ৰোগমুক্ত হৈ থাকিবলৈ সদায় খাওঁক হালধিৰ আচাৰ

বলীউডৰ অভিনেত্ৰী মলাইকা অৰোৰাৰ আকৰ্ষণীয় দেহটোৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। সুস্থ শৰীৰ তথা সৌন্দৰ্যই হৈছে মলাইকাৰ বিশেষ আকৰ্ষণ।তেওঁৰ সুঠাম শৰীৰলৈ চাই বয়স অনুমান কৰাটো একেবাৰেই কঠিন।

author-image
asomiyapratidin
আপডেট কৰা হৈছে
New Update
22

ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী মলাইকা অৰোৰাৰ আকৰ্ষণীয় দেহটোৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। সুস্থ শৰীৰ তথা সৌন্দৰ্যই হৈছে মলাইকাৰ বিশেষ আকৰ্ষণ।তেওঁৰ সুঠাম শৰীৰলৈ চাই বয়স অনুমান কৰাটো একেবাৰেই কঠিন।এই সুন্দৰ-সুঠাম শৰীৰ গঠনত এইগৰাকী অভিনেত্ৰীক বিশেষভাৱে সহায় কৰিছে এবিধ বিশেষ খাদ্যই। এই স্বাস্থ্যৱান খাদ্যবিধ হৈছে হালধী। খুব কম লোক এই বিষয়ে জ্ঞাত যে, মালাইকাৰ আচাৰ অতি প্ৰিয়। সেয়েহে তেওঁ হালধীৰ আচাৰ দৈনিক গ্ৰহণ কৰে। যাতে, মুখৰ জুতি আৰু স্বাস্থ্য দুয়োটায়ে ভালে থাকে।

Advertisment

মলাইকাই ভাল পোৱা হালধী আচাৰৰ স্বাস্থ্য লাভালাভৰ বিষয়ে আজি আমিও জানো আহক-

শক্তিশালী কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা 

কেঁচা হালধিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।কিন্তু বহুতেই কেঁচা হালধী শুদাকৈ খাব নোৱোৰে। সেয়েহে হালধীৰ আচাৰ তৈয়াৰ কৰি খালে ই স্বাস্থ্যক বহুতো লাভালাভ প্ৰদান কৰে। বিশেষজ্ঞসকলৰ মতে, হালধিৰ আচাৰে হজমত সহায় কৰে।

হালধি আচাৰৰ আন কেতবোৰ স্বাস্থ্য উপকাৰিতা হৈছে-

  •  ই গেছ আৰু পেট ফুলাৰ পৰাও সকাহ দিয়ে।

  • আৰ্থ্ৰাইটিছৰ বিষৰ পৰা সকাহ দিয়ে।

  • ৰক্ত সঞ্চালন উন্নত কৰে। 

  • পেটৰ জ্বলা-পোৰা আৰু সংক্ৰমণ নিৰাময় কৰে।

  • যকৃত বিষমুক্ত কৰে। 

হালধিৰ আচাৰ কিয় খোৱা উচিত ?

হালধিৰ আচাৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। বহু চেলিব্ৰিটি পুষ্টিবিদে সকলো লোককে হালধিৰ আচাৰ খাবলৈ পৰামৰ্শ দিয়ে। কেঁচা হালধিৰ আচাৰে চাইনাচ আৰু ডিঙিত শ্লেষ্মা শুকোৱাত যথেষ্ট সহায় কৰে।

হালধিৰ নাই কোনো পাৰ্শ্বক্ৰিয়া 

আয়ুৰ্বেদত হালধিক এক প্ৰকাৰ ঔষধ বুলিয়েই গণ্য কৰা হয়। হালধিৰ এণ্টি ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট, এণ্টি বেক্টেৰিয়া, এণ্টি ভাইৰেল, এণ্টি মাইক্ৰ'বিয়েল গুণাগুণ আছে। হালধিৰ আচাৰ খোৱাৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।

বি.দ্ৰ: কিন্তু যদি আপুনি কোনো ৰোগৰ চিকিৎসা কৰি আছে, হালধিৰ আচাৰ খোৱাৰ আগতে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।

Also Read: Health Benefits of Garlic- নহৰু খোৱাৰ ১০ স্বাস্থ্য উপকাৰিতা

turmeric malaika arora