/asomiyapratidin/media/media_files/2025/04/22/aboagi2CIyp73nl7sGgH.jpg)
ডিজিটেল ডেস্ক: যদি ৰাতি আঠৰ পৰা ন ঘণ্টা শুই থকাৰ পিছতো দিনত টোপনি অনুভৱ কৰে, তেতিয়া ইয়াক আপুনি উপেক্ষা নকৰিব। প্ৰকৃততে ই এক গুৰুতৰ সমস্যা। সকলো সময়তে টোপনি যোৱাৰ সমস্যাক ‘হাইপাৰচমনিয়া’ বুলি কোৱা হয়। এইটো এটা টোপনিৰ বিকাৰ য'ত এজন ব্যক্তিৰ সকলো সময়তে টোপনি আহে, বিশেষকৈ দিনত।
দৰাচলতে, খাদ্য আৰু পানীৰ দৰে আমাৰ সুস্বাস্থ্যৰ বাবে টোপনিও গুৰুত্বপূৰ্ণ। এজন ব্যক্তিৰ শৰীৰ ভালদৰে কাম কৰি থাকিবলৈ কমেও সাত ঘণ্টা টোপনিৰ প্ৰয়োজন। বহুলোকে নিদ্ৰাহীনতাৰ সমস্যাত ভোগে, আনহাতে বহুলোকৰ অত্যাধিক টোপনি হয়।এই দুয়োটাই স্বাস্থ্যৰ বাবে ভাল নহয়।
বাৰে বাৰে টোপনি অনুভৱ কৰাৰ কাৰণ
এই সমস্যা অত্যাধিক সুৰাপান, চাপ আৰু হতাশাৰ ফলত হয়। এই সমস্যাত ভুগি থকা লোকসকলে প্ৰায়ে টোপনিৰ পৰা পৰিত্ৰাণ পাবলৈ অধিক চাহ আৰু কফি খাবলৈ আৰম্ভ কৰে। যাৰ বাবে তেওঁলোকে আৰু আন আন বহু সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয়। আজি এই সমস্যা দূৰ কৰাৰ কিছুমান সহজ উপায় জানো আহক-
শোৱাৰ অভ্যাস ভাল কৰিব
প্ৰতিজন ব্যক্তিয়ে ৰাতি ৭-৮ ঘণ্টা সময় শুব লাগে। আপোনাৰ টোপনিৰ আৰ্হি ভাল ৰাখিবলৈ সদায় এটা সময়তে শোৱা আৰু ৰাতিপুৱা এটা সময়তে উঠাৰ অভ্যাস কৰিব লাগে। শোৱাৰ সময়ত ম’বাইলত কিবা উপভোগ কৰাটো আজিকালি বহুতৰে অভ্যাস।শোৱাৰ আগতে ম’বাইল, টিভিত ব্যস্ত হৈ থাকিলে ইটোপনিত ব্যাঘাত জন্মায়।সেয়ে শোৱাৰ অলপ আগতে টিভি, ম'বাইল আৰু লেপটপ সদায় দূৰত ৰাখিব লাগে।
স্বাস্থ্যকৰ খাদ্য খাব
নিয়মীয়াকৈ পুষ্টিসমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে শৰীৰত শক্তিৰ স্তৰ ভালে থাকে।আহাৰত সদায়েই প্ৰ'টিন, ভিটামিন আৰু কাৰ্বোহাইড্ৰেটৰ ভাল ভাৰসাম্য থাকিব লাগে।কাৰ্বোহাইড্ৰেট সমৃদ্ধ খাদ্যই শৰীৰত চেনী আৰু কেফেইনৰ দৰে একেই প্ৰভাৱ পেলায়। গতিকে মনত ৰাখিব যে আপুনি টোপনি যোৱাৰ আগতে যাতে এনে খাদ্য একো নাখায় যিয়ে আপোনাৰ টোপনিত ব্যাঘাত জন্মায়।
‘হাইড্ৰেটেড’ হৈ থাকক
আপোনাৰ শৰীৰ ‘হাইড্ৰেটেড’ ৰাখিবলৈ দিনটোত পৰ্যাপ্ত পানী খাব। ‘ডিহাইড্ৰেশ্যন’য়ে আপোনাৰ শক্তিৰ স্তৰ হ্ৰাস কৰিব পাৰে আৰু আপোনাক ভাগৰুৱা আৰু অলস অনুভৱ কৰাব পাৰে।গতিকে দিনটোত যিমান পাৰে পানী খায় ‘হাইড্ৰেটেড’ হৈ থাকক।
নিয়মীয়া ব্যায়াম কৰিব
ব্যায়াম কৰিলে ৰক্ত সঞ্চালন ভাল। ই আপোনাৰ শৰীৰক সুস্থ ৰখাৰ লগতে চাপ উপশম কৰিবলৈ কাম কৰে। ৰাতিপুৱা ব্যায়াম কৰিলে নিশা টোপনি ভাল হয়।
চাপৰ পৰা আঁতৰি থাকিব
অত্যধিক চাপ আপোনাৰ টোপনিৰ শত্ৰু হ'ব পাৰে।চাপৰ সৈতে মোকাবিলা কৰিবলৈ ধ্যান কৰক। ধ্যানে শৰীৰটো সতেজ ৰাখে আৰু ই চাপ আঁতৰ কৰাত সহায় কৰে।
Also Read: Garlic Health Benefits: কেৱল উচ্চ ৰক্তচাপৰ বাবেই নহয়, আৰু বহু কাৰণত অতি উপযোগী নহৰু