Rivers of Assam: অসমৰ নদীসমূহ

Rivers of Assam:
Rivers of Assam:অসমৰ নদীসমূহ

Rivers of Assam: অসমৰ সভ্যতা-সংস্কৃতিৰ চিনাকি অসমৰ নদ-নদী।বহু লোকক জীৱিকাৰ পথ মোকলাই দিয়া এই নদীসমূহে ৰাজ্যখনৰ প্ৰাকৃতিক পৰিবেশ বৃদ্ধি কৰোতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

অসমৰ মূখ্য তথা অন্যান্য নদীসমূহ-

ব্ৰহ্মপুত্ৰ নদী

ব্ৰহ্মপুত্ৰ নদী অসমৰ মূল নদী। ব্ৰহ্মপুত্ৰ নদীক অসমীয়া জাতিৰ আয়ুসৰেখা বুলিও অভিহিত কৰিব পাৰি।এই নদীৰ দৈঘ্য ২৯০০ কিলোমিটাৰ (১৮০০ মাইল)।বহ্মপুত্ৰ নদীয়ে অসমৰ লগত অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। সোৱণশিৰি, দিক্ৰং, জীয়া ভৰলী, জীয়া ধনিশৰি,বৰনদী,পাগলাদিয়া, মানস,ডিব্ৰু, বুঢীদিহিং,দিচাং, দিখৌ,জাঁজী,ভোগদৈ,কাকডোঙা, ধনশিৰি, কলং আৰু কপিলী নদী ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ।ই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল তথা ভাৰতৰ একমাত্ৰ ‘পুৰুষ’ নদী।

বৰাক নদী

ব্ৰহ্মপুত্ৰৰ লগতে অসমৰ আনখন মূল নদী হৈছে বৰাক নদী।বৰাক নদী দক্ষিণ অসমৰ মুখ্য নদী।মণিপুৰ আৰু মিজোৰামক সংযোগ কৰা এই নদীখনৰ দৈৰ্ঘ্য ৯০০ কিঃমিঃ (৫৬০ মাইল)।সোণাই নদী, ঘাগৰা নদী,কাটাখাল নদী ধলেশ্বৰী নদী, জিৰি নদী, চিৰি নদী, মধুৰা নদী, জাতিংগা নদী বৰাক নদীৰ উপনদী। 

ধনশিৰি নদী

ধনশিৰি গোলাঘাট জিলা আৰু ডিমাপুৰৰ মূখ্য নদী।ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৩৫২ কিঃমিঃ। ই দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত লগ হৈছে।ই নাগালেণ্ডৰ লাইচাং শৃংগৰ পৰা উৎপন্ন হৈছে।

দিখৌ নদী

দিখৌ নদী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী।নামদাং নদী দিখৌ নদীৰ প্ৰধান উপনৈ। অসম আৰু নাগালেণ্ডক সংযোগ কৰা এই নদীখনৰ দৈঘ্য ২০০ কিলোমিটাৰ।

মানস বা মানাহ নদী

মানস নদী বা মানাহ নদী ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্য অসমৰ এখন উল্লেখযোগ্য নদী।ইতিহাসৰ মতে, প্ৰাচীন কামৰূপ ৰাজ্যক যি চাৰিটা পীঠত ভাগ কৰা হৈছিল তাৰে ৰত্নপীঠ আৰু কামপীঠৰ মধ্যৱৰ্তী সীমা আছিল মানস। মানস নদী দক্ষিণ ভুটান আৰু ভাৰতৰ সীমামুৰীয়া অঞ্চলৰ এটা জলপ্ৰবাহ। মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদীৰ মানস এখন প্ৰধান উপনদী।এই নদীৰ দৈঘ্য ৩৭৬কিলোমিটাৰ(২৩৪ মাইল)।

দিহিং নদী

ব্ৰহ্মপুত্ৰ নদীৰ উপনৈসমূহৰ ভিতৰত অন্যতম এখন উপনৈ হৈছে দিহিং বা বুঢ়ীদিহিং নদী।দিহিং নদী উজনি অসম আৰু পূব অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ ব্ৰহ্মপুত্ৰত পৰিছে।দিহিং নদী পূব হিমালয়ৰ পাটকাই পৰ্বতৰ ২৩৭৫ মিটাৰ উচ্চতাত উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ নামচাইৰ মাজেৰে কিছুদূৰ বৈ আহি তিনিচুকীয়া জিলাৰে অসমত প্ৰৱেশ কৰিছে। তাৰপিছত ই ডিব্ৰুগড় জিলাত সোমাই দিহিংমুখত ব্ৰহ্মপুত্ৰ নদত পৰিছে। দিহিং নদীৰ দৈঘ্য ৩৮০ কিলোমিটাৰ।

লোহিত নদী

লোহিত নদী কাংগ্ৰি গাৰ্পো ৰেঞ্জৰ পৰা উৎপত্তি হৈছে। তাত ইয়াক জায়ো নদী নামেৰে জনা যায়। তাৰ পৰাই এই নদীখনে লোহিত নাম লৈ অৰুণাচলৰ মাজেৰে প্ৰায় ২০০ কিলোমিটাৰ অতিক্ৰম কৰি অসমৰ চিয়াং নদীত মিলিত হৈছে।উল্লেখ্য, হিন্দুসকলৰ পবিত্ৰস্থান পৰশুৰাম কুণ্ড লোহিত নদীৰ নামনিতেই অৱস্থিত।এই নদীৰ দৈঘ্য ২০০ কিলোমিটাৰ।

কপিলী নদী

প্ৰাচীন ভাৰতৰ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কপিল মুনিৰ নামৰ পৰা নদীখনৰ নামৰ উৎপত্তি হৈছে। কপিলী নৈ মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ ডিমা হাছাও জিলাৰে অসমত প্ৰৱেশ কৰিছে। তাৰপিছত ই পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, হোজাই, নগাঁও আৰু মৰিগাঁও জিলাৰ মাজেৰে বৈ কামৰূপ মহানগত জিলাত ব্ৰহ্মপুত্ৰ নদত পৰিছে।২৯০ কিলোমিটাৰ দৈঘ্যৰ কপিলী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণবাহিনীৰ দীৰ্ঘতম উপনৈ।

কামেং নদী

কামেং ব্ৰক্ষপুত্ৰ নদীৰ এখন অন্যতম উপনৈ।অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে।এই কামেং নদীক বৰ্তমান অসমত জীয়াভৰলী আৰু অৰুণাচল প্ৰদেশত কামেং নদী বুলি জনা যায়।কামেং নদীৰ দৈএৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)।

ভোগদৈ নদী

ভোগদৈ নগা পাহাৰৰ পৰা উৎপত্তি হৈ যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হৈ ব্ৰহ্মপুত্ৰত লগ লাগে। পূৰ্বতে ভোগদৈ নদী খনৰ নাম আছিল দিচৈ।উল্লেখ্য, যোৱা কেইবছৰমানৰ পৰা ভোগদৈ নদীখন যথেষ্ট প্ৰদূষিত হৈ পৰিছে।

জাঁজী নদী

জাঁজী নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। এই নদীখনে অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিছে।নাগালেণ্ডৰ মোককচাং নগৰৰ উত্তৰ দিশৰ পৰা জাঁজী নদীৰ উৎপত্তি হৈছে। জাঁজী নদীখনৰ দৈঘ্য ১০৭ কিলোমিটাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in