সন্তানৰ কাণ ফুটুৱাৰ পাছত কৰিবলৈ নাপাহৰিব এই কাম

একাংশ অভিভাৱকে জন্মৰ পিছতে সন্তানক কাণ ফুটাই দিয়ে।আন একাংশই আকৌ কাণ ফুটাবৰ বাবে সন্তানটো অলপ ডাঙৰ হোৱালৈ অপেক্ষা কৰে। সন্তানৰ কাণ সঠিক সময়ত ফুটুৱাটো অতি গুৰুত্বপূৰ্ণ।

author-image
Asomiya Pratidin
New Update
সন্তানৰ কাণ ফুটুৱাৰ পাছত কৰিবলৈ নাপাহৰিব এই কাম

piercing

ডিজিটেল ডেস্ক: একাংশ অভিভাৱকে জন্মৰ পিছতে তেওঁলোকৰ সন্তানক কাণ ফুটাই দিয়ে।আন একাংশই আকৌ কাণ ফুটাবৰ বাবে সন্তানটো অলপ ডাঙৰ হোৱালৈ অপেক্ষা কৰে। প্ৰকৃততে, সন্তানৰ কাণ সঠিক সময়ত ফুটুৱাটো অতি গুৰুত্বপূৰ্ণ। আজি এই বিষয়ে জানো আহক-

Advertisment

কাণ ফুটুৱাৰ উচিত সময়

শিশুৰ কাণ ফুটুৱাৰ বাবে ৩-২ বছৰৰ সময়ছোৱাক উচিত সময় বুলি গণ্য কৰা হয়।কিয়নো এই বয়সত শিশুৰ ছাল সোনকালে আৰোগ্য হোৱাৰ ক্ষমতা থাকে। আনহাতে, কাণ ফুটুৱাৰ সময়ত নিশ্চিত কৰিব যে শিশুটো যাতে স্বাস্থ্যৱান হয় আৰু কোনো এলাৰ্জি, সংক্ৰমণ, চৰ্দি- কাহ আদিৰ দৰে সমস্যা নাথাকে। যদি আপোনাৰ সন্তানে কোনো নিৰ্দিষ্ট স্বাস্থ্য সমস্যাৰ সন্মুখীন হৈছে, তেন্তে কাণ ফুটুৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব।

কাণ ক'ত ফুটাব ? 

আপোনাৰ সন্তানৰ কাণ ফুটাবলৈ এজন অভিজ্ঞ তথা যোগ্য পেছাদাৰী (চিকিৎসক, নাৰ্চ, বা প্ৰশিক্ষিত কাণ ফুটুৱা ব্যক্তি)ৰ সহায় ল'ব।চিকিৎসা ক্লিনিক বা চিকিৎসালয়তহে কাণ ফুটাব।কিয়নো সঠিক সঁজুলি আৰু অভিজ্ঞতাসম্পন্ন লোকৰ দ্বাৰা পৰিস্কাৰ-পৰিচ্ছন্নতাৰে কাণ ফুটালে সংক্ৰমণৰ আশংকা কম হয়।

কাণ কেনেদৰে ফুটাব লাগে ?

কাণ সাধাৰণতে দুটা পদ্ধতিত ফুটুৱা হয়।এটা বেজীৰে আৰু আনটো কাণ ফুটুৱা বিশেষ বন্দুকৰে।এইক্ষেত্ৰত বেজীৰে কাণ ফুটুৱাটো তুলনামুলকভাৱে ভাল বুলি গণ্য কৰা হয়।কিয়নো এই প্ৰক্ৰিয়াটো লেহেম আৰু অধিক নিয়ন্ত্ৰিত। কাণ ফুটুৱা বন্দুকেৰে ফুটালে কাণত অধিক চাপ পৰিব পাৰে আৰু সংক্ৰমণ হোৱাৰো আশংকা থাকে। আনহাতে, সকলো কাণ ফুটুৱা সঁজুলি যাতে বীজাণুমুক্ত হয়, সেইটো নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কাণ ফুটুৱাৰ আগত আপুনি এনাস্থেটিক ক্ৰীম প্ৰয়োগ কৰিব পাৰে।

 কাণ ফুটুৱাৰ পিছত ল'বলগীয়া যত্ন

কাণ ফুটুৱাৰ পিছত কেইসপ্তাহমানৰ বাবে কাণ পৰিস্কাৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ। দিনত ২-৩ বাৰ এণ্টিচেপ্টিক দ্ৰৱণৰে কাণ পৰিস্কাৰ কৰিব। কাণ স্পৰ্শ কৰাৰ আগতে হাত ধুব। কাণত কোনো ফুলা, বিষ বা ৰঙা পৰা দেখিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব। কাণ ফুটুৱাৰ পিছত কাণফুলিযোৰ ঘূৰাই থকাৰ প্ৰয়োজন নাই, এনে কৰিলে কাণখন শুকাবলৈ সময় লাগে। কাণ ফুটুৱাৰ পিছত কমেও ৬-৮ সপ্তাহৰ বাবে একেযোৰ কাণফুলি পিন্ধিব যাতে ছিদ্ৰটো ভালদৰে আৰোগ্য হয়।

কিদৰে বাছনি কৰিব কাণফুলি ?

সদায়ে শিশুৰ কাণৰ বাবে হাইপোএলাৰজেনিক (এলাৰ্জেন-মুক্ত) সামগ্ৰীৰে তৈয়াৰ কৰা কাণফুলি বাছনি কৰিব। কাণৰ বাবে সদায় চুটি আৰু পাতল কাণফুলি বাছনি কৰিব, যাতে সিহঁতৰ কাণৰ ফুটা ডাঙৰ নহয় আৰু তেওঁলোকে কাণখন ওজন অনুভৱ নকৰে।

Also Read: সাধাৰণ যেন লাগিলেও সন্তানৰ এই অভ্যাসক একেবাৰে উপেক্ষা নকৰিব