
ডিজিটেল ডেস্ক: Best Picnic Spots in Assam- ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ সময়ছোৱাক বনভোজৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় হিচাপে গণ্য কৰা হয়।মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি নদীৰ পাৰত লগে-ভাগে এসাজ খাবলৈ ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ লোকসকলে অসমৰ বিভিন্ন স্থানক বনভোজৰ স্থান হিচাপে বাছনি কৰি লয়।বন্যপ্ৰাণী, সুন্দৰ দৃশ্য আৰু প্ৰাকৃতিক সম্পদেৰে আৱৰি থকা অসমৰ দৰে ৰাজ্যত বনভোজৰ স্থান বাছনি কৰাটো অৱশ্যে যথেষ্ট কঠিন হৈ পৰে।
আপোনালোকৰ সুবিধাৰ্থে তলত উল্লেখ কৰা হৈছে অসমৰ কেইখনমান উল্লেখনীয় বনভোজস্থলী-
প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰশান্তিৰ বাবে স্বীকৃত চানডুবি হ্ৰদ হৈছে নামনি অসমৰ ভ্ৰমণ কৰিবলগীয়া সৰ্বশ্ৰেষ্ঠ বনভোজস্থলীবোৰৰ ভিতৰত অন্যতম।এই হ্ৰদটো কামৰূপ জিলাৰ গুৱাহাটীৰ পৰা ৬৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই হ্ৰদৰ পৰা সকলোয়ে সূৰ্যাস্ত উপভোগ কৰি চকু শাত পেলায়।এই হ্ৰদ ভ্ৰমণৰ সময়ত দৰ্শনাৰ্থীসকলে নাও আৰু কেম্পিং উপভোগ কৰিব পাৰে।এই ঠাইখনক নামনি অসমৰ মুখ্য বনভোজস্থলী হিচাপে গণ্য কৰা হয়। গুৱাহাটীত বাস কৰা লোকসকলৰ বাবে চানডুবি হ্ৰদ নি:সন্দেহে বনভোজস্থলী হিচাপে অন্যতম প্ৰথম পছন্দ।
অসমৰ বোকাখাতত অৱস্থিত কোকাচাং জলপ্ৰপাতৰ পানী হীৰাৰ দৰে জিলিকি থাকে।যাৰ বাবে এই ঠাইডোখৰ ৰাজ্যৰ অন্যতম জনপ্ৰিয় বনভোজস্থলী হিচাপে স্বীকৃতি লাভ কৰিছে। কোকচাং মধ্য অসমৰ অৱস্থিত বাবে অসমৰ বিভিন্ন অঞ্চলৰ মানুহে ইয়ালৈ সহজে ভ্ৰমণ কৰিব পাৰে।
ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলং ভাৰতৰ আটাইতকৈ দীঘল ৰেলদলং।ব্ৰহ্মপুত্ৰৰ পাৰত বহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰি বহু লোকে ইয়াত বনভোজ খায়। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা ঠাইখনত বনভোজকাৰীসকলে বিভিন্ন পৰম্পৰাগত খাদ্যৰো জুতি লব পাৰে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি, ডিব্ৰুগড়, চিলাপাথৰ আৰু তিনিচুকীয়া জিলাৰ বনভোজকাৰীসকলে বগীবিলত ভিৰ কৰা পৰিলক্ষিত হয়।
দীপৰ বিল বা হ্ৰদ হৈছে গুৱাহাটীৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত ৰাইজে সৰ্বাধিক ভ্ৰমণ কৰা অন্যতম বনভোজস্থলী।এই হ্ৰদটোৱে বনভোজৰ সময়ত বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰে।বনভোজকাৰীসকলে বনভোজ খোৱাৰ লগতে এই হ্ৰদটোত ৭০ টা পৰিভ্ৰমী তথা ২১৯ টা অন্যান্য প্ৰজাতিৰ চৰাইৰ উপস্থিতিও উপভোগ কৰিব পাৰে।
ৰাষ্ট্ৰীয় উদ্যানসমূহে প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে সদায় পৰ্যটকসকলক আকৰ্ষিত কৰে।নামেৰী ৰাষ্ট্ৰীয় উদ্যানো ইয়াৰ মনোৰম সৌন্দৰ্যৰ বাবে সকলোতে জনাজাত।এই উদ্যানখন শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত অসমৰ মাজভাগত অৱস্থিত। নামেৰী ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোতে মানুহে ৰাষ্ট্ৰীয় উদ্যানখনক বিভাজন কৰা জীয়া ভৰালী নদীৰ সৌন্দৰ্যও উপভোগ কৰাৰ সুযোগ পায়। বনভোজৰ আনন্দৰ লগতে দৰ্শনাৰ্থীসকলে এই মনোৰম ঠাইখনত ৰাফ্টিঙো কৰিব পাৰে।
দিল্লী ঘাটক সকলোৱে সাধাৰণতে বনভোজস্থলী বুলিয়েই জানে। দিল্লী ঘাট ডিব্ৰুগড় জিলাৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত নামৰূপত অৱস্থিত। দিচাং নদীৰ সৌন্দৰ্যই এই ঠাইখনক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে। ঠাইখনৰ চাৰিওফালে থকা ঘন জংঘলে সকলোকে এক ৰোমাঞ্চকৰ দুঃসাহসিক অভিজ্ঞতা প্ৰদান কৰে।
এই ৰাষ্ট্ৰীয় উদ্যানখনে গুৱাহাটীৰ পৰা ১৩৮ কিলোমিটাৰ দূৰত অৱস্থিত অসমৰ বাক্সা আৰু চিৰাং জিলাৰ এক বিশাল এলেকা সামৰি লৈছে। এই ৰাষ্ট্ৰীয় উদ্যানখন হৈছে বাঘ আৰু হাতী প্ৰকল্প সংৰক্ষিত অঞ্চল তথা ইউনেস্ক’ৰ দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্যক্ষেত্ৰ। নতুন বছৰত এই উদ্যানৰ সৌন্দৰ্য উপভোগ তথা ইয়াত থকা জীৱ-জন্তুক চাই লগে-ভাগে এসাজ খাবলৈ বহু বনভোজকাৰীয়ে ইয়াত ভিৰ কৰা দেখা যায়।
এই বনভোজস্থলী নগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ দূৰত ডবকা চহৰৰ পৰা কিছু নিলগত অৱস্থিত। ঠাইখনৰ চাৰিওফালে থকা ওখ পৰ্বত আৰু সেউজীয়াই বিভিন্ন অঞ্চলৰ লোকসকলক বনভোজ খাবৰ বাবে বাৰুকৈয়ে আকৰ্ষিত কৰে।
আহোমৰ ৰাজধানী আছিল চৰাইদেউ।ঐতিহাসিক গুৰুত্ব আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে প্ৰতি বছৰে চৰাইদেউয়ে যথেষ্ট সংখ্যক বনভোজকাৰীক আকৰ্ষিত কৰে।শিৱসাগৰৰ পৰা ২৮ কিলোমিটাৰ দূৰত অৱস্থিত ঠাইখনে আহোমৰ দিনৰ ইতিহাস সোঁৱৰাই দিয়ে।
বগামাটি নামনি অসমৰ অন্যতম বনভোজস্থলী। এই ঠাইখন গুৱাহাটীৰ পৰা ৯২ কিলোমিটাৰ দূৰত্বত অসমৰ বাক্সা জিলাৰ বৰনদীৰ পাৰত অৱস্থিত। অসমৰ বৰপেটা, কামৰূপ, নলবাৰী, বাক্সা আৰু দৰং জিলাৰ ৰাইজে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে বনভোজৰ বাবে প্ৰথমেই বগামতীক বাছনি কৰে।