/asomiyapratidin/media/media_files/2025/05/04/Q8tuXrpcGbQ84c40haov.jpg)
দুলু আহমেদে ব্যক্তিগত দেহৰক্ষীক ভেৰণীয়া গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিছে
ডিজিটেল সংবাদ, হাজোঃ "দুলু আহমেদে ব্যক্তিগত দেহৰক্ষীক ভেৰণীয়া গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিছে। জনসাধাৰণক ভয়-ভীতি দেখুওৱা বাবেই দুলু আহমেদে ব্যক্তিগত দেহৰক্ষীৰ হতুৱাই এনেদৰে গুলীচালনা কৰিছে। অতিশীঘ্ৰে দুলু আহমেদৰ ব্যক্তিগত দেহৰক্ষী প্রত্যহাৰ কৰক।" দুলু আহমেদৰ বিৰুদ্ধে এনেদৰে মন্তব্য দিয়ে হাজো কংগ্ৰেছৰ নেতা কৰ্মীয়ে। হাজোৰ নিৰ্বাচনী ৰেলীত দুলু আহমেদক আক্ৰমণ কৰা দাবীৰ পিছতে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হাজোৰ কংগ্ৰেছী শিবিৰে।
উল্লেখযোগ্য যে, দেওবাৰে হাজোৰ দেহৰকুৰিহাত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছিল। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল। তৃণমূল কংগ্ৰেছৰ ৰেলীৰ মাজতে দুই দলৰ কৰ্মীৰ মাজত হৈছিল প্ৰত্যক্ষ সংঘাত। সেই সময়ছোৱাত ৰেলীত উপস্থিত আছিল তৃণমূল কংগ্ৰেছৰ উপ সভাপতি দুলু আহমেদ। দুলু আহমেদ গ' বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰিছিল কংগ্ৰেছৰ সমৰ্থকে। তাৰ মাজতে দুলু আহমেদৰ দেহৰক্ষীয়ে গুলী নিক্ষেপ কৰাৰ অভিযোগ উঠিছিল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us