
ডিজিটেল ডেস্ক: 10 Best Tea Estates In Assam - চাহ মানেই অসম, অসম মানেই যেন চাহ।হয়, চাহ অসমৰ পৰিচয়।বৃটিছৰ শাসনৰ দিনৰ পৰাই অসমৰ ভূমিয়ে চাহ উৎপাদন কৰি আহিছে।অসম হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য।অসমৰ চাহৰ আছে বিশেষ ৰং আৰু সুগন্ধি, যি আন চাহকৈ একেবাৰে পৃথক।অসমত বহু সৰু-ডাঙৰ চাহ বাগিচা আছে।
ইয়াৰে কেইখনমান উল্লেখনীয় চাহ বাগিচা হৈছে-
এই চাহ বাগিচাখন উজনি অসমৰ ডিব্ৰুগড়ত অৱস্থিত।১৯৩০ চনত এই বাগিচাখনে চাহ উৎপাদন কৰি আহিছে।স্থানীয় ভাষাত ঘগ্ৰাজানৰ অৰ্থ এখন সৰু নদী।এই বাগিচাখন ৩৫০ একৰ ভূমিত বিস্তৃত হৈ আছে। বিশেষজ্ঞৰ মতে, এই চাহ বাগিচাখনে সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ অসম ‘অৰ্থোডক্স’ আৰু ‘চি টি চি’ চাহ উৎপাদন কৰে।
অসমৰ এক আগশাৰীৰ চাহ বাগিচা শলমাৰী ডিব্ৰুগড় জিলাত অৱস্থিত।এই বাগিচাখন ৫৩৪ হেক্টৰ ভূমি আৱৰি আছে।এই বাগিচাত গোটেই বছৰটোতে ক্ৰেতাৰ বাবে উপলব্ধ বিভিন্ন প্ৰকাৰৰ চাহ।এই বাগিচাত দৰ্শনাৰ্থীসকলে চাহ পাত তৈয়াৰ কৰা পদ্ধতি প্ৰত্যক্ষ কৰিব পাৰে, এই সমগ্ৰ পদ্ধতিটোত পাঁচৰ পৰা ছয় দিন সময় লাগে।
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ মোনাবাৰী চাহ বাগিচা। এই বাগিচাখনে ১৩৬৭.৩৮ হেক্টৰ ভূমি আবৰি আছে।ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে থকা এই বাগিচাখনে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে। বিশ্বনাথ জিলাত অৱস্থিত বাগিচাখনৰ গৰাকী উইলিয়ামচন মেগৰ গোটৰ অংশীদাৰ মেকল'ড ৰাচেল ইণ্ডিয়া।এই চাহ বাগিচাৰ আটাইতকৈ জনপ্ৰিয় চাহৰ ‘ফ্লেভাৰ’বোৰৰ ভিতৰত এটা হ'ল ‘ৰেডিছ ব্ৰাইটথ কালাৰ টি’।
ক’ৰোম’ৰ চাহ বাগিচাখন অসমৰ ওদালগুৰি জিলাত অৱস্থিত।এই বাগিচাখনে ৪৮০ হেক্টৰ ভূমি দখল কৰি আছে। এই বাগিচাৰ প্ৰতিষ্ঠাপক আছিল স্কটলেণ্ডৰ ৰবাৰ্ট ল’গান।এই বাগিচাখনে ১৮৬০ দশকৰ পৰাই চাহ উৎপাদন কৰি আহিছে।১৯৯৩চনত এই চাহ বাগিচাখনে বৃহৎ পৰিমাণৰ চাহ উৎপাদনৰ বাবে বাতৰি শিৰোনাম দখল কৰিছিল।
১১৮ হেক্টৰ এলেকাত বিস্তৃত মংগলম চাহ বাগিচাখন শিৱসাগৰ জিলাত অৱস্থিত।এই বাগিচাখন ইয়াৰ অনন্য বৃক্ষৰোপণ আৰ্হিৰ বাবে বিখ্যাত।এই বাগিচাৰ শ্ৰমিকসকলে দৰ্শনাৰ্থীৰ লগত স্থাপন কৰা সম্পৰ্কৰ বাবেও বহুবাৰ প্ৰশংসিত হৈছে। জাৰ্মান গ্ৰাহকসকলৰ প্ৰিয় চাহবিধ এই বাগিচাৰ পৰা ৰপ্তানি কৰা হয়।
অসমৰ শীৰ্ষ চাহ বাগিচাবোৰৰ ভিতৰত অন্যতম আমচং চাহ বাহিচা।মুঠ ১৭৮২ একৰত বিস্তাৰিত এই বাগিচাখন হৈছে অসমৰ আটাইতকৈ বিখ্যাত বাগিচৰ ভিতৰত অন্যতম।এই বাগিচাখন ইয়াৰ উৎকৃষ্ট চাহ উৎপাদনৰ বাবে জনাজাত। বাগিচাখনৰ বাৰ্ষিক উৎপাদন ক্ষমতা ১০০০,০০০ কিলোগ্ৰাম চাহ।আমচেং চাহ বাগিচাৰ পৰা পোনপটীয়াকৈ সতেজ চাহপাতো গ্ৰাহকে ক্ৰয় কৰিব পাৰে।
ননৈ চাহ বাগিচাৰ নাম ইয়াৰ সমীপৰ ননৈ জলপ্ৰপাতৰ নামেৰে ৰখা হৈছে। চাহ বাগিচাখন নগাঁও জিলাত সাগৰ পৃষ্ঠৰ পৰা ২২৫ মিটাৰ উচ্চতাত ছামধৰা গড়ৰ মাজত কাৰ্বি ৰেঞ্জত অৱস্থিত। চুবৱা চাহ বাগিচাৰ অংশ এই চাহ বাগিচাখন প্ৰায় আশী বছৰ পুৰণি।
মাজুলী চাহ বাগিচা মাজুলী জিলাত অৱস্থিত ।দুই যমজ নদী কুলশী নদী আৰু ভৰলু নদীৰ মাজত এই বাগিচাখনে বিস্তৃত এলেকা আৱৰি আছে।বাগিচাখনৰ মনোৰম সৌন্দৰ্যই পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে।এই বাগিচাৰ বাৰ্ষিক উৎপাদন ক্ষমতা প্ৰায় আঠ লাখ কিলোগ্ৰাম চাহ।
অসমৰ শোনিতপুৰ জিলাৰ এই চাহ বাগিচাখনে ২৬০০ একৰ মাটি আৱৰি আছে। এশ বছৰ পুৰণি এই বাগিচাখন ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে ওচৰত। এই বাগিচাখনত দৰ্শনাৰ্থী আৰু সাধাৰণ ৰাইজক প্ৰৱেশাধিকাৰ প্ৰদান কৰে।বাগিচাৰ শ্ৰমিকসকলে চাহ উৎপাদন পদ্ধতিবোৰ ৰাইজক গৌৰৱেৰে ব্যাখ্যা কৰে।
বাক্সা জিলাত অৱস্থিত এই বাগিচাখনে ৬০৪.৬২ একৰ ভূমিত বিস্তৃত হৈ আছে।স্থানীয় বড়ো ভাষাত নাগ্ৰীজুলিৰ অৰ্থ চিৰন্তন বসন্ত।উন্নত মানদণ্ডৰ চাহপাত উৎপাদনৰ বাবে ঠাইখনৰ পৰিৱেশ অতি উপযোগী।এই বাগিচাখন চাহ গছৰ দ্বাৰা শাৰীবদ্ধ ডাঠ অৰণ্যৰ দৰে দেখা যায়। মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলে এই বাগিচাৰ সৌন্দৰ্যও উপভোগ কৰে।