/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c244068f-2964-490f-a123-a6dd6edcf12d/AP_FOR_WEB_fruits.jpg)
Best Winter Fruits to Keep You Healthy
ডিজিটেল ডেস্ক: কথাতেই কয়-বতৰৰ ফল বতৰত খাবা, তেহে দেহাত শকতি পাবা।হয়, বতৰৰ ফল বতৰত খালে আমাৰ শৰীৰটোয়ে সকলো লাগতিয়াল পুষ্টি লাভ কৰে।এতিয়া শীতকাল।চৌদিশে শুকান পৰিৱেশ।ঠাণ্ডা দিনত বায়ুমণ্ডলৰ তাপমাত্ৰা হ্ৰাস হোৱাৰ ফলত আমাৰ শৰীৰত ভাইৰেল সংক্ৰমন,কাহ-চৰ্দিকে ধৰি বহু সমস্যাৰ আবিৰ্ভাৱ হয়।এই সময়ছোৱাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰোটা অতি প্ৰয়োজনীয় হৈ পৰে।ঠাণ্ডা দিনত আমাৰ শৰীৰৰ অধিকাংশ পুষ্টি পূৰণ কৰিব পাৰে ফল-মূলে।শীতকালত আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলগীয়া ফলসমূহৰ বিষয়ে আজি জানো আহক-
আপেল
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f3889b6c-602c-4fe1-9352-1c8056227fca/apple.webp)
আপেল হৈছে শীতকালত আটাইতকৈ উপলব্ধ ফল।আপেলত আঁহ,ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। সেইবোৰত পেকটিন থাকে, যি অন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে। আপেলত থকা এণ্টিঅক্সিডেণ্টবোৰে হৃদৰোগ আৰু ডায়েবেটিচৰ আশংকা হ্ৰাস কৰে।আপেলত থকা ভিটামিন-চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে।
কমলা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a6f619ac-9edb-48cf-bc27-2f5204adbed6/orange.jpg)
সামান্য টেঙা আৰু মিঠা এই ফলবিধত ভিটামিন চি, আঁহ, পটাছিয়াম, ফোলেট আৰু থায়ামিন থাকে।কমলাত থকা ভিটামিন চিয়ে শৰীৰটোক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে।কমলাই ছালখনকো উজ্জল কৰি ৰাখে।কমলা খালে কৰ্কট ৰোগ আৰু বৃক্ক ৰোগ হোৱাৰ আশংকা একেবাৰে কম।কমলা ৰঙত থকা ফলেটে ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে।
Also Read: Health Benefits of Oranges: আপোনাৰ প্ৰিয় ফল কমলাৰ উপকাৰিতা
কিৱি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/02d8ea53-56a8-4311-a4c8-1a4fc7ab8b68/kiwi.jpg)
শীতৰ মাহবোৰত সচৰাচৰ উপলব্ধ হোৱা কিৱি, বিভিন্ন পুষ্টি যেনে ভিটামিন চি, লো, আঁহ আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ।কিৱিয়ে ছালৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু ছালত হোৱা আগতীয়া বয়সৰ চাপ প্ৰতিহত কৰে। কিৱিত মেগনেছিয়াম, পটাছিয়াম, কেলচিয়াম, ফছফৰাছ, তাম, জিংক আৰু লোৰ দৰে খনিজ পদাৰ্থও থাকে।
মধুৰিআম
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f109a4d4-9d70-468e-b7fa-e94cc99da652/guava.jpg)
মধুৰিআমত অবিশ্বাস্য পুষ্টিগত উপাদান যেনে ভিটামিন এ, ফোলেট, পটাছিয়াম, কপাৰ আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে।শীতকালত মধুৰিআম খালে কোষবোৰ ক্ষতি হোৱাৰ পৰা বাচি থাকে।মধুৰিআমত থকা পেকটিনে হজম শক্তি বৃদ্ধি কৰে আৰু মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।ডায়েবেটিচ ৰোগীসকলৰ বাবেও মধুৰিআমক এক অতি পুষ্টকৰ ফল বুলি গণ্য কৰা হয়।
Also Read: 15 Amazing Guava Benefits: মধুৰিআমৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে?
ষ্ট্ৰবেৰী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8e527a88-5a83-42fe-9fa5-6de5775a5abf/straw.jpg)
মিঠা আৰু টেঙা সোৱাদৰ ৰসাল ৰঙা ৰঙৰ জামুজাতীয় এই ফলবিধত ফোলেট, মেঙ্গানিজ, পটাছিয়াম, ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট অতি প্ৰচুৰ পৰিমাণে থাকে।ষ্ট্ৰবেৰীয়ে ক্ৰনিকজাতীয় ৰোগবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এইবিধ ফল অতি কম কেলৰীযুক্ত আৰু ইয়াত পানীৰ পৰিমাণ বহু বেছকৈ আছে।যাৰ বাবে ই শৰীৰৰ ওজন হ্ৰাস কৰাতো যথেষ্ট সহায় কৰে।
আঙুৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d4173d3e-ce6c-46b1-abe5-dac0e38d6019/grapes.jpg)
বজাৰত সেউজীয়াৰ লগতে ৰঙা বা বেঙুনীয়া ৰঙৰ আঙুৰ উভৈনদী হৈ থাকে।এই আটাইকেইবিধ আঙুৰেই অতি পুষ্টিকৰ আৰু সমানেই সুস্বাদু। আঙুৰত আঁহ থাকে বাবে ই পাচন তন্ত্ৰৰ বাবে অতি ভাল বুলি বিবেচনা কৰা হয়। আঙুৰত থকা প্ৰাকৃতিক ফাইটোকেমিকেলে কেইবাটাও দীৰ্ঘম্যাদী ক্ৰনিকজনিত ৰোগৰ বিপদাশংকা প্ৰতিহত কৰে।
ডালিম
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4a5cbc06-3cd5-44e1-b5c2-d65a6bd1abba/pome.webp)
শীতকালত উপলব্ধ এবিধ অতি সুস্বাদু আৰু উপকাৰী ফল হৈছে ডালিম।ডালিম তেজৰ বাবে অতিকৈ উপকাৰী ফল।ই শৰীৰৰ চাপ হ্ৰাস কৰে। ডালিম ৰক্তচাপ ৰোগীসকলৰ বাবে এক অতি উৎকৃষ্ট ফল।
আমলখি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4501fd3f-df56-4107-b5ba-13455d322717/amlokhi.jpg)
আমলখিৰ গুণাগুণবোৰ আয়ুৰ্বেদত অতি সুন্দৰকৈ বৰ্ণনা কৰা হৈছে।আমলখি ভিটামিন চিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গণ্য কৰা হয়। কেৱল ১০০ গ্ৰাম আমলাত ৭০০ মি.গ্ৰা. পৰ্যন্ত ভিটামিন চি থাকে।এইবিধ ফলে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে।আমলখিয়ে শৰীৰটোক ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা সুৰক্ষা দিয়ে আৰু ইয়াক অক্সিডেটিভ চাপৰ পৰা সুৰক্ষিত কৰে।