সাধাৰণ বুলি ভাবি আপুনি ক্ৰয় কৰা পিঁয়াজে মাতিব পাৰে ভয়াৱহ বিপদ

পিঁয়াজ ভাৰতীয় খাদ্যৰ এক অপৰিহাৰ্য অংগ। আজিকালি বজাৰৰ পৰা পিঁয়াজ কিনিলে প্ৰায়বোৰ পিঁয়াজতে ক’লা দাগ দেখা যায়। মানুহে প্ৰায়ে সেইবোৰক আওকাণ কৰে বা সেই ক’লা দাগ থকা পিঁয়াজ টুকুৰাটো কাটি বাকীখিনি অংশ ব্যৱহাৰ কৰে।

author-image
সংগীতা দাস
New Update
পিঁয়াজ

ডিজিটেল ডেস্ক: পিঁয়াজ ভাৰতীয় খাদ্যৰ এক অপৰিহাৰ্য অংগ। আজিকালি বজাৰৰ পৰা পিঁয়াজ কিনিলে প্ৰায়বোৰ পিঁয়াজতে ক’লা দাগ দেখা যায়। মানুহে প্ৰায়ে সেইবোৰক আওকাণ কৰে বা সেই ক’লা দাগ থকা পিঁয়াজ টুকুৰাটো কাটি বাকীখিনি অংশ ব্যৱহাৰ কৰে। কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে যে এই দাগবোৰ কি আৰু ই আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক ?

ক’লা দাগযুক্ত পিঁয়াজ কি?

দীৰ্ঘদিন বা অনুচিতভাৱে ৰখাৰ সময়ত পিঁয়াজৰ ওপৰত ক’লা ৰেখা গঢ় লৈ উঠে। এই দাগবোৰ পানীৰে ধুই ম্লান হৈ যায় যদিও সম্পূৰ্ণৰূপে নাইকিয়া নহয়। এই ক’লা দাগবোৰে পিঁয়াজত ভেঁকুৰৰ উপস্থিতিৰ ইংগিত দিয়ে। এই ভেঁকুৰক Aspergillus niger বুলি কোৱা হয়।

কিয় বিপদজনক এই ভেঁকুৰ ?

Aspergillus niger নামৰ এই ভেঁকুৰবিধ সাধাৰণ যেন লাগিব পাৰে। কিন্তু ইয়াৰ কিছুমান প্ৰজাতিয়ে Ochratoxin A নামৰ বিষাক্ত পদাৰ্থ উৎপন্ন কৰে। এই বিষাক্ত পদাৰ্থ গ্ৰহণ কৰিলে বৃক্কৰ ক্ষতি হয়, যকৃতত প্ৰভাৱ পৰে আৰু শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’ব পাৰে। দীৰ্ঘদিন ধৰি এইসমূহ পেটলৈ গৈ থাকিলে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। অৰ্থাৎ, ক’লা দাগ থকা এই পিঁয়াজে গোপনে আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

সুৰক্ষিত হৈ থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব ?

পিঁয়াজ কিনাৰ সময়ত ভালদৰে পৰীক্ষা কৰিব। ক’লা ৰেখা বা দাগ থকা পিঁয়াজ নিকিনিব। পোনপটীয়াকৈ সূৰ্যৰ পোহৰ পৰি থকা ঠাই বা তিতা ঠাইত পিঁয়াজ নথ’ব। আলুৰ লগত কেতিয়াও পিঁয়াজ সংৰক্ষণ নকৰিব। ইয়াৰ ফলত আৰ্দ্ৰতা বৃদ্ধি হৈ পিঁয়াজ পচি যায়। পিঁয়াজ সদায় অলপ ঠাণ্ডা, আন্ধাৰ আৰু ভালদৰে বায়ু চলাচল কৰা ঠাইত ৰাখিব লাগে।