প্ৰাণটো বচাবলৈ মন যদি আজিৰ পৰাই খাওঁক এই খাদ্য

সম্প্ৰতি উচ্চ ৰক্তচাপে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বয়োজ্যেষ্ঠসকলটো বাদেই, উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ খুব কম বয়সতে বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অৱশ্যে, কিছুমান বিশেষ দিশত মন দি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
উচ্চ ৰক্তচাপ seo

ডিজিটেল ডেস্ক: সম্প্ৰতি উচ্চ ৰক্তচাপে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বয়োজ্যেষ্ঠসকলটো বাদেই, উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ খুব কম বয়সতে বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অৱশ্যে, কিছুমান বিশেষ দিশত মন দি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। হয়, সঠিক খাদ্য, ব্যায়াম আৰু চিকিৎসকে দিয়া ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰিলেই আপুনি এই ঘাতকৰূপী ৰোগৰ পৰা বাচি থাকিব পাৰে। শেহতীয়া এক গৱেষণাত পোহৰলৈ অহা মতে, বিশেষ তিনিবিধ খাদ্যই ৰক্তচাপক সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণত ৰাখে। এই খাদ্য কেইবিধ হৈছে-

Advertisment

ডাৰ্ক চকলেট

মাজে মাজে ডাৰ্ক চকলেট খালে ৰক্তচাপ আৰু ইয়াৰ লগত জড়িত গুৰুতৰ ৰোগবোৰ প্ৰতিৰোধ কৰিব পাৰি। ডাৰ্ক চকলেটত মেগনেছিয়াম আৰু ফ্লেভানল প্ৰচুৰ পৰিমাণে পোৱা যায়। এই দুয়োটা মৌলয়ে শৰীৰত নাইট্ৰিক অক্সাইডক প্ৰসাৰিত কৰে। যাৰ ফলত ৰক্তবাহী নলী শিথিল হয়। 

বীটৰুট

বহুতৰ বাবে অপ্ৰিয় হলেও ৰক্তচাপ নিয়ন্ত্ৰণৰ লগতে বহু ৰোগত ঔষধৰ দৰে কাম কৰে বীটৰুটে। কৰে। ইয়াত থকা জৈৱিক নাইট্ৰেট শৰীৰত নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰিত হয়। এই নাইট্ৰিক অক্সাইড ৰক্তবাহী নলীত বিয়পি পৰে আৰু তেজৰ সোঁত উন্নত কৰে। ৰস, চালাড বা শাক-পাচলিৰ ৰূপত আপুনি খাদ্য তালিকাত বীটৰুট অন্তৰ্ভুক্ত কৰিব পাৰে। দৈনিক বীটৰট খালে আপোনাৰ হৃদযন্ত্ৰ দীৰ্ঘদিনলৈ সুস্থ হৈ থাকে আৰু ষ্ট্ৰ'কৰ দৰে গুৰুতৰ ৰোগৰ পৰাও সুৰক্ষা দিয়ে।

কল

প্ৰতিটো ঋতুতে সহজে পোৱা এবিধ ফল হ’ল কল। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। পটাছিয়ামে বৃক্কত থকা অতিৰিক্ত ছ'ডিয়াম আঁতৰোৱাতো সহায় কৰে। অতিৰিক্ত ছ'ডিয়ামে ৰক্তচাপ বৃদ্ধি কৰে। সেয়েহে, এই গুৰুতৰ ৰোগৰ পৰা বাচি থাকিবলৈ আপুনি দৈনিক কল খোৱা আৰম্ভ কৰিব পাৰে।

প্ৰয়োজন সুষম জীৱনশৈলীৰ 

কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো উচিত নহয়। সঠিক খাদ্যৰ লগতে দৈনিক ব্যায়াম কৰা আৰু মানসিক চাপৰ পৰা আঁতৰি থকাটোও খুব জৰুৰী। গ্ৰীষ্মকালত শৰীৰত যাতে পানীৰ অভাৱ নহয় আৰু নিমখ কম পৰিমাণে খোৱা হয়, তাৰ প্ৰতিও মনোযোগ দিয়াটো খুব দৰকাৰী। আনহাতে, গ্ৰীষ্মকালত ৰক্তচাপৰ সমস্যা তুলনামূলকভাৱে বৃদ্ধি হয়, সাৱধান হৈ থাকিব।

বি.দ্ৰ. এই লেখাটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিত লেখা হৈছে।