/asomiyapratidin/media/media_files/2025/12/31/1-2025-12-31-17-00-36.jpg)
ডিজিটেল ডেস্ক: শীতকালত বহু লোকেই মূৰৰ বিষত ভূগে। এই সমস্যা সামান্য যেন লাগিলেও নিয়মিত হ’লে দৈনন্দিন জীৱনত ই অসুবিধা সৃষ্টি কৰে। বিশেষকৈ ঠাণ্ডা বতাহ, খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু জীৱনশৈলীৰ বাবে শীতকালত মূৰৰ বিষ অধিক দেখা যায়। শীতকালত মূৰৰ বিষৰ প্ৰধান কাৰণসমূহ হৈছে-
পানীৰ অভাৱ
শীতকালত শৰীৰত পানীৰ অভাৱ সহজে হয়। ঠাণ্ডা লাগিলেও পিয়াহ কম অনুভৱ হোৱাত বহুতে পৰ্যাপ্ত পৰিমাণে পানী নাখায়। ইয়াৰ ফলত ডিহাইড্ৰেশ্বন হয় আৰু মূৰৰ বিষ দেখা দিব পাৰে।
ঠাণ্ডা বতাহ
ঠাণ্ডা বতাহ আৰু তাপমাত্রাৰ হঠাৎ পৰিৱৰ্তনে ছাইনাছ (sinus)ৰ সমস্যাৰ সৃষ্টি কৰে, যাৰ ফলত কপাল বা মূৰৰ আগফালে বিষ অনুভৱ হয়।
সূৰ্যৰ পোহৰ
শীতকালত সূৰ্যৰ পোহৰ কম পোৱা যায়। ইয়াৰ বাবে কিছুমান লোকৰ মুড পৰিৱৰ্তন হয় আৰু মানসিক চাপ বৃদ্ধি পায়, যাৰ প্ৰভাৱ মূৰৰ বিষ হিচাপে প্ৰকাশ পায়। ইয়াৰ উপৰি, শীতকালত গৰম কাপোৰ নপিন্ধিলে বা দীঘল সময় ঠাণ্ডাত থাকিলে মূৰৰ ৰক্তনালীত সংকোচন ঘটে, যাৰ ফলতো বিষ অনুভৱ হ’ব পাৰে।
এই সমস্যাৰ পৰা সমাধান লাভৰ উপায়
এই সমস্যাৰ পৰা বাচিবলৈ কিছুমান সৰল উপায় গ্ৰহণ কৰিব পাৰি। নিয়মিত পৰ্যাপ্ত পানী খোৱা, গৰম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা আৰু ঠাণ্ডাৰ পৰা নিজকে সুৰক্ষিত ৰখা অত্যন্ত প্ৰয়োজনীয়। লগতে, পৰ্যাপ্ত টোপনি যোৱা আৰু দীঘল সময় ম'বাইল বা স্ক্ৰীনৰ সন্মুখত নথকাৰ চেষ্টা কৰিব লাগে। চাইনাছৰ সমস্যা থাকিলে নাক-মূৰ গৰম পানীৰ ভাপ লোৱাটো অত্যন্ত সহায়ক।
মূলতে ক’বলৈ গ’লে, শীতকালত হোৱা মূৰৰ বিষ সাধাৰণতে জীৱনশৈলী আৰু পৰিৱেশজনিত কাৰণৰ ফল। সজাগতা আৰু সঠিক যত্ন ল’লে এই সমস্যাৰ পৰা বহু পৰিমাণে ৰক্ষা পাব পাৰি। যদি মূৰৰ বিষ অত্যধিক বা দীঘল সময় ধৰি থাকে, তেন্তে অভিভাৱক বা চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us