/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c24195fb-84ef-4afe-8be2-c3b08919964e/AP_FOR_WEB__VITAMINE.jpg)
ডিজিটেল ডেস্ক : শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দেহত সঠিকভাৱে ৰক্ত প্ৰৱাহ হোৱাটো অতি প্ৰয়োজনীয়। সঠিকভাৱে হোৱা ৰক্তপ্ৰৱাহে আমাৰ দেহৰ বিভিন্ন অংগলৈ পুষ্টি, খনিজ দ্ৰব্য আৰু অক্সিজেন কঢ়িয়াই নি প্ৰতিটো অংগৰ দেহকোষৰ সৃষ্টি বৃদ্ধি আৰু অন্যান্য কাম-কাজসমূহ উন্নত কৰি তোলে।আনহাতে, দুৰ্বল ৰক্তপ্ৰবাহৰ ফলত শৰীৰৰ বিভিন্ন অংগ যেনে, মগজু, হৃদযন্ত্ৰ, যকৃত, বৃক্ক, আৰু আন আন অংগসমূহৰ ক্ষতি কৰিব পাৰে।সেয়েহে কি কি খাদ্য খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হয়, সেই বিষয়ে আজি জানো আহক-
বীটৰুট
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/75259378-f96c-470a-af02-ec916205dcdc/beatroot_pic_0.webp)
শৰীৰত তেজ বৃদ্ধি কৰাৰ বাবে বীটৰুটক এক ৰামবাণ বুলি গণ্য কৰা হয়।বীটৰুটত যথেষ্ট পৰিমাণে আইৰণ আছে, যিয়ে শৰীৰত তেজ বৃদ্ধি কৰে। দৈনিক বীটৰ ৰস খালে তেজ পৰিষ্কাৰ হয়।তদুপৰি, বীটৰুটত বিভিন্ন প্ৰকাৰৰ ভিটামিন, খনিজ আৰু এণ্টি-অক্সিডেণ্ট আছে, যিয়ে শৰীৰৰ হজমশক্তি উন্নত হোৱাত সহায় কৰে।
ডালিম
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/fbb5a198-b234-439c-a1da-1c79f171cb26/anar_pic_0.webp)
আইৰণৰ অভাৱ দূৰীকৰণৰ বাবে ডালিম হৈছে অতি উত্তম খাদ্য। ডালিম খোৱাৰ ফলত ৰক্তহীনতাৰ সমস্যা আঁতৰ হয়। ডালিমৰ ৰসে অন্ত্ৰৰ প্ৰদাহ হ্ৰাস কৰে আৰু হজম উন্নত কৰে। ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও যথেষ্ট ভাল।
পালেং শাক
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9fb082bb-bfd0-4881-a846-2247f87390d3/palak_pic_0.webp)
পালেং শাক হৈছে আইৰণ, ভিটামিন আৰু অমেগা-৩ ফেটি এচিডৰ ভঁৰাল। পালেঙে শৰীৰত তেজ বৃদ্ধি কৰা আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাৰ বাবেও কাম কৰে। ই পেশীবোৰ শক্তিশালী কৰে আৰু হাড়ৰ স্বাস্থ্যও মজবুত কৰে।
শুকান ফল( ড্ৰাই ফ্ৰুইটছ)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/0a3e6a45-c8fc-420e-a652-62c83012e277/dry_fruits_pic_0.webp)
শুকান ফল যেনে কাঠ বাদাম, আখৰোট, কাজু আৰু এপ্ৰিকট আইৰণৰে সমৃদ্ধ। শুকান ফলে দ্ৰুতগতিত তেজত লোহিত ৰক্ত কণিকা গঠন কৰে আৰু শৰীৰত তেজৰ অভাৱ হ্ৰাস কৰে। ৰক্তহীনতাত ভুগি থকা লোকসকলে দৈনিক এমুঠি শুকান ফল খালে অতি সোনকালে এই সমস্যাৰ সমাধান লাভ কৰিব পাৰিব।
মাহজাতীয় শস্য
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c9fc24c5-b4af-49c6-8af4-c7f8fafeb3a5/images.jpg)
মাহজাতীয় শস্য আৰু সম্পূৰ্ণ শস্যত যথেষ্ট পৰিমাণে প্ৰ'টিন, ভিটামিন আৰু আঁহ থাকে। ই শৰীৰত আইৰণৰ অভাৱ আঁতৰাই তেজ বৃদ্ধি কৰে। সম্পূৰ্ণ শস্যত অদ্ৰৱণীয় আঁহ পোৱা যায়। প্ৰতি নিশা তিয়াই থোৱা বুট আৰু মগু ৰাতিপুৱা অথবা গজালি ওলোৱাৰ পাছত খালে, শৰীৰত দ্ৰুতগতিত তেজ সৃষ্টি হয় আৰু শৰীৰেও বহুতো পুষ্টি লাভ কৰে।
Also Read: খোৱা-লোৱাত যত্ন লওঁক আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰাখক