Health Benefits of Oranges: আপোনাৰ প্ৰিয় ফল কমলাৰ উপকাৰিতা

কথাতেই কয়-বতৰৰ ফল বতৰত খাবা, তেহে গাত শকতি পাবা। শীত কালত প্ৰকৃতিয়ে পৃথিৱীক দান কৰে সকলোৰে অন্যতম প্ৰিয় ফল কমলা বা সুমথিৰা।ঠাণ্ডাত ৰ’দত বহি বিভিন্ন ধৰণে জুতি লগায় সকলোয়ে কমলাৰ সোৱাদ লয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
m hgmghm,g,hj,

ডিজিটেল ডেস্ক: কথাতেই কয়-বতৰৰ ফল বতৰত খাবা, তেহে গাত শকতি পাবা। শীত কালত প্ৰকৃতিয়ে পৃথিৱীক দান কৰে সকলোৰে অন্যতম প্ৰিয় ফল কমলা বা সুমথিৰা। ঠাণ্ডাত ৰ’দত বহি বিভিন্ন ধৰণে জুতি লগায় সকলোয়ে কমলাৰ সোৱাদ লয়। সুগন্ধ, সুস্বাদু, সুস্বাস্থ্যৰ আকৰ কমলা টেঙাই শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষণ কৰে।নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা ধৰণৰ কমলাই অসমৰ বজাৰ ভৰি পৰে। কমলা স্বাস্থ্যৰ পক্ষে অতি উপকাৰী।আজি জানক আপোনাৰ প্ৰিয় ফল কমলাৰ কেতবোৰ চমৎকাৰী গুণাগুণ-

ভিটামিন চিৰ উৎস

কমলা হৈছে ভিটামিন চি-ৰ এক উৎকৃষ্ট উৎস।এটা কমলাই দিনটোত দেহক প্ৰয়োজনীয় অধিকাংশ ভিটামিনই প্ৰদান কৰে। 

ৰোগ প্ৰতিৰোধক 

কমলাত থকা ভিটামিন চি য়ে ৰোগ প্ৰতিৰোধ কৰি শৰীৰটোক বেমাৰ-আজাৰৰ পৰা মুক্ত তথা  সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ছালক সজীৱ কৰে

কমলাত থকা এণ্টি-অক্সিডেণ্টে ছালক বয়স বৃদ্ধিৰ লক্ষণৰ পৰা মুক্ত কৰাত সহায় কৰে।

নিয়ন্ত্ৰণত ৰাখে ৰক্তচাপ 

'ভিটামিন বি৬' সমৃদ্ধ কমলাই হিমোগ্ল’বিন উৎপাদনত সহায় কৰে।কমলাত মেগনেছিয়ামৰ উপস্থিতিৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণতো ই সহায় কৰে।

হ্ৰাস কৰে কলেষ্টৰেল 

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডিয়ান গৱেষকৰ এক অধ্যয়ন অনুসৰি কমলাই কলেষ্টৰেল হ্ৰাস কৰিব পাৰে।

Also Read: 15 Amazing Guava Benefits: মধুৰিআমৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে?

ভালে ৰাখে হৃদযন্ত্ৰৰ স্বাস্থ্য 

কমলাত থকা পুষ্টিবোৰে হৃদৰোগৰ আশংকা হ্ৰাস কৰে। হৃদৰোগ হৈছে বিশ্বব্যাপী অকাল মৃত্যুৰ এটা মুখ্য কাৰণ। কমলাই কলেষ্টৰেলৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে,যি হৃদযন্ত্ৰৰ বেছিভাগ ৰোগৰ আঁৰৰ অন্যতম কাৰণ।

নিয়ন্ত্ৰণ কৰে ৰক্ত শৰ্কৰাৰ স্তৰ

কমলাত থকা আঁহে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে যাৰ ফলত ডায়েবেটিচ থকা লোকসকলৰ বাবে কমলা এক স্বাস্থ্যকৰ ফল হিচাপে বিবেচিত হৈছে।আনহাতে, অত্যাধিক কমলা খালেও ই দেহত ইনচুলিন বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ওজনো বৃদ্ধি কৰিব পাৰে।

হ্ৰাস কৰে কৰ্কট ৰোগৰ আশংকা 

কমলাত ডি-লিমোনেন থাকে। যিয়ে হাঁওফাঁওৰ কৰ্কট ৰোগ, ছালৰ কৰ্কট ৰোগ আৰু আনকি স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

উন্নত কৰে চকুৰ স্বাস্থ্য

কমলা হৈছে কেৰোটিনইডৰ এক সমৃদ্ধ উৎস। কমলাত থকা ভিটামিন এ-য়ে চকুৰ শ্লেষ্মা আৱৰণটো স্বাস্থ্যৱান কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

দূৰ কৰে কোষ্ঠকাঠিন্য 

কমলাত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োধৰণৰ আঁহ থাকে। ই দেহৰ অন্ত্ৰ আৰু পাকস্থলীৰ কাৰ্য মসৃণ ৰখাত সহায় কৰে।তদুপৰি আঁহে কোষ্ঠকাঠিন্য দূৰ কৰাত যথেষ্ট সহায় কৰে।