আজিকালি অধিকাংশ শিশুয়েই জেদী, কি কৰিব লাগে অভিভাৱকে ?

আজিকালি অধিকাংশ অভিভাৱকে সন্তানক সুখী কৰি ৰাখিবলৈ তেওঁলোকৰ সকলো দাবী পূৰণ কৰে। কিন্তু সন্তনক সুখ দিবলৈ গৈ অভিভাৱকে কৰা কেতবোৰ কৰ্মই সিহঁতৰ স্বভাৱ নষ্ট কৰিব পাৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
day

ডিজিটেল ডেস্ক: আজিকালি অধিকাংশ অভিভাৱকে সন্তানক সুখী কৰি ৰাখিবলৈ তেওঁলোকৰ সকলো দাবী পূৰণ কৰে। কিন্তু সন্তনক সুখ দিবলৈ গৈ অভিভাৱকে কৰা কেতবোৰ কৰ্মই সিহঁতৰ স্বভাৱ নষ্ট কৰিব পাৰে। যাৰ ফলত তেওঁলোক আক্ৰমণাত্মক আৰু অত্যন্ত জেদী হৈ পৰে। এনে শিশুক সাধাৰণতে ‘স্পইল্ড চাইল্ড’ বুলি কোৱা হয়।

Advertisment

‘স্পইল্ড চাইল্ড’ বা ‘নষ্ট শিশু’ শব্দটোৱে অপৰিপক্ক, আত্মকেন্দ্ৰিক, অসৎ আচৰণ কৰা শিশুক বুজায়, যিসকলে হিংসাত্মক তথা অনুচিত আচৰণ প্ৰদৰ্শন কৰে। এনে আচৰণ কৰা শিশু এটা চম্ভালিবলৈ জটিল হৈ পৰে। কিন্তু এই আচৰণবোৰ আগতীয়াকৈ চিনাক্ত কৰি অভিভাৱকে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিলে সন্তানৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে।

শিশুৰ স্বভাৱ কিয় নষ্ট হয় ?

শিশুৰ স্বভাৱ নষ্ট হোৱা বা শিশু এটা অত্যন্ত জেদী হোৱাৰ বহু কাৰণ আছে। এনে শিশুৰ ধৈৰ্য্যৰ অভাৱ হয়। সাধাৰণতে তেওঁলোক আত্মকেন্দ্ৰিক হয়। তেওঁলোকে যি বিচাৰে সেয়া পাবলৈ 'মেনিপুলেটিভ' পদ্ধতি ব্যৱহাৰ কৰে। এই আচৰণে তেওঁলোকক সামাজিক পৰিস্থিতিত সমস্যাত পেলাব পাৰে। যদি আপুনি তলত উল্লেখ কৰা যিকোনো লক্ষণ আপোনাৰ সন্তানৰ ক্ষেত্ৰত দেখা পায়,  তেন্তে আপুনি কেতবোৰ দিশত গুৰুত্ব দি সৰ্তক হ'ব লাগিব।

সকলো কথা উপেক্ষা কৰা

যেতিয়া এটি শিশুয়ে তেওঁলোকক সোধা বা কোৱাৰ বিপৰীতে কাম কৰে বা যিকোনো ৰুটিন অনুসৰণ কৰিবলৈ ক’লে তাক বিভিন্ন অজুহাতত অস্বীকাৰ কৰে, তেতিয়া আপুনি সাৱধান হ’ব।

অত্যাধিক খং

জেদী শিশুসকল যথেষ্ট খঙাল হয়। তেওঁলোক আক্ৰমণাত্মকো হ'ব পাৰে। যেতিয়া প্ৰয়োজনীয়তা পূৰণ নহয়, তেতিয়া তেওঁলোক হতাশাত ভোগে আৰু কথা শুনিবলৈ অস্বীকাৰ কৰে। আনহাতে, তেওঁলোকে আৱেগ প্ৰকাশ কৰিবলৈ প্ৰায়ে চিঞৰ-বাখৰ, কান্দোন, আঘাত আৰু কামোৰাৰ দৰে ক্ষিপ্ত আচৰণ প্ৰদৰ্শন কৰে। এনে শিশু খুব অবাধ্য হয়।

নিজকে সৰ্বশ্ৰেষ্ঠ জ্ঞান

কিছুমান শিশুৱে অনুভৱ কৰে যে তেওঁলোক কেৱল সৰ্বশ্ৰেষ্ঠৰ যোগ্য। যদি আপুনি এইক্ষেত্ৰত তেওঁলোকক অত্যাধিক প্ৰশংসা কৰে, তেন্তে এই আচৰণ আৰু অধিক বৃদ্ধি হ'ব পাৰে।

কেতিয়াও সন্তুষ্ট নহয়

যিমান দিলেও যেতিয়া আপোনাৰ সন্তানটো সন্তুষ্ট নহয় বা কৃতজ্ঞ নহয়, তেতিয়া আপুনি আপোনাৰ সন্তানৰ আচৰণৰ প্ৰতি সৰ্তক হ’ব।

সন্মান নকৰা

তেওঁলোকে শিক্ষক, বন্ধুবৰ্গ তথা কোনো লোককে সন্মান নকৰে। তেওঁলোকে আনৰ প্ৰতি সহানুভূতিশীল হোৱাত ব্যৰ্থ হয়।

