শাহু-জোঁৱাইৰ পিছত এইবাৰ শহুৰ-বোৱাৰী…

হয়, ঠিকেই দেখিছে। হ’বলগীয়া বোৱাৰীক বিয়া পাতিলে ৫৫বছৰীয়া শহুৰে। এই বিতৰ্কিত সম্পৰ্ক ৰক্ষা কৰি এতিয়া অৱশ্যে দুয়ো পলাতক অৱস্থাত আছে। ঘটনাটো উত্তৰ প্ৰদেশৰ।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্ক: হয়, ঠিকেই দেখিছে। হ’বলগীয়া বোৱাৰীক বিয়া পাতিলে ৫৫বছৰীয়া শহুৰে। এই বিতৰ্কিত সম্পৰ্ক ৰক্ষা কৰি এতিয়া অৱশ্যে দুয়ো পলাতক অৱস্থাত আছে। ঘটনাটো উত্তৰ প্ৰদেশৰ। ৰাজ্যখনৰ ৰামপুৰ জিলাৰ শ্বাহজাহানগৰ আৰক্ষী থানা এলেকাৰ অন্তৰ্গত কাক্ৰাউয়া গাঁৱৰ এজন ব্যক্তি কিছুদিন ভোট অঞ্চলৰ বান্স নাগলী গাঁৱত বসবাস কৰি আছিল। তেওঁ তিনিজন পুত্ৰ সন্তানৰ পিতৃ। প্ৰায় ৬ মাহ আগতে তেওঁৰ সৰু পুত্ৰৰ বিয়াৰ বাবে এগৰাকী যুৱতীৰ  সৈতে আনুষ্ঠানিকতা সম্পন্ন কৰিছিল। আজিমনগৰ আৰক্ষী থানা এলেকাৰ বাসিন্দা এই যুৱতীগৰাকীৰ বয়স ১৮ বছৰ। দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে তেওঁলোকৰ বিয়াৰ তাৰিখো ঠিক কৰা হৈছে।

Advertisment

বিয়াৰ প্ৰস্তুতিৰ মাজতে যুৱতীগৰাকীৰ হ’বলগীয়া শহুৰেক তাইৰ মাতৃগৃহলৈ যাবলৈ ধৰিলে। এইদৰে সঘনাই বোৱাৰীৰ ঘৰলৈ গৈ তেওঁ বোৱাৰীৰ প্ৰতি মুগ্ধ হৈ পৰে। কিছুদিনৰ পাছত চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ অজুহাতত হ’বলগীয়া শহুৰেকে বোৱাৰীক দিল্লীলৈ লৈ যায়। দিল্লীত বোৱাৰীক বিয়া কৰাই প্ৰায় আঠ দিনৰ মূৰত ঘৰলৈ ঘূৰি আহোঁতে সকলো কথা পোহৰলৈ আহে।

অনুষ্ঠিত হ'ল গাঁও পঞ্চায়ত

এই কথা জানি পৰিয়ালৰ সকলো লোক স্তম্ভিত হৈ পৰে। ঘৰখনত একপ্ৰকাৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে, পৰিয়ালৰ লোকে এই সম্পৰ্কক মানি ল’বলৈ অস্বীকাৰ কৰে আৰু বিষয়টো সন্দৰ্ভত এখন গাঁও পঞ্চায়তো বহে। পঞ্চায়তত নতুন দৰা-কইনা দুয়োজনকে পৰিয়ালৰ পৰা বহিস্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আলিগড়তো একেধৰণৰ ঘটনা পোহৰলৈ আহিছিল, য’ত এজন হ’বলগীয়া জোঁৱাই শাহুৱেকৰ সৈতে পলাই গৈ বিবাহ পাশত আবদ্ধ হৈছিল।