Woman Health: অৱহেলা নকৰিব, সময় থাকোতেই সচেতন হওঁক

মহিলাসকল তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে অতি অসাৱধান। তেওঁলোকে শৰীৰত দেখা দিয়া সৰু সৰু সমস্যাবোৰ একেবাৰে উপেক্ষা কৰে। যি ভৱিষ্যতে এক অতি গুৰুতৰ ৰোগৰ ৰূপ লোৱাৰ সম্ভাৱনা থাকে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
শৰীৰৰ পৰিৱৰ্তন

ডিজিটেল ডেস্ক: মহিলাসকল তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে অতি অসাৱধান। তেওঁলোকে শৰীৰত দেখা দিয়া সৰু সৰু সমস্যাবোৰ একেবাৰে উপেক্ষা কৰে। ফলত ভৱিষ্যতে গুৰুতৰভাৱে ৰোগীয়া হোৱাৰ আশংকা থাকে। বিশেষজ্ঞৰ মতে, যেতিয়াই মহিলাসকলে শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰে, ই নিশ্চিতভাৱে ৰোগৰ এক ইংগিত দিয়ে। কিন্তু প্ৰায়ে মহিলাসকলে ব্যস্ততাৰ বাবে ইয়াক ভাগৰ হিচাপে ভাৱি লৈ অৱহেলা কৰে। কিন্তু শৰীৰৰ এই পৰিৱৰ্তনবোৰক আওকান নকৰি সময়মতে চিকিৎসা কৰোটো অতি জৰুৰী।শৰীৰত কি পৰিৱৰ্তন হ'লে মহিলাসকলে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে, জানো আহক- 

Advertisment

নখ দুৰ্বল হোৱা

যদি আপোনাৰ নখ সোনকালে ভাঙিবলৈ আৰম্ভ কৰিছে, তেন্তে বুজিব যে আপোনাৰ শৰীৰৰ কেলচিয়াম, ভিটামিন ডি বা জিংকৰ অভাৱ হৈছে।

সঘনাই প্ৰস্ৰাৱ লগা

যদি আপুনি দিনত কেইবাবাৰো প্ৰস্ৰাৱ কৰিবলৈ যায়। ই আপোনাৰ মূত্ৰনলীৰ সংক্ৰমণৰ এক কাৰণ হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ প্ৰস্ৰাৱ সোনকালে পৰীক্ষা কৰিব লাগিব।

বৰ ভাগৰুৱা হোৱা

যদি আপুনি বহু দিনধৰি অতি ভাগৰুৱা অনুভৱ কৰি আছে, তেনেহ'লে আপুনি শীঘ্ৰে সম্পূৰ্ণ তেজ পৰীক্ষা কৰাওক।

চকুৰ ৰঙা পৰা- মূৰ ঘূৰোৱা

যদি আপোনাৰ চকু ৰঙা আৰু মূৰ ঘূৰোৱাৰ সমস্যা হৈছে, তেনেহ'লে আপোনাৰ ৰক্তচাপ পৰীক্ষা কৰাওক।

কোনো ঠাই সৰুকৈ ফুলি উঠা

যদি আপুনি শৰীৰত বা আঁঠু, ভ্ৰূ, হাত আৰু ভৰিত সৰুকৈ ফুলা দেখা পায়, তেনেহ'লে আপুনি তেজৰ কলেষ্টেৰল পৰীক্ষা কৰাব লাগে।

চুলি সৰা

যদি ধুই শুকোৱাৰ পিছত চুলি অত্যাধিক সৰি যায়, তেনেহ'লে আপুনি থাইৰইড পৰীক্ষা কৰাব লাগে।

চকুৰ গুৰি ক'লা পৰা

যদি চকুৰ তলৰ ডাঠ বৃত্তটো দিনে দিনে বাঢ়ি আহিছে, তেনেহ'লে আপোনাৰ এলাৰ্জিৰ সমস্যা হ'ব পাৰে। ইয়াৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

চকুৰ ভ্ৰূ পাতল হোৱা

যদি ঘন চকুৰ ভ্ৰূ পাতল হৈ যায়, ইয়াৰ অৰ্থ হৈছে হৰমনবোৰত কিবা সমস্যা আছে। সেয়েহে সোনকালে হৰমনবোৰ পৰীক্ষা কৰাওক।

Also Read: ৰোগমুক্ত হৈ থাকিবলৈ সদায় খাওঁক হালধিৰ আচাৰ