Advertisment

Coffee Health Benefits: ‘কেফেইন’ বুলি সততে ত্যাগ কৰা কফিৰ আশ্বৰ্যকৰ গুণাগুণ

সমগ্ৰ পৃথিৱীখনতে হয়তো বহু কম মানুহ আছে, যিয়ে কফি পছন্দ নকৰে। কফি একাপ সকলোৰে প্ৰিয় যদিও শৰীৰৰ পক্ষে ই হানিকাৰক বুলিয়েই আমাৰ এক ধাৰনা আছে। কিয়নো কফিত কেফেইন থাকে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
২২

ডিজিটেল ডেস্ক: সমগ্ৰ পৃথিৱীখনতে হয়তো বহু কম মানুহ আছে, যিয়ে কফি পছন্দ নকৰে। কফি একাপ সকলোৰে প্ৰিয় যদিