অংশ গ্ৰহণ কৰি ব্যতিক্ৰমী ব্যক্তিত্বৰে সকলোকে আকৰ্ষিত কৰা মনীষা ৰাণীক এইবাৰ দৰ্শকে দেখিবলৈ পাব অভিনেত্ৰীৰ ৰূপত। হয়, বলীউডত আত্মপ্ৰকাশৰ বাবে মনীষা এতিয়া সম্পূৰ্ণ সাজু। শেহতীয়াকৈ ‘ৰিয়েলিটি শ্ব' ঝলক দিখলা যা’ৰ ট্ৰফীৰো গৰাকী হৈছে কথন শৈলীৰে অনুৰাগীক আৰ্কষিত কৰা এইগৰাকী মনীষা ৰাণী।

author-image
Asomiya Pratidin
New Update
বিখ্যাত পৰিচালকৰ সৈতে উঠিলে ফটো, ফাদিল হ’ল ৰহস্য !

ডিজিটেল ডেস্ক: ‘বিগ বছ অ'টিটি’ত প্ৰতিযোগী হিচাপে অংশ গ্ৰহণ কৰি ব্যতিক্ৰমী ব্যক্তিত্বৰে সকলোকে আকৰ্ষিত কৰা মনীষা ৰাণীক এইবাৰ দৰ্শকে দেখিবলৈ পাব অভিনেত্ৰীৰ ৰূপত। হয়, বলীউডত আত্মপ্ৰকাশৰ বাবে মনীষা এতিয়া সম্পূৰ্ণ সাজু। শেহতীয়াকৈ ‘ৰিয়েলিটি শ্ব' ঝলক দিখলা যা’ৰ ট্ৰফীৰো গৰাকী হৈছে কথন শৈলীৰে অনুৰাগীক আৰ্কষিত কৰা এইগৰাকী মনীষা ৰাণী।

এই খবৰ মনীষাই ৰাজহুৱা কৰা নাই যদিও তেওঁৰ এটা ছ'চিয়েল মিডিয়াৰ প’ষ্টৰ পৰা ইতিমধ্যে অনুৰাগীয়ে এই ক্ষেত্ৰত নিশ্চিত হৈছে। মনীষাই শ্বেয়াৰ কৰা এই প'ষ্টটোত দেখা গৈছে যে তেওঁ চোফাত বহি আছে আৰু বলীউডৰ অন্যতম সফল পৰিচালক বিবেক অগ্নিহোত্ৰী তেওঁৰ পিছফালে থিয় হৈ আছে। এই ফটোখন শ্বেয়াৰ কৰি মনীষাই লেখিছে- 'ইমান নম্ৰ ব্যক্তি।আচলতে, মই এনে এজন অভিজ্ঞ আৰু প্ৰতিভাশালী ব্যক্তিৰ সন্মুখত বহিবলৈ লাজ অনুভৱ কৰো। কিন্তু তেওঁ ইমান মৰমীয়াল যে তেওঁ মোক বহিবলৈ বাধ্য কৰিছিল। মই আপোনাৰ ওচৰত কৃতজ্ঞ আৰু আপোনাক লগ পাই অত্যন্ত সুখী, ছাৰ। '

এই ফটোখন দেখিয়েই সকলোৱে অনুমান কৰিছে যে মনীষাই এতিয়া বলীউডত তেওঁৰ অভিনয়ৰ যাদু দেখুৱাব। উল্লেখ্য যে ‘ঝলক দিখলা যা’ৰ বিজয়ী ঘোষিত হোৱাৰ পিছত মনীষাই তেওঁৰ সপোন বলীউডত ভৰি দিয়াও বুলি উল্লেখ কৰিছিল।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত