
ডিজিটেল ডেস্ক: অসম চাহ, মুগা ৰেচম, তেল-পেট্ৰ'লিয়াম তথা জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত।এই বিচিত্ৰ ৰাজ্যত বাস কৰা জনসাধাৰণৰ বাবে জীৱনৰ উৎস হৈছে ব্ৰহ্মপুত্ৰ নদী।অসমত থকা বিভিন্ন আপুৰুগীয়া সম্পদবোৰৰ বাবেই অসম পৰ্যটক সকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু।পৰ্যটক সকলক আৰ্কষিত কৰা অসমত বহু ধৰ্মীয় স্থান তথা মন্দিৰ আছে, এই মন্দিৰ সমূহৰ অধিকাংশই প্ৰাচীৰ।
অসমক সুকীয়া পৰিচয় দিয়া এই মন্দিৰসমূহ হৈছে-
কামাখ্যা দেৱীৰ নামত উৎসৰ্গিত কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত।এই মন্দিৰটো দেশৰ ৫১ টা শক্তিপীঠৰ আটাইতকৈ পুৰণি।এই মন্দিৰটো তথা ইয়াৰ মূল প্ৰৱেশদ্বাৰটোৰ কাৰুকাৰ্য অতি চমৎকাৰী।কামাখ্যা মন্দিৰৰ দেৱালবোৰতো বহু ভাস্কৰ্যশিল্প খোদিত হৈ আছে।অম্বুবাচী মেলাৰ সময়ত এই মন্দিৰত দেশ-বিদেশৰ লাখ-লাখ ভক্তৰ সমাগম হয়।বিশেষকৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত কামাখ্যা মন্দিৰত ভক্তই ভিৰ কৰা দেখা যায়।
নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ দক্ষিণ-পূব অংশৰ পাহাৰত অৱস্থিত। ভক্তই জাগ্ৰত বুলি বিশ্বাস কৰা এই মন্দিৰটো ১০০০ বছৰতকৈও অধিক পুৰণি বুলি কোৱা হয়। নামটোৱে সূচোৱা ধৰণেই মন্দিৰৰ ভিতৰত বিভিন্ন গ্ৰহক প্ৰতিনিধিত্ব কৰা ভগৱান শিৱৰ সূৰ্য, চন্দ্ৰ, মঙ্গল, বুধ,বৃহস্পতি, শুক্ৰ, শনি, ৰাহু, আৰু কেতু মুঠ ৯ টা লিংগ আছে।নৱগ্ৰহ মন্দিৰ ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল।অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজৰ সময়ছোৱা নৱগ্ৰহ মন্দিৰ দৰ্শন কৰাৰ সৰ্বশ্ৰেষ্ঠ সময়।
উমানন্দ মন্দিৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দত অৱস্থিত। এই নদীদ্বীপটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত।উমানন্দ মন্দিৰটো ভগৱান শিৱক উৎসৰ্গা কৰি ১৬৯৪ চনত ৰজা গদাধৰ সিঙে নিৰ্মাণ কৰিছিল।শিৱৰাত্ৰিত এই মন্দিৰত বহু সংখ্যক দৰ্শনাৰ্থী তথা ভক্তৰ ভিৰ হয়। ধাৰ্মিক, ঐতিহাসিক গুৰুত্ব ,শিলৰ ভাস্কৰ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু দ্বীপটোৰ মনোৰম দৃশ্যই ভক্তপ্ৰাণ ৰাইজক বাৰুকৈয়ে আকৰ্ষিত কৰে।এই মন্দিৰ ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে শীতৰ মাহ বিশেষকৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহ।
দৌল গোবিন্দা মন্দিৰ উত্তৰ গুৱাহাটীত অৱস্থিত। এই মন্দিৰটো ভগৱান কৃষ্ণক উৎসৰ্গিত।হোলী এই মন্দিৰত উদযাপন কৰা মুখ্য উৎসৱ।ৰঙৰ উৎসৱ হোলী ইয়াত পাঁচ দিন ধৰি উদযাপন কৰা হয়।এই মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে। নদীৰ পাৰবোৰো এটা বনভোজৰ অন্যতম স্থান।
গুৱাহাটীৰ আটাইতকৈ গৌৰৱময় মন্দিৰসমূহৰ ভিতৰত অন্যতম তিৰুপতি বালাজী মন্দিৰ।এই মন্দিৰটো ভগৱান ভেঙ্কটেশ্বৰক উৎসৰ্গিত। এই মন্দিৰৰ স্থাপত্যশৈলী দক্ষিণ ভাৰতীয়। এই মন্দিৰটোৰ তামিলনাডুৰ মূল তিৰুপতি বালাজী মন্দিৰৰ সৈতে বহু সাদৃশ্য আছে। তিৰুপতি বালাজী মন্দিৰ ১৯৯৮ চনত নিৰ্মাণ কৰা হৈছিল।
অসমৰ প্ৰাচীন মন্দিৰসমূহৰ ভিতৰৰ অন্যতম অস্বক্লান্ত মন্দিৰ।অস্বক্লান্ত মন্দিৰটো ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত।এই মন্দিৰটো ইয়াৰ মনোৰম সৌন্দৰ্যৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।জনবিশ্বাস মতে, যিসকলে পাপ কৰে তেওঁলোকে এই মন্দিৰ দৰ্শন কৰি পাপৰ পৰা মুক্তি পাব পাৰে।১৮৯৭ চনৰ মহাভূমিকম্পত মন্দিৰটোৰ যথেষ্ট ক্ষতিসাধন হৈছিল। কিন্তু ১৯০১ চনত লৰ্ড কাৰ্জনৰ পৃষ্ঠপোষকতাত ইয়াক পুনৰ মেৰামতি কৰা হয়। জন্মাষ্টমী আৰু অশোকস্তমী এই মন্দিৰত ভক্তৰ সমাগম বেছি হয়।এই মন্দিৰৰ এক পৌৰাণিক কাহিনীও আছে । ভগৱান কৃষ্ণই নৰকাসুৰাৰ সৈতে যুঁজিবলৈ যাওঁতে ইয়াত তেওঁৰ সৈন্যৰ সৈতে বিশ্ৰাম কৰিছিল।
উগ্ৰতাৰা মন্দিৰ ভগৱান শিৱৰ প্ৰথম অংশীদাৰ দেৱী সতীক উৎসৰ্গিত কৰা হয়। মন্দিৰটো ১৭২৫ চনত শিৱ সিংহই নিৰ্মাণ কৰিছিল। উগ্ৰতাৰা মন্দিৰ গুৱাহাটীৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন স্থলীবোৰৰ ভিতৰত অন্যতম।এই মন্দিৰটো গুৱাহাটীৰ বিখ্যাত জোৰ পুখুৰীৰ পাৰত অৱস্থিত। দুৰ্গা পূজা আৰু কালী পূজাৰ সময়ত এই মন্দিৰত দৰ্শনাৰ্থীৰ যথেষ্ট ভিৰ হয়।
গুৱাহাটীত অৱস্থিত এই মন্দিৰটো ভগৱান শিৱৰ প্ৰতি সমৰ্পিত।১৭৬৪ চনত ৰজা ৰাজেশ্বৰ সিংহই এই মন্দিৰটো নিৰ্মাণ কৰিছিল।বশিষ্ঠ এজন ঋষিৰ নাম। তেওঁ এটা গুহাত বাস কৰি ধ্যান কৰিছিল।এই ঋষি জনৰ নামৰেই মন্দিৰটো নামকৰণ কৰা হৈছিল।এই মন্দিৰটো গুৱাহাটীৰ দক্ষিণ-পূৱ কোণত অৱস্থিত। মেঘালয়ৰ পাহাৰৰ পৰা বৈ আহি মন্দিৰটোত পৰা পানীৰ সোঁতে এক মনোৰম দৃশ্যৰ সৃষ্টি কৰে, যিয়ে দৰ্শনাৰ্থীসকলক বাৰুকৈয়ে আকৰ্ষিত কৰে।
লংকেশ্বৰ মন্দিৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত অৱস্থিত। পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰটোত ভগৱান শিৱক আৰাধনা কৰা হয়।সেয়ে স্বাভাৱিকভাৱেই মহা শিৱৰাত্ৰিৰ সময়ত এই মন্দিৰটোত অগনণ ভক্তৰ ভিৰ হয়।
শুক্ৰেশ্বৰ মন্দিৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত থকা শুক্ৰেশ্বৰ পাহাৰৰ অৱস্থিত।এই মন্দিৰটো ভগৱান শিৱৰ প্ৰতি সমৰ্পিত।শুক্ৰেশ্বৰ মন্দিৰ অষ্টাদশ শতিকাত প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল।এই মন্দিৰৰ সুন্দৰ স্থাপত্য এতিয়াও অক্ষত আছে।
বাঘেশ্বৰী মন্দিৰ হৈছে অসমৰ আটাইতকৈ পুৰণি মন্দিৰ।হিন্দু পৌৰাণিক কাহিনী অনুসৰি, এই ঠাইখনত দেৱী দুৰ্গাৰ ত্ৰিশূল বিফল হয় আৰু তেতিয়া তেওঁৰ শৰীৰটো ঈশ্বৰ বিষ্ণুই কাটি টুকুৰা-টুকুৰ কৰিছিল।
অসমৰ ধাৰ্মিক স্থানবোৰৰ অন্যতম ভৈৰৱী মন্দিৰ।এই মন্দিৰটো শোনিতপুৰ জিলাৰ তেজপুৰত অৱস্থিত।এই মন্দিৰত মা ভৈৰৱীক আৰাধনা কৰা হয়। প্ৰায় সকলো সময়তে এই মন্দিৰত ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয়।
মহাভৈৰৱ মন্দিৰ প্ৰাক-ঐতিহাসিক সময়ত বান ৰজাই নিৰ্মাণ কৰিছিল।এই শিৱ মন্দিৰটোৰ কিছু অংশ পিছত নিৰ্মাণ কৰা হৈছে যদিও সেই নিৰ্মাণ কাৰ্যই মন্দিৰটোৰ সৌন্দৰ্যত কোনো ব্যাঘাত জন্মোৱা নাই।শোণিতপুৰ জিলাৰ মাজমজিয়া তেজপুৰত এই মন্দিৰটো অৱস্থিত।
বিশ্বনাথ চাৰিআলি জিলাৰ নাগশংকৰত এই ইতিহাস সমৃদ্ধ মন্দিৰটো অৱস্থিত।এই মন্দিৰটো প্ৰায় চতুৰ্থ শতিকাত নিৰ্মাণ কৰা হৈছিল।তথ্য অনুসৰি, মন্দিৰটো চতুৰ্থ শতিকাৰ শেষৰ ফালে লোহিত্য ৰাজবংশৰ নাগ শংকৰ নামৰ এজন ৰজাই নিৰ্মাণ কৰিছিল।মন্দিৰটোত এটা ডাঙৰ পুখুৰী আছে।এই পুখুৰীটোত ডাঙৰ ডাঙৰ কাছ আৰু মাছ আছে।ইয়াৰে কিছুমান কাছ শ শ বছৰ পুৰণি।
পৰ্যটকৰ লগতে ভগৱান কৃষ্ণৰ ভক্তসকলৰ বাবে মুখ্য আকৰ্ষণ এই হৰি মন্দিৰ। এই মন্দিৰটো নলবাৰী চহৰৰ কেন্দ্ৰত অৱস্থিত। ১৯৬৫ চনত স্থাপিত এই মন্দিৰটো ৰামবাহাদুৰ প্ৰতাপ নাৰায়ণ চৌধুৰীয়ে দান কৰা ভূমিত নিৰ্মাণ কৰা হৈছে। এই মন্দিৰটোত উদযাপিত ৰাস মহোৎসৱৰ সময়ত তীৰ্থযাত্ৰীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। এই ৰাস উৎসৱ বছৰি নৱেম্বৰ মাহত ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
টিলিঙা মন্দিৰ অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত।ভগৱান শিৱৰ এই মন্দিৰটো আন মন্দিৰতকৈ ৰহস্যময় আৰু আধ্যাত্মিকভাৱে শক্তিশালী।ইয়াত সকলো আকাৰৰ লাখ-লাখ টিলিঙা ওলমাই থোৱা আছে, এই টিলিঙাবোৰৰ সকলোয়েই ভক্তই ওলমোৱা টিলিঙা।
মহা মৃত্যুঞ্জয় মন্দিৰ হিন্দুৰ ঈশ্বৰ শিৱৰ প্ৰতি উৎসৰ্গিত এক হিন্দু মন্দিৰ। এই মন্দিৰটো এটা শিৱলিংগৰ ৰূপত নিৰ্মাণ কৰা হৈছে আৰু এই শিৱলিংগ হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিঙ্গ।এই শিৱলিংগৰ উচ্চতা ১২৬ ফুট।
হাতীমূৰা মন্দিৰ অসমৰ নগাঁও জিলাৰ শিলঘাটত অৱস্থিত।এই ঐতিহাসিক মন্দিৰটো ১৬৬৭ চনত ৰজা প্ৰমত্ত সিংহৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল।এই মন্দিৰত প্ৰায় সকলো সময়তে ভক্তৰ ভিৰ পৰিলক্ষিত হয়।