চাওঁতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী যুৱতী চিকিৎসক মাৰ্টিনা টুডুক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

হোজাই জিলাবাসী তথা হোজাই জিলা প্ৰশাসনে জনাইছে আন্তৰিক অভিনন্দন। মাৰ্টিনাৰ এই জয়যাত্ৰা অব্যাহত থাকক আৰু উঠি অহা প্ৰজন্মৰ বাবে তেওঁ হওঁক আদৰ্শ আৰু প্ৰেৰণাৰ উৎস।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1 martina

ডিজিটেল সংবাদ,হোজাইঃ  চাওঁতাল জনগোষ্ঠীলৈ গৌৰৱ কঢ়িয়াই অনা ডা০ মাৰ্টিনা টুডুলৈ হোজাই জিলা প্ৰশাসনৰ লগতে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে সম্বৰ্ধনা জনায় ৷
চাঁওতাল সম্প্ৰদায়ৰ প্ৰথম গৰাকী যুৱতি, মাৰ্টিনা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত সদ্যঘোষিত এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত ৪১৮নং স্থান লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Advertisment

হোজাই জিলাৰ অন্তৰ্গত এজাৰবাৰীৰ বাসিন্দা মাৰ্টিনাৰ এই সফলতাত সমগ্ৰ অসমৰ লগতে হোজাই জিলাবাসী তথা হোজাই জিলা প্ৰশাসনে জনাইছে আন্তৰিক অভিনন্দন। মাৰ্টিনাৰ এই জয়যাত্ৰা অব্যাহত থাকক আৰু উঠি অহা প্ৰজন্মৰ বাবে তেওঁ হওঁক আদৰ্শ আৰু প্ৰেৰণাৰ উৎস।

এই সুবাদত, সমগ্ৰ জিলাবাসীৰ হৈ জিলা আয়ুক্ত  বিদ্যুৎ বিকাশ ভাগৱতীয়ে  আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমুহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত কাৰ্যালয়ৰ সভাকক্ষত মাৰ্টিনা টুডুক এখনি জাতীয় বস্ত্ৰ ফুলাম গামোছা আৰু এথুপি ফুলেৰে সম্ভাষণ জনায়। লগতে সভাত উপস্থিত থকা মাৰ্টিনা টুডুৰ  গৌৰৱান্বিত পিতৃকো এখনি ফুলাম গামোছাৰে সম্ভাষণ জনোৱা হয় ।

এই কাৰ্যসূচীত মাৰ্টিনা টুডুৰ পৰিয়ালৰ আন সদস্য সকলো উপস্থিত থাকে। আনহতে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক কমিটিৰ নেতৃত্বৰ লগতে হোজাই জিলা কমিটিৰ পক্ষৰ পৰা, চাঁওতাল জনগোষ্ঠীৰ প্ৰথম মহিলা চিকিৎসক ডা০ মাৰ্টিনা টুডুক তেওঁৰ বাসগৃহত উপস্থিত হৈ সংগঠনটোৰ নেতৃত্বই সম্বৰ্ধনা জ্ঞাপন কৰে ৷ ৰাজ্যিক কমিটিৰ অণু ৰিজালে আৰু হোজাই জিলা কমিটিৰ পক্ষৰ পৰা ৰেখা চাহু, লক্ষী শীতল, সত্যৱতী মজুমদাৰে  এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ৷

হোজাই