/asomiyapratidin/media/media_files/2025/12/10/web-tulsi-2025-12-10-13-14-24.jpg)
ডিজিটেল ডেস্ক: তুলসীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। তুলসীৰ বহুতো আয়ুৰ্বেদ গুণ আছে, যিয়ে আমাৰ শৰীৰক বহুতো লাভালাভ প্ৰদান কৰে। কিন্তু বহুতেই হয়তো নাজানে যে, ই আপোনাৰ মুখমণ্ডলৰ সৌন্দৰ্য বজাই ৰখাতো যথেষ্ট সহায়ক। হয়, তুলসীৰ পানীত এক শক্তিশালী এণ্টিমাইক্ৰোবাইল থাকে, যিয়ে ছাল সম্পৰ্কীয় বহুতো ৰোগ আৰু সমস্যা আঁতৰ কৰাত সহায় কৰাৰ লগতে ছালখনক উজ্জ্বল কৰি তোলে। ছালৰ উজ্জ্বলতা বৰ্তাই ৰাখিবলৈ আপুনি তুলসীৰ পানী কিদৰে ব্যৱহাৰ কৰিব, জানো আহক-
তুলসীৰ পানী তৈয়াৰ কৰাৰ বাবে লাগতীয়াল উপাদানসমূহ
তুলসীৰ পাত - ১ মুঠি
পানী - ১ কাপ
গোলাপ জল - ১ টেবল চামুচ
নেমুৰ ৰস - ১ চাহ চামুচ
লসীৰ পানী কেনেদৰে তৈয়াৰ কৰিব
- তুলসীৰ পানী তৈয়াৰ কৰিবলৈ প্ৰথমে সতেজ তুলসীৰ পাতখিনি ধুই একাপ পানীত তিয়াই ৰাখিব।
- পিছদিনা ৰাতিপুৱা এই পানীখিনি পাতৰ পৰা ছেকনীৰে ছেকি পেলাব।
- এতিয়া এই তুলসীৰ পানীত নেমুৰ ৰস আৰু গোলাপ জল মিহলি কৰক আৰু এই মিশ্ৰণটো এটা বটলত ভৰাই ৰাখক।
- এই পানী দৈনিক মুখত নিয়মীয়াকৈ প্ৰয়োগ কৰক। এনে কৰাৰ দ্বাৰা আপোনাৰ মুখখন জিলিকি উঠিব।
তুলসীৰ পানী ব্যৱহাৰ কৰাৰ লাভালাভ
- তুলসীৰ পানীত থকা বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণে ছালক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি নখৰ শালমইনাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। যদি ছালত কোনো ধৰণৰ সংক্ৰমণ হয়, দৈনিক তুলসীৰ পানী ব্যৱহাৰ কৰিব। ইয়াৰ বাবে, প্ৰতি ৰাতি আৰু ৰাতিপুৱা মুখত তুলসীৰ পানী প্ৰয়োগ কৰিব।
- দৈনিক মুখত তুলসীৰ পানী প্ৰয়োগ কৰিলে ৰক্ত সঞ্চালন উন্নত হয়, যি ছালৰ উন্নতিৰ সৈতে মুখৰ দাগ ক্ৰমান্বয়ে হ্ৰাস কৰে।
- তুলসীৰ পানীত থকা এণ্টি-এজিং গুণাগুণে ছাল টান কৰাত সহায় কৰে।
Also Read: সৌন্দৰ্যৰ লগতে বেমাৰো বঢ়াই লিপষ্টিকে, সাৱধান হওঁক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us