
ডিজিটেল ডেস্ক: দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসে আমাৰ শৰীৰত বহু ৰোগৰ সৃষ্টি কৰে।আমাক আগুৰি থকা এনে দুই অন্যতম ৰোগ হৈছে কৰ্কট আৰু ডায়েবেটিছ ৰোগ। আৰম্ভণিতে যদি কৰ্কট ৰোগ চিনাক্ত নহয়, তেনেহ’লে ই জীৱনৰ প্ৰতি ভাৱুকি কঢ়িয়াই আনিব পাৰে।তদুপৰি কৰ্কট ৰোগত আক্ৰান্ত সকলো সাৱধান হ’ব লাগে, বিশেষকৈ তেওঁলোকৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত।তেওঁলোকে খাদ্য তালিকাৰ পৰা কিছুমান খাদ্য বাদ দি বা কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰি এই ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে।আজি এই বিষয়ে জানো আহক-
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, কৰ্কট কোষত ১৫ গুণ অধিক গ্লুকোজ পোৱা যায়। ইয়াৰ বাহিৰেও, এচিডৰ দৰে বস্তুত কৰ্কট ৰোগ অতি সোনকালে বিয়পে। মাংস, চেনী, কেফেইন, সুৰাৰ দৰে খাদ্য গ্ৰহণে কৰ্কট ৰোগৰ আশংকা আৰু অধিক বৃদ্ধি কৰিব পাৰে।
তদুপৰি, পৰিশোধিত চেনী, মিনাৰেল (খনিজ), কুঁহিয়াৰ আদিৰ দৰে খাদ্য গ্ৰহণেও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। বিস্কুট, পেটিছৰ দৰে সংসাধিত খাদ্যতো চেনী যথেষ্ট পৰিমানে পোৱা যায়।সেয়েহে, এইবোৰ খাদ্য কৰ্কট ৰোগীকে ধৰি সাধাৰণ ব্যক্তিয়েও পৰিহাৰ কৰা উচিত।মাইক্ৰ'ৱেভত তৈয়াৰ কৰা খাদ্যইও কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। বিশেষকৈ যেতিয়া আপুনি মাইক্ৰ'ৱেভত পপকৰ্ণ তৈয়াৰ কৰে, ই পাৰফ্লুৰোঅক্টানোইক এচিড প্ৰস্তুত কৰে,যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।
নিজকে কেনেদৰে ৰক্ষা কৰিব?
বিশেষজ্ঞসকলৰ মতে, আপুনি পৰাপক্ষত মিঠাই পৰিহাৰ কৰি চলিব লাগে। ইয়াৰ দ্বাৰা আপুনি কৰ্কট ৰোগৰ আশংকা বহুগুণে হ্ৰাস কৰিব পাৰে। ইয়াৰ বাহিৰেও, খাৰ জাতীয় খাদ্য গ্ৰহণ কৰিও এই বিপদজনক ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে।