/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/95b76c4d-9423-414b-bb7a-230e1d31872b/AP_FOR_WEB_curd.jpg)
ডিজিটেল ডেস্ক: পুষ্টিকৰ গুণৰে পৰিপূৰ্ণ দৈ শৰীৰৰ বাবে অতি উপকাৰী।ইয়াত কেলচিয়াম, ভিটামিন বি ১২, ভিটামিন বি৬, ৰাইবোফ্লেভিন আৰু প্ৰ'টিনৰ দৰে পুষ্টি থাকে, যিয়ে আমাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। দৈয়ে বদহজম আৰু কোষ্ঠকাঠিন্যৰ দৰে ৰোগৰ পৰা সকাহ দিয়ে। দৈত থকা চেনী, চৰ্বি আৰু কাৰ্বোহাইড্ৰেটে আমাৰ পেশীবোৰ শক্তিশালী কৰে।কিন্তু দৈৰ পৰা সকলো পুষ্টিকৰ গুণাগুণ প্ৰাপ্ত কৰাৰ বাবে আমি সঠিক সময়ত আৰু সঠিক উপায়েৰে দৈ খোৱাটো অতি গুৰুত্বপূৰ্ণ। আজি এই বিষয়ে জানো আহক-
দৈ খোৱাৰ সঠিক সময়
শৰীৰত দৈৰ প্ৰভাৱ ঠাণ্ডা। সেয়েহে বিশেষজ্ঞসকলৰ মতে দৈ আবেলি খাব লাগে। ই পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখে। কিন্তু শীতকালত ইয়াক খোৱা পৰিহাৰ কৰিব লাগে।শীতকালত দৈ খোৱাৰ ফলত চৰ্দি, কাহ আদিৰ দৰে সমস্যা হ'ব পাৰে। ইয়াৰ বাহিৰেও দৈ সতেজকৈ খাব লাগে। পুৰণি বা টেঙা দৈ খালে গেষ্ট্ৰিকৰ সমস্যা আৰু পিত্ত ৰোগ হ'ব পাৰে।
দৈ এই সময়ত খাব নালাগে
দৈ ৰাতি খাব নালাগে আৰু ইয়াক গৰম কৰি নাখাব।তদুপৰি, দৈ নিমখ, গাখীৰ, মাছ, ঘিউ আৰু মৌৰ সৈতে মিহলি কৰি খাব নালাগে।
দৈ খোৱাৰ লাভালাভ
- দৈনিক দৈ খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বহুতো সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে।
-দৈত থকা প্ৰ'বায়'টিক বেক্টেৰিয়াই পাচন তন্ত্ৰ শক্তিশালী কৰে।
-দৈৰ নিয়মীয়া ব্যৱহাৰে কলেষ্টেৰল হ্ৰাস কৰে। যি হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ্ৰাস কৰে লগতে ৰক্তচাপ স্বাভাৱিক কৰে।
- দৈ মুখৰ আলচাৰ নিৰাময় কৰাতো সহায়ক। মৌৰ সৈতে দৈ মিহলি কৰি ইয়াক আলচাৰত প্ৰয়োগ কৰিলে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰি।
- দৈত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। ইয়াৰ নিয়মীয়া গ্ৰহণে দাঁত আৰু হাড় শক্তিশালী কৰে।
- ওজন হ্ৰাস কৰিবলৈও আপুনি দৈ খাব পাৰে। দৈয়ে পাকস্থলী ভৰ্তি অনুভৱ কৰায় আৰু ইয়াত থকা কেলচিয়ামে শৰীৰৰ কৰ্টিচোল হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত ওজন হ্ৰাস হয়।