Best Picnic Spots Near Guwahati: গুৱাহাটীৰ সমীপতেই আছে আপোনাৰ পছন্দৰ বনভোজস্থলী

Best Picnic Spots Near Guwahati
Best Picnic Spots Near Guwahati

ডিজিটেল ডেস্ক : সমাগত নতুন বছৰ।পুৰণিক বিদায় দি নতুন বছৰটোক আদৰিবলৈ সকলো সাজু হৈছে।বহুতেই হয়তো এতিয়া ব্যস্ত হৈ পৰিছে পিকনিকৰ পৰিকল্পনা কৰাত।

ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ সময়ছোৱাক বনভোজৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় হিচাপে গণ্য কৰা হয়।মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি নদীৰ পাৰত লগে-ভাগে এসাজ খাবলৈ ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ লোকসকলে অসমৰ বিভিন্ন স্থানক বনভোজৰ স্থান হিচাপে বাছনি কৰি লয়। বন্যপ্ৰাণী, সুন্দৰ দৃশ্য আৰু প্ৰাকৃতিক সম্পদেৰে আৱৰি থকা অসমৰ দৰে ৰাজ্যত বনভোজৰ স্থান বাছনি কৰাটো অৱশ্যে যথেষ্ট কঠিন হৈ পৰে।

একাংশ গুৱাহাটীবাসীয়ে আকৌ সময়ৰ অভাৱৰ বাবে গুৱাহাটীৰে আশে-পাশে বনভোজ খোৱাৰ পৰিকল্পনা কৰে।তেওঁলোকৰ সুবিধাৰ্থে গুৱাহাটীৰ আশে-পাশে থকা কেইখনমান উল্লেখনীয় বনভোজস্থলী তলত উল্লেখ কৰা হৈছে -

চানডুবি হ্ৰদ 

প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰশান্তিৰ বাবে স্বীকৃত চানডুবি হ্ৰদ হৈছে গুৱাহাটীৰ সমীপৰ সৰ্বশ্ৰেষ্ঠ বনভোজস্থলীবোৰৰ ভিতৰত অন্যতম।এই হ্ৰদটো কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীৰ পৰা ৬৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই হ্ৰদৰ পৰা সকলোয়ে সূৰ্যাস্ত উপভোগ কৰি চকু শাত পেলায়।এই হ্ৰদ ভ্ৰমণৰ সময়ত দৰ্শনাৰ্থীসকলে নাও আৰু কেম্পিং উপভোগ কৰিব পাৰে।এই ঠাইখনক নামনি অসমৰ মুখ্য বনভোজস্থলী হিচাপে গণ্য কৰা হয়। গুৱাহাটীত বাস কৰা লোকসকলৰ বাবে চানডুবি হ্ৰদ নি:সন্দেহে বনভোজস্থলী হিচাপে অন্যতম প্ৰথম পছন্দ।

দীপৰ বিল

দীপৰ বিল
দীপৰ বিল

দীপৰ বিল বা হ্ৰদ হৈছে গুৱাহাটীৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত ৰাইজে সৰ্বাধিক ভ্ৰমণ কৰা অন্যতম বনভোজস্থলী।এই হ্ৰদটোৱে বনভোজৰ সময়ত বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰে।বনভোজকাৰীসকলে বনভোজ খোৱাৰ লগতে এই হ্ৰদটোত ৭০ টা পৰিভ্ৰমী তথা ২১৯ টা অন্যান্য প্ৰজাতিৰ চৰাইৰ উপস্থিতিও উপভোগ কৰিব পাৰে।আনহাতে, বনভোজকাৰীসকলে দীপৰ বিল বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰেও বনভোজৰ সোৱাদ দুগুণে বঢ়াৱ পাৰে।

পবিতৰা  

পবিতৰা
পবিতৰা

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত।এই অভয়াৰণ্যখন গুৱাহাটী মহানগৰৰ পৰা ৩০ কিলোমিটাৰ নিলগত অৱস্থিত।পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটক তথা স্থানীয় লোকসকলৰ মাজত 'মিনিয়েচাৰ কাজিৰঙা' হিচাপে জনাজাত।এই অভয়াৰণ্যৰ বিশাল ঘাঁহনি আৰু আৰ্দ্ৰভূমিয়ে বিভিন্ন প্ৰজাতিৰ চৰাইক বাৰুকৈয়ে আকৰ্ষিত কৰে।ইয়াত সৰ্বাধিক সংখ্যক এশিঙীয়া গঁড়ে বাস কৰে।বনভোজকাৰীসকলে প্ৰিয়জনৰ লগত এসাঁজ লগে-ভাগে খায় দিনত চাফাৰী কৰি পবিতৰাৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰে।

উকিয়াম

উকিয়াম
উকিয়াম

উকিয়াম অসম-মেঘালয় সীমান্তত গুৱাহাটীৰ পৰা ৭৪.৬ কিলোমিটাৰ দক্ষিণত অৱস্থিত। গুৱাহাটীৰ সমীপৰ সৰ্বশ্ৰেষ্ঠ বনভোজস্থলীসমূহৰ ভিতৰৰ অন্যতম উকিয়াম।এই ঠাইখনৰ সৌন্দৰ্য্যই পৰ্যটকৰ মন ভৰাই তোলে।এই বনভোজস্থলী তিনিখন নদী ড্ৰোন, শ্ৰী আৰু ডিলমাৰ সঙ্গমস্থলৰ সমীপতে অৱস্থিত। তদুপৰি উকিয়ামৰ শান্ত পৰিৱেশ, চাৰিওফালৰ গাওঁবোৰৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যও বনভোজকাৰীসকলক আকৰ্ষিত কৰে।

শিৱকুণ্ড

শিৱকুণ্ড
শিৱকুণ্ড

মৰিগাঁও জিলাৰ আমছৈ পাহাৰৰ এটা বিখ্যাত জলপ্ৰপাত শিৱকুণ্ড। এই জলপ্ৰপাতৰ গাখীৰ দৰে  বগা পানী শিলাময় পাহাৰৰ মাজেৰে সুন্দৰ পুখুৰীলৈ প্ৰবাহিত হৈ থাকে।এই মনোমোহা দৃশ্য উপভোগ কৰি বনভোজ খাবলৈ বহু বনভোজকাৰীয়ে শিৱকুণ্ডত ভিৰ কৰা দেখা যায়।দৰ্শনাৰ্থীসকলে দলঙৰ ওপৰৰ পৰা জলপ্ৰপাতটোৰ আকৰ্ষণীয় সৌন্দৰ্য প্ৰত্যক্ষ কৰিব পাৰে।শিৱকুণ্ডৰ সমীপৰ পৰম্পৰাগত ‘কটেজ’বোৰেও দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰে।

নাজিৰাঘাট

নাজিৰাঘাট
নাজিৰাঘাট

নাজিৰাঘাট গুৱাহাটীৰ পৰা ২৫ কিলোমিটাৰ নিলগত সোনাপুৰত অৱস্থিত। গুৱাহাটীৰ সমীপৰ বনভোজৰ বাবে ই এক অন্যতম সুন্দৰ স্থান। নাজিৰাঘাট নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ বনভোজৰ বাবে মুকলি কৰি দিয়া হয়। নাজিৰাঘাটৰ সমীপতে খেলা-ধূলাৰ বাবে মুকলি ঠাই আছে।যাৰ বাবে বনভোজকাৰী সকলে এই মুকলি ঠাইখিনি বিভিন্ন ধৰণে মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰিব পাৰে।নাজিৰাঘাটত ওখ গছ, জলপ্ৰপাত, শিলাময় তথা পাহাৰীয়া অঞ্চল আৰু হাজাৰ হাজাৰ বছৰ পুৰণি শিলত কটা ভাস্কৰ্য আছে।

হাতীশিলা

হাতীশিলা
হাতীশিলা

চন্দ্ৰপুৰ পথত অৱস্থিত এই সুন্দৰ ঠাইখন গুৱাহাটীৰ সমীপৰ সবাতোকৈ উত্তম বনভোজস্থলী বুলি কলেও হয়তো ভুল কোৱা নহ’ব।এই ঠাইখনৰ সমীপতে দুটা ডাঙৰ ডাঙৰ শিলৰে নিৰ্মিত  এটা গণেশ মন্দিৰ আছে।নতুন বছৰটোত প্ৰভুৰ আশীৰ্বাদ লৈ এসাজ লগে ভাগে খাবলৈ হাতীশিলাত বনভোজকাৰীৰ ভিৰ হোৱা পৰিলক্ষিত হয়।হাতীশিলাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ ফুল-ফুলেও বনভোজকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে।

টেঘেৰীয়া

টেঘেৰীয়া
টেঘেৰীয়া

গুৱাহাটীৰ পৰা ৪৪ কিলোমিটাৰ দূৰতে আছে বনভোজৰ বাবে অন্যতম পছন্দৰ ঠাই টেঘেৰীয়া জলপ্ৰপাত। এই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি মনোমোহা। সেউজীয়া পাহাৰবোৰৰ মাজৰে বৈ আছে টেঘেৰীয়া জলপ্ৰপাত। এই জলপ্ৰপাতৰ সৌন্দৰ্য্যৰ সমান্তৰালকৈ পাহাৰৰ বুকুৰে বৈ অহা  শীতল সতেজ পানীৰ শব্দইও সকলোৰে মন-প্ৰাণ ভৰাই তোলে।টেঘেৰীয়াৰ সমীপতে বনভোজকাৰীসকলে বিভিন্ন পৰম্পৰাগত থলুৱা ব্যঞ্জন তথা পানীয়ৰো সোৱাদ ল’ব পাৰে।

তপোবন

তপোবন
তপোবন

পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বনভোজৰ বাবে অন্যতম এক সুন্দৰ ঠাই তপোবন।তপোবন গুৱাহাটী চহৰৰ পৰা মাত্ৰ ২২ কিলোমিটাৰ দূৰত অৱস্থিত। এই  ঠাইৰ স্থানীয় লোকসকলে বনভোজকাৰীৰ পৰা এটা মাচুল সংগ্ৰহ কৰে। এই মাছুলৰে স্থানীয় লোকসকলে সমগ্ৰ ঠাইডোখৰ চাফা-চিকুণ কৰি বনোভোজৰ বাবে উপযোগী কৰি ৰাখে।আপোনজনৰ লগত পছন্দৰ এখন বিশেষ ফটো তোলা তথা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰে সূৰ্যাস্ত হোৱাৰ দৃশ্য উপভোগৰ বাবে তপোবন উৎকৃষ্ট ঠাই।ইয়াৰ কাষে-বাৰে থকা দোকানসমূহত বিভিন্ন স্থানীয় থলুৱা সামগ্ৰীৰ লগতে বনভোজৰ প্ৰয়োজনীয় সামগ্ৰীও উপলদ্ধ।

কপিলী

কপিলী
কপিলী

কেৱল গুৱাহাটীৰ বুলিয়েই নহয়,ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ অন্যতম পছন্দৰ বনভোজস্থলী হৈছে কপিলী।ৰাণীৰ কপিলী গুৱাহাটীৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত।প্ৰকৃতিক সৌন্দৰ্য্যৰ লগতে স্থানীয় খাদ্যৰ বাবে বিখ্যাত কপিলীত প্ৰতি বছৰেই ডিচেম্বৰৰ পৰা ফ্ৰেব্ৰুৱাৰীলৈ বনভোজকাৰীৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in