HAPPY NEW YEAR WISHES IN ASSAMESE : আপোনজনক এইদৰে জনাওক নতুন বছৰৰ শুভেচ্ছা

নতুন সদায় বিশেষ ! এতিয়া ২০২৫ ক বিদায় দি ২০২৬ক আদৰাৰ সময়। এই সময়তে আমি আপোনজনক নতুন বছৰটো শুভ হোৱাৰ বাবে শুভেচ্ছা জনাও। আপুনিও তলত উল্লেখিত...

author-image
সংগীতা দাস
New Update
PHOTO

ডিজিটেল ডেস্ক: নতুন সদায় বিশেষ ! এতিয়া ২০২৫ ক বিদায় দি ২০২৬ক আদৰাৰ সময়। এই সময়তে আমি আপোনজনক নতুন বছৰটো শুভ হোৱাৰ বাবে শুভেচ্ছা জনাও। আপুনিও তলত উল্লেখিত ধৰণৰে প্ৰিয়জনক নতুন বছৰৰ শুভেচ্ছা  জ্ঞাপন কৰিব পাৰে।   

শুভ নৱবৰ্ষ ২০২৬ !

  • আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালো। সুখ, শান্তি তথা সফলতাৰে ভৰি পৰক আপোনাৰ এই নতুন বছৰ !
  • নতুন বছৰটো এখন উকা কিতাপৰ দৰে আৰু কলমটো আপোনাৰ হাতত। কাহিনী সুন্দৰকৈ লিখিব। শুভ নৱবৰ্ষ !
  • ২০২৬ চনৰ প্ৰতিটো দিনেই আপোনাৰ বাটত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক, তাৰেই কামনা কৰিছো। 
  • এই বছৰটো আপোনাৰ বাবে সুস্বাস্থ্য, সুখ আৰু অবিস্মৰণীয় মুহূৰ্তেৰে ভৰা হওক। শুভ নৱবৰ্ষ !
  • নতুন বছৰৰ শুভেচ্ছা জনালো। নৱবৰ্ষই আপোনালৈ কঢ়িয়াই আনক নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তন।
  • এই বছৰৰ প্ৰতিটো দিন আশা, আনন্দ আৰু ইতিবাচকতাৰে উজ্জ্বল হওক। শুভ ২০২৬ !
  • প্ৰতিটো প্ৰত্যাহ্বান সুযোগলৈ পৰিণত হওক, আনন্দ-ফূৰ্তিবোৰ ক্ৰমান্বয়ে বাঢ়ি যাওক। শুভ নৱবৰ্ষ !
  • শুভ নৱবৰ্ষ ! নতুন বছৰৰ প্ৰতিটো দিন ৰ’দৰ পোহৰৰ দৰেই উজ্জ্বল হওক।
  • শুভ নৱবৰ্ষ ! আপোনাৰ দিনবোৰ উজ্জ্বল, ৰাতিবোৰ শান্ত আৰু  মুহূৰ্তবোৰ খুব মধুৰ হওক, তাৰে কামনা কৰিছো।
  • শুভ নৱবৰ্ষ ! আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে যাতে স্বাস্থ্য ভালে থাকে, ঘৰখনৰ  সুখ-শান্তি অটুট থাকে তাৰ কামনা কৰিছো।
  • শুভ নৱবৰ্ষ ! সৰু সৰু কথাবোৰ উপভোগ কৰি জীৱনটো সুখৰ কৰি তোলক।
  • প্ৰতিটো শেষে এক নতুন আৰম্ভণিৰ সূচনা কৰে। দৃঢ়তাক শক্তিশালী কৰি ৰাখক আৰু নিজৰ সপোন পূৰণ কৰক। নতুন বছৰৰ শুভকামনা !
  • প্ৰতিটো দিনেই আপোনাক শিকিবলৈ আৰু অৰ্থপূৰ্ণ স্মৃতি সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰক, তাৰেই কামনা কৰিছো।
  • এই নতুন বৰ্ষটো আপুনি পৰিৱৰ্তনক আঁকোৱালি লোৱা আৰু নিৰ্ভীকভাৱে নিজৰ সপোন খেদি আগুৱাই যোৱা বছৰ হওক।
  • প্ৰতিদিনে সূৰ্য্য উদয়ে আপোনাক নতুন সুযোগ আৰু নতুন দুঃসাহসিক অভিযানৰ কথা সোঁৱৰাই দিয়ক। শুভ নৱবৰ্ষ !
  • নতুন বছৰৰ শুভকামনা জনালো। এই বছৰটোত আপুনি সুযোগৰ বাবে অপেক্ষা নকৰিব, সুযোগবোৰ সৃষ্টি কৰক।
  • এই বছৰটোত আশাই আপোনাক পথ প্ৰদৰ্শন কৰক, কৌতুহলে আপোনাক আগুৱাই নিয়ক আৰু আনন্দই জীৱনটো জীপাল কৰক। শুভ নৱবৰ্ষ !
  • নতুন বছৰৰ শুভকামনা জনালো। আগন্তুক বছৰটোত সাহস, আশা আৰু প্ৰেমে আপোনাক পথ প্ৰদৰ্শন কৰক, তাৰ কামনা কৰিলো।
  • আগন্তুক বছৰটোয়ে আপোনাৰ বাবে কঢ়িয়াই আনক সুখ, শান্তি আৰু প্ৰশান্তি। শুভ নৱবৰ্ষ !
  • আগন্তুক বছৰটো আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বৰ্ষ হওক, তাৰে কামনা কৰিলো। শুভ নৱবৰ্ষ !
  • নতুন বছৰটো সুন্দৰকৈ পাৰ হওক, সকলো মনোকামন পূৰণ হওঁক। ঈশ্বৰে কৃপা কৰক। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো।
  • আপোনাৰ জীৱনৰ পৰা সকলো নেতিবাচকতা দূৰ হওক, সকলোবোৰ আপুনি মনে ভবাৰ ধৰণৰেই হওক।  HAPPY NEW YEAR 2026 !
  • HAPPY NEW YEAR 2026 ! সকলো ভাল হওক, সকলোৰে ভাল হওক।