সামগ্ৰী দাবী, নিজকে আনৰ সৈতে তুলনা

যিকোনো সামগ্ৰী দাবী কৰা শিশু এটাক নিয়ন্ত্ৰণ কৰাটো কঠিন। যেতিয়া তেওঁলোকৰ দাবীবোৰ পূৰণ নহয়, তেওঁলোকে ঘৰৰ সা-সামগ্ৰী ভাঙিবলৈ আৰম্ভ কৰে।

এনে স্বভাৱৰ শিশুক নিয়ন্ত্ৰণ কৰাৰ উপায়

জেদী বা অনুচিত আচৰণ কৰা শিশুৰ সৈতে মোকাবিলা কৰাটো প্ৰত্যাহ্বানতকৈ কোনো গুণে কম নহয়। এনে আচৰণৰ সৈতে মোকাবিলা কৰিবলৈ অভিভাৱকসকলে কেতবোৰ উপায় অৱলম্বন কৰিব-

তৰ্ক নকৰিব

শিশুৰ সৈতে তৰ্ক কৰিলে পৰিস্থিতি অধিক বেয়াহে হয়। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে শান্তভাৱে আৰু সন্মান সহকাৰে কথা পাতিব।

অভিভাৱকৰে সন্তানৰ শক্তিশালী সম্পৰ্ক

যিসকল শিশুৰ পিতৃ-মাতৃৰ সৈতে সুসম্পৰ্ক আছে, তেওঁলোকে সমস্যাবোৰ পিতৃ-মাতৃৰ সৈতে ভাগ বতৰা কৰে আৰু মুকলিকৈ কথা পাতে। শিশু এটিৰ আচৰণ তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে থকা সম্পৰ্কৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। যেতিয়া তেওঁলোকে আৱেগ-অনুভূতি অভিভাৱকৰ সৈতে ভাগ বতৰা কৰিবলৈ মুক্ত অনুভৱ কৰে, প্ৰতিটো পৰিস্থিতিৰ  সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক আৱেগিকভাৱে শক্তিশালী হয়। তেওঁলোকৰ আৱেগ আৰু কাৰ্যকলাপৰ প্ৰতি প্ৰকৃত আগ্ৰহ দেখুৱাই অভিভাৱকসকলে তেওঁলোকক সংযোগ আৰু পাৰস্পৰিক সন্মানৰ গুৰুত্ব শিকাব।

নিৰ্ধাৰণ কৰিব ৰুটিন

অভিভাৱকসকলে সন্তানক ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈ ৰুটিন অনুকৰণ কৰিবলৈ শিকাব লাগে। সময়ৰ কাম সময়ত কৰিলে জীৱনটো কিদৰে সহজ হৈ পৰে, সেই বিষয়েও তেওঁলোকক সৰুতেই বুজাই দিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱন শৃংখলাবদ্ধ হ'ব।

ঘৰুৱা শান্তি

ঘৰৰ পৰিৱেশ যাতে শান্ত হৈ থাকে, তাৰ প্ৰতি অভিভাৱকসকলে মন দিব লাগে। ঘৰৰ পৰিৱেশেও সন্তানৰ স্বভাৱ ভাল বা বেয়া হোৱাত খুব গুৰুতৰ ভূমিকা গ্ৰহণ কৰে। ঘৰত সদায় শান্তিৰ পৰিৱেশ বজাই ৰাখিব। পৰিয়ালৰ সকলোকে সুখী আৰু ইজনে সিজনৰ সৈতে ভাল আচৰণ কৰা দেখিলে, তেওঁলোকেই ভাল আচৰণ কৰিব।

দুৰ্ব্যৱহাৰৰ বিষয়ে অৱগত কৰিব

যদি অভিভাৱকে সন্তানৰ যিকোনো বেয়া আচৰণ সহ্য কৰে, তেন্তে তেওঁলোকে সন্তানক বিপথে পৰিচালিত কৰাত অৰিহনা যোগাই আছে। অভিভাৱকে সদায় সন্তানৰ দুৰ্ব্যৱহাৰৰ পৰিণাম উপলব্ধি কৰাব লাগে।

ভাল আচৰণৰ প্ৰশংসা 

যেতিয়া তেওঁলোকে ভাল আচৰণ দেখুৱায়, তেতিয়া তেওঁলোকক প্ৰশংসা কৰাটো গুৰুত্বপূৰ্ণ। ই তেওঁলোকক ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব।

দলবদ্ধভাৱে কাম কৰিবলৈ শিকাব

শিশুৰ সৈতে অভিভাৱকে সময় কটাব লাগে আৰু বস্তুবোৰ কেনেদৰে ভাগ বতৰা কৰিব, দিব আৰু ল'ব লাগে, তাৰ প্ৰয়োজনীয়তাও  সন্তানক বুজাব লাগে। অভিভাৱকসকলে সন্তানক এটা পাৰিবাৰিক প্ৰকল্পত অন্তৰ্ভুক্ত কৰি দলবদ্ধ কাম শিকাবও পাৰে।

ধন ৰাহি 

অভিভাৱকসকলে সন্তানক জীৱনৰ প্ৰয়োজনীয়তা আৰু বিচৰাৰ মাজৰ পাৰ্থক্য বুজাব লাগে। সন্তানৰ সৈতে অভিভাৱকে ধনৰ বিষয়ে কথা পাতিলে তেওঁলোকে সঞ্চয়, লক্ষ্য আৰু দায়িত্বশীল ব্যয়ৰ বিষয়েও অৱগত হ'ব। 

Also Read: সন্তানক গাখীৰৰ সৈতে মিহলাই খুৱাব এইসমূহ খাদ্য