
ডিজিটেল ডেস্ক: Wildlife Sanctuaries in Assam- প্ৰকৃতিৰ অৱদানৰে অতিকৈ চহকী ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্য অসম।বহু ঐতিহাসিক স্থানৰ লগতে শাৰী শাৰী চাহ গছৰ লানি, সেউজীয়া চৌদিশ আৰু বিবিধ প্ৰজাতিৰ দুস্প্ৰাপ্য বন্যপ্ৰাণীৰ বাবেই অসম দেশৰ ভিতৰতে লেখত লবলগীয়া অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী।বন্যপ্ৰেমী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ অসমত মুঠতে ৭ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮ খন বন্যপ্ৰাণী অভয়াৰণ্য আছে।
অসমত থকা বন্যপ্ৰাণী অভয়াৰণ্য কেইখন হৈছে-
আমচাং বন্যপ্ৰাণী অভয়াৰণ্য গুৱাহাটী চহৰৰ পূৱ সীমান্তত অৱস্থিত।এই অভয়াৰণ্যখন ৭৮.৬৪ বৰ্গকিলোমিটাৰ অঞ্চল বিস্তাৰিত হৈ আছে।আমচাং অভয়াৰণ্যত থকা বন্যপ্ৰণীৰ ভিতৰত চাইনিজ বনৰৌ, বাদুলী, লাজুকীয়া বান্দৰ, অসমীয়া বান্দৰ, ৰিচাচ বান্দৰ, টুপীমূৰীয়া বান্দৰ, হুলক গিবন, বনৰীয়া মেকুৰী, চিতা মেকুৰী, নাহৰফুটুকী বাঘ, হাতী, বনৰীয়া গাহৰী, সম্বৰ হৰিণ, বার্কিং হৰিণ, গড়, কেঁটেলা আদিয়েই প্ৰধান।আনহাতে, বৰটোকোলা, হাড়গিলা, ৰজাভাতখোৱা শগুণ, চামুচঠুটীয়া শগুণ, সখীয়তী, পৰঘূমা আৰু ধনেশ পক্ষীও এই অভয়াৰণ্যত পোৱা যায়। সৰীসৃপ প্ৰাণীৰ ভিতৰত অজগৰ, গুই সাপ, ভাৰতীয় ফেঁটী সাপ আদিয়ে বাস কৰা এই অভয়াৰণ্যখনত বিশেষকৈ অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহলৈ পৰ্যটকৰ ভিৰ দেখা যায়।
বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কাছাৰ জিলাত অৱস্থিত।এই অভয়াৰণ্যখন ৩২৬.২৪বৰ্গকিলোমিটাৰ এলেকাজুৰি বিস্তৃত হৈ আছে। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যত গোধাফুটুকী বাঘ,হলৌ বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, বনৰীয়া মেকুৰী, সুগৰী পহু,বনৰীয়া গাহৰি, হিমালয়ান কলা ভালুক, হালধীয়া গলৰ নেউল, বেজ, চিতা মেকুৰী, মেচেকা, মাৰ্বল কেট, নাহৰ ফুটুকী বাঘ, সম্বৰ হৰিণ, বার্কিং হৰিণ, শৰপহু, জিয়েন্ট কেৰ্কেটুৱা, কেঁটেলা পহু আদি জন্তুৱে বাস কৰে।চৰাইৰ ভিতৰত বৰটোকোলা, দেও হাঁহ, ৰজাভাতখোৱা শগুণ, বগা ঠুটীয়া পাহাৰীয়া ভাটৌ, টিতৰ(মূৰ্গীলেখীয়া চৰাই)সখীয়তী, দেও ডঁৰিক, ৰাফাচ ঘাৰীয়া ধনেশ, ৰাজ ধনেশ, মাছৰোকা আদি এই অভয়াৰণ্যত সহজলভ্য।অজগৰ, কিং কোব্ৰা, ব্রাউন পাহাৰীয়া কাছ, এচিয়ান লীফ কাছ, গুই সাপ আদি সৰিসৃপ প্ৰাণীয়ে বাস কৰা এই অভয়াৰণ্যখন ভ্ৰমণৰ উপযোগী সময় হৈছে নৱেম্বৰৰ পৰা মাৰ্চ মাহ।
উত্তৰে হিমালয়ৰ পাদদেশ আৰু ভুটানৰ সীমান্তৱৰ্তী দৰং জিলাত অৱস্থিত বৰনদী বন্যপ্ৰানী অভয়াৰণ্যৰ পৰিসৰ কেৱলমাত্র ২৬.২২ বৰ্গকিলোমিটাৰ। ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে৷ অভয়াৰণ্যখন বিশেষ ৰূপে শহাপহু আৰু নল গাহৰি সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা হৈছিল।ইয়াত হাতী, গঁড়, গোধাফুটুকী বাঘ, নাহৰফুটুকী বাঘ, জহামাল, বনৰীয়া মেকুৰী, বন ৰৌ, কেঁটেলা পহু, হিমালয়ৰ ক’লা ভালুক, হৰিণ, নল গাহৰি, বনৰীয়া গাহৰি, শহাপহু, ৰাং কুকুৰ, ভালুক আদি জীৱ-জন্তুৱে বাস কৰে। ধনেশ, ময়ুৰ, ডঁৰিক, উলুম’ৰা, মাছৰোকা আদি চৰাইও এই অভয়াৰণ্যত পোৱা যায়।
তিনিটা পৃথক ব্লক সংযোজিত এই অভয়াৰণ্যখন তিনিচুকীয়া জিলাত অৱস্থিত। এই অভয়াৰণ্যখনত পোৱা কিছুমান প্ৰানী হৈছে বনৰীয়া গাহৰি, জিয়েন্ট ফ্লাইং কেৰ্কেটুৱা,লাজুকী বান্দৰ, অসমীয়া বান্দৰ, গাহৰী নেজীয়া বান্দৰ, ৰিচাচ বান্দৰ, টুপীমূৰীয়া বান্দৰ, ষ্টাম্প টেইল মাকাক, আৰু হলক গিবন ইত্যাদি।ইয়াত ৮৪ প্রজাতিৰ পক্ষী পোৱা গৈছে যাৰ ভিতৰত আছে কুৰুৱা, মাছৰোকা, ৰাজ ধণেশ, হেতুলুকা, কাঠখোলা, ফেঁচু, ঘৰ শালিকা, বুলবুলি, দহিকতৰা, বালিমাহী আৰু অসমীয়া সৰু চৰাই-চিৰিকটি।অক্টোবৰৰ পৰা এপ্রিল মাহ এই অভয়াৰণ্য ভ্ৰমণৰ বাবে উত্তম সময়।
শোণিতপুৰ জিলাৰ ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰত অৱস্থিত বুঢ়াচাপৰি বন্যপ্ৰানী অভয়াৰণ্য ৪৪.০৬ বৰ্গ কিলোমিটাৰ আয়তন জুৰি বিস্তৃত। এই অভয়াৰণ্যখন লাওঁখোৱা বুঢ়াচাপৰি পৰিস্থিতিতন্ত্ৰৰ (ইকো-চিষ্টেম)অন্তৰ্ভুক্ত। বুঢ়াচাপৰি বন্যপ্ৰানী অভয়াৰণ্য জলাভূমি আৰু নদী ব্যৱস্থাৰ দ্বাৰা বিভক্ত সেমেকা পলসুৱা তৃণভূমি আৰু অৰ্দ্ধ-চিৰসেউজ অৰণ্যৰ এক সমন্বয়।শিঙীয়া গঁড়, বনৰীয়া ম’হ, অসমীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন ৰৌ, শৰ পহু, শিয়াল, সুগৰী পহু, বনৰীয়া ষাঁড়, সেন্দুৰী বান্দৰ, হলৌ বান্দৰ, মলুৱা বান্দৰ, ছাগলী পহু, বনৰীয়া মেকুৰী, বাদুলি, শহাপহু, বনৰীয়া গাহৰি জীৱ-জন্তুৰ লগতে এই অভয়াৰণ্যত দতাঁল হাতীয়ে বিচৰণ কৰি ফুৰে। ইয়াত থকা চৰাইৰ ভিতৰত উলুম’ৰা, ডঁৰিক, কাঠৰোকা, ডাউক, ভাটৌ, আমৰ’লীয়া হাঁহ, মাছৰোকা, মৈপিয়া আদি অন্যতম।
৪৫.৫৬৮ বৰ্গ কিলোমিটাৰ অঞ্চল জুৰি বিস্তৃত চক্ৰশিলা অভয়াৰণ্যখন পশ্চিম অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ অন্তৰ্গত। সোণালী বান্দৰৰ বাবে প্ৰসিদ্ধ চক্রশিলা বন্যপ্ৰানী অভয়াৰণ্যখন সোণালী বান্দৰৰ দ্বিতীয় সংৰক্ষিত বাসস্থান।স্তন্যপায়ী প্ৰাণী সোণালী বান্দৰ, ফলাহাৰী বাদুলী, চুঙা বাদুলী, নাহৰফুটুকী বাঘ, মলুৱা বান্দৰ, বন ৰৌ, শিয়াল, খেকশিয়াল আদিয়ে এই অভয়াৰণ্যত বাস কৰে।ইয়াত এই পৰ্যন্ত ২৭৩ টা প্রজাতিৰ পক্ষী, ১১টা সৰীসৃপ প্রাণীৰ প্রজাতি, ১৪টা প্রজাতিৰ উভচৰ আৰু ৬০টা প্রজাতিৰ মাছ সংৰক্ষণ কৰা হৈছে।
গুৱাহাটী চহৰৰ পশ্চিম সীমান্ত অৱস্থিত দ্বীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য।এই অভয়াৰণ্য ৪.১৪ বৰ্গকিলোমিটাৰৰ জলভূমিসহ বিস্তৃত।বিভিন্ন সময়ত বিভিন্ন পক্ষীৰ আগমনৰ বাবে বিখ্যাত এই অভয়াৰণ্যত ১৭০ প্রজাতিৰ পক্ষী পোৱা যায়। পক্ষীৰ প্রজাতিৰ ভিতৰত হাড়গিলা, শৰালি হাঁহ, খন্তীয়া হাঁহ, কাজল বুলীয়া হাঁহ বিশেষভাৱে উল্লেখনীয়।সৰীসৃপৰ ১২টা প্রজাতি, মাছৰ ৫০টা প্ৰজাতি, ৬টা প্রজাতি এম্ফিবিয়ান আৰু ১৫৫টা প্রজাতিৰ জলীয়মাইক্ৰো-বায়োটাৰে সমৃদ্ধ এই অভয়াৰণ্য।বছৰৰ প্ৰতিটো সময়তেই এই অভয়াৰণ্যত পৰ্যটকৰ ভিৰ হয় যদিও অক্টোবৰৰ পৰা এপ্রিললৈ ইয়াত অধিক ভিৰ দেখা পোৱা যায়।
ডিব্রুগড় আৰু তিনিচুকীয়া জিলাৰ ১১১.১৯ বৰ্গকিলোমিটাৰ ভূমি এই অভয়াৰণ্যখনে আৱৰি আছে।এই অভয়াৰণ্যখন অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অসম উপত্যকাৰ ক্ৰান্তীয় সেমেকা চিৰসেউজ বনাঞ্চলৰ বাবে বিখ্যাত।এই অভয়াৰণ্যখন দিহিং-পাটকাই হাতী সংৰক্ষণৰ এটা অংশ।বৰটোকোলা, দেও হাঁহ, ৰজাভাতখোৱা শগুণ, চামুচঠুটীয়া শগুণ, বগা ঠুটীয়া পাহাৰীয়া ভাটৌ, ৰাফাচ ঘাৰীয়া ধনেশ, ৰাজ ধনেশ, মাছৰোকা, হো-কুকু, কলা পাতসিয়া চৰাই, পৰঘূমা আদি চৰাই ইয়াত পোৱা যায়। ৰক অজগৰ, কিং কোবৰা, এচিয়ান লীফ কাছ আদি সৰিসৃপেও এই অভয়াৰণ্যত বাস কৰে। ইয়াত পোৱা আন জীৱ-জন্তুৰ ভিতৰত চাইনিজ বনৰৌ, বাদুলী, লাজুকীয়া বান্দৰ, ভালুকীয়া বান্দৰ, অসমীয়া বান্দৰ,ৰিচাচ বান্দৰ, ৰিচাচ বান্দৰ, টুপীমূৰীয়া বান্দৰ, হুলক গিবন, হিমালয়ান কলা ভালুক, বেজ,বনৰীয়া মেকুৰী, চিতা মেকুৰী, মেচেকা, মাৰ্বল কেট, গধা ফুটুকী বাঘ, নাহৰ ফুটুকী বাঘ, বাঘ, বনৰীয়া গাহৰী, সম্বৰ হৰিণ, বার্কিং হৰিণ, গড়, শৰপহু, মালয়ান জিয়েন্ট কেৰ্কেটুৱা, কেঁটেলা পহু, গাহৰী নেজীয়া বান্দৰ আদিয়েই প্ৰধান।
কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদত অৱস্থিত পূৱ কাৰ্বি আংলং বন্যপ্ৰানী অভয়াৰণ্যৰ মুঠ মাটিকালি ২২১.৮১ বৰ্গকিলোমিটাৰ।ফুল আৰু প্রানীজগত উভয়ৰ বৈচিত্র্যৰে সমৃদ্ধ এই অভয়াৰণ্যৰ শোভা বঢ়ায় বাঘ, হাতী, গড়, সম্বৰ, ভালুক, বাৰ্কিং হৰিণ, ৰিচাচ বান্দৰ, হুলুক গিবন,বনৰীয়া গাহৰী, লেজাৰ কেট,উডলেণ্ড পক্ষী, অজগৰ, ফেঁটী, গুই সাপ, পাহাৰীয়া কাছ আদিয়ে।
কাৰ্বি আংলঙ জিলাত অৱস্থিত গৰম পানীৰ উঁহ আৰু জলপ্রপাত থকা গৰমপানী বন্যপ্ৰানী অভয়াৰণ্য অসমৰ প্রাচীনতম অভয়াৰণ্যবোৰৰ ভিতৰত অন্যতম। এই অভয়াৰণ্যৰ চাৰিওফালে বিৰল প্রজাতিৰ অর্কিড উপলব্ধ নামবৰ অভয়াৰণ্য আছে।ইয়াত নাহৰফুটুকী বাঘ, ঢেঁকীয়াপতীয়া বাঘ, হাতী, গঁড়, ভালুক, সম্বৰ, বার্কিং হৰিণ, ৰিচাচ বান্দৰ, হলৌ বান্দৰ, শৰ পহু, নেউল, বনৰীয়া গাহৰী, পক্ষীৰ ভিতৰত মাছৰোকা, ধনশ পক্ষী, শালিকা, কপৌ, ভিমৰাজ, বুলবুলী চৰাই, ঈগল, ফেঁচা, পাহাৰীয়া শালিকাৰ লগতে সৰিসৃপ প্ৰাণী অজগৰ, ফেঁটী, গুই সাপ আদিয়ে বাস কৰে।
হলংপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য ২০.৯৮ বৰ্গকিলোমিটাৰৰ এখন সৰু অভয়াৰণ্য। ভাৰতৰ একমাত্র বান্দৰ প্ৰজাতি(হুলক গিবন)ৰ নাম অনুসৰি এই অভয়াৰণ্যখনৰ নামকৰণ কৰা হৈছে।হাতী, নাহৰ ফুটুকী বাঘ, বাঘ, বনৰৌ, অসমীয়া বান্দৰ, গাহৰী নেজীয়া বান্দৰ,ৰিচাচ বান্দৰ, ষ্টাম্প টেইল বান্দৰ, টুপী মূৰীয়া বান্দৰ, লাজুকী বান্দৰ, বনৰীয়া মেকুৰী, ভাৰতীয় জহামাল, জিয়ান্ট কেৰ্কেটুৱা, বাৰ্কিং হৰিণ, সম্বৰ, বনৰীয়া গাহৰী, কেৰ্কেটুৱা,ভাৰতীয় ৰাজধণেশ, কুৰুৱা, পাহাৰীয়া শালিকা, সখীয়তী, অজগৰ, গুই সাপ, কাছ, ভাৰতীয় ফেঁটী সাপ আদি জীৱ-জন্তুৰ বাসস্থান এইখন অভয়াৰণ্য।
এই অভয়াৰণ্যখন ৭০.১৩ বৰ্গ কিলোমিটাৰ এলেকাৰে নগাওঁ জিলাত ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰত অৱস্থিত। ই লাওঁখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ (ইকো-ছিষ্টেমৰ) অন্তৰ্গত এটা অংশ। লাওঁখোৱা বন্যপ্ৰানী অভয়াৰণ্য গড় আৰু বনৰীয়া ষাঁড়ৰ এখন আদর্শ আৱাসস্থল।হাতী, বনৰীয়া ম’হ, ঢেঁকীয়াপতীয়া বাঘ, কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি, অসমীয়া বান্দৰ, বনৰীয়া ষাঁড়, বাৰ শিঙীয়া হৰিণ, বার্কিং হৰিণ, বাঘ, চিতা মেকুৰী, মেচেকা, জহামাল, লেজাৰ কেট, আদিয়েও এই অভয়াৰণ্যত বাস কৰে।ইয়াত এই পৰ্যন্ত প্রায় ২২৫ প্রজাতিৰ পক্ষী সংৰক্ষণ কৰা হৈছে। ইয়াৰ ভিতৰত হাড়গিলা, বৰটোকোলা, পাটি শগুণ, হাইঠা আদি চৰাই বিশেষভাৱে উল্লেখযোগ্য।লাওঁখোৱা বন্যপ্ৰানী অভয়াৰণ্য প্রায় ৩৯ প্রজাতিৰ মাছৰ প্রজনন ক্ষেত্র হিচাপে বিবেচিত।জলাশয়বোৰে উভচৰ প্ৰানীক উত্তম জীৱন যাপন প্ৰদান কৰে আৰু ইয়াৰ ভিতৰত ৯টা প্রজাতি এতিয়ালৈ সংৰক্ষণ কৰা হৈছে।অভয়াৰণ্যত ১৪টা প্রজাতিৰ সৰীসৃপ প্ৰাণী বৰ্তমানলৈ তথ্যভূক্ত কৰা হৈছে।
৪৫১.০০ বৰ্গকিলোমিটাৰ বিস্তৃত মাৰাত লংৰি বন্যপ্ৰানী অভয়াৰণ্য কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদত অৱস্থিত। এইখন ধনশিৰি-লুংডিং হাতী সংৰক্ষণৰ এটা গুৰুত্বপূর্ণ অংগ।ইয়াত হাতী, নাহৰ ফুটুকী বাঘ, লেজাৰ কেট, বার্কিং হৰিণ, বনৰীয়া গাহৰি, কেঁটেলা পহু,লাজুকী বান্দৰ, বনৰৌ, শকা সাপ, অজগৰ, গুই সাপ, ব্রাউন হিল কাছ ইত্যাদিয়ে বাস কৰে।
নামবৰ বন্যপ্ৰানী অভয়াৰণ্য গৰমপানীৰ উঁহৰ সৈতে সঙ্গতিপূর্ণ কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদত অৱস্থিত। ইয়াৰ মাটিকালি ৩৭বৰ্গকিলোমিটাৰ।এই অভয়াৰণ্যখনে ৫১টা বিৰল প্রজাতিৰ অর্কিডক আশ্রয় প্ৰদান কৰি আছে।ইয়াত বাস কৰা জীৱ-জন্তুৰ ভিতৰত বাঘ, হাতী, গড়, ভালুক, সম্বৰ, বাৰকিং হৰিণ, ৰিচাচ বান্দৰ, হুলক গিবন, বনৰীয়া গাহৰী, বিভিন্ন প্ৰজাতিৰ পক্ষী,অজগৰ, ফেঁটী, গুই সাপ আদি প্ৰধান।নৱেম্বৰৰ পৰা এপ্রিল মাহ এই অভয়াৰণ্য ভ্ৰমণৰ অন্যতম উপযোগী সময়।
গোলাঘাট জিলাৰ তিনিটা ব্লকত বিস্তাৰিত নামবৰ-দৈগ্ৰং বন্যপ্রাণী অভয়াৰণ্যৰ মুঠ মাটিকালি ৯৭.১৫ বৰ্গকিলোমিটাৰ।সহজেই গড় আৰু হুলক গিবন চাব পৰা এই অভয়াৰণ্যত হাতী, হুলক গিবন, ভালুকীয়া বান্দৰ,গাহৰী নেজীয়া বান্দৰ, লাজুকী বান্দৰ. অসমীয়া বান্দৰ, ৰিচাচ বান্দৰ, বাঘ, নাহৰ ফুটুকী বাঘ, মেচেকা, বার্কিং হৰিণ, সম্বৰ হৰিণ, বনৰীয়া গাহৰী, গড় ,দেও হাঁহ, মাছৰোকা, ৰাজ ধণেশ, হাড়গিলা, কাছ, গুই সাপ, অজগৰ আদি জীৱ-জন্তু পোৱা যায়।
অসমৰ পৰিচয় বহন কৰা এশিঙীয়া গড়বোৰক আশ্রয় দিয়া অভয়াৰণ্যখন মৰিগাওঁ জিলাত অৱস্থিত। ৩৮.৮১ বর্গকিলোমিটাৰ জোৰা এলেকা থকা এইখন অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ পক্ষীয়েও বাস কৰে।ইয়াত অন্যান্য উপলব্ধ স্তন্যপায়ী প্ৰানীবোৰ হৈছে নাহৰ ফুটুকী বাঘ,ফুটুকীয়া মেকুৰী, মেচেকা,বনৰীয়া মেকুৰী, বনৰীয়া ষাড় ইত্যাদি। এই অভয়াৰণ্যত এতিয়ালৈকে পৰিভ্ৰমী আৰু স্থায়ী পক্ষী উভয়ৰে ৩৭৫টা প্ৰজাতি, উভচৰ প্ৰানীৰ ৯টা প্রজাতি চিনাক্ত কৰা হৈছে।বিভিন্ন ধৰণৰ মাছৰ প্রজনন ক্ষেত্র এই অভয়াৰণ্যখনত ২৭টা প্ৰজাতিৰ সৰীসৃপ প্ৰানী পোৱা যায়।
শিৱসাগৰ জিলাৰ ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰত পানী দিহিং পক্ষী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। ৩৩.৯৩ বৰ্গকিলোমিটাৰ সমৃদ্ধ এই অভয়াৰণ্য পৰিভ্ৰমী আৰু আৱসিক পক্ষীৰ এখন নান্দনিক স্থল।ইয়াত এতিয়ালৈ ১৬৫ টা প্ৰজাতিৰ পক্ষীৰ চিনাক্ত কৰা হৈছে। ৰাজহাঁহ,ধৃতিৰাজ, দেওঁ ৰাজহাঁহ, বৰা শগুণ, আমৰ’লীয়া হাঁহ, সৰু মূৰ্গী হাঁহ, খেৰী হাঁহ, হুদু, চামুচ ঠুটীয়া হাঁহ, ৰঙা মুৰীয়া হাঁহ, হাঁহ, ফেৰুজিনাচ হাঁহ, হাড়গিলা, বৰটোকোলা, শামুক ভঙা, কনুৱা, বিভিন্ন প্রজাতিৰ ভেকুলী আৰু সাপ ইত্যাদিৰ লগতে বহু ধৰণৰ মাছ এই অভয়াৰণ্যত থকা বুলি চিনাক্ত কৰা হৈছে।
এই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত আৰু ইয়াৰ আয়তন ২২০ বৰ্গ কিলোমিটাৰ।বাঘ, লেজাৰ কেট, হাতী, গড়, বনৰীয়া গাহৰী, বাৰ শিঙীয়া হৰিণ, বাৰ্কিং হৰিণ, দেও হাঁহ, ধণেশ, পেলিকান ইত্যাদি।অজগৰ, ৰাচেল ভাইপাৰ আদি এই অভয়াৰণ্যত পোৱা যায়।
অসমত আৰু দুখন প্রস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য আছে।ইয়াৰ নাম হৈছে উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য আৰু বৰদৈবাম বিলমূখ পক্ষী উদ্যান।
কার্বি আংলং স্বায়ত্তশাসিত জিলা কাউন্সিলত অৱস্থিত এই অভয়াৰণ্যখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত।প্ৰতি বছৰে যেতিয়া কাজিৰঙাত বানপানী হয়,তেতিয়া বানত উটি অহা বেছিভাগ প্রাণীকে আশ্রয় দিয়ে।বাঘ, লেজাৰ কেট, হাতী, গড়, সম্বৰ হৰিণ, বার্কিং হৰিণ,ৰিচাচ বান্দৰ, হুলক গিবন, টুপীমূৰীয়া বান্দৰ, লাজুকী বান্দৰকে ধৰি বহু জীৱ-জন্তুৰ বাসস্থান এই অভয়াৰণ্য।
ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবামত এই পক্ষী উদ্যানখন অৱস্থিত।বৰদৈবাম বিলমূখ পক্ষী উদ্যানত মাছৰোকা, শৰালি হাঁহ, হাড়গিলা, কপৌ, ৰাজকুমাৰী, ব্ৰঞ্জ হেডেড জেকানা, সখীয়তী, গঙা চিলনী, ৰামপৰা, ধুবুনী চৰাই, কামচৰাই, শামূক ভঙাকে ধৰি পক্ষীৰ ২৪টা প্ৰজাতিৰ লগতে বহু জীৱ-জন্তু এই অভয়াৰণ্যত বাস কৰে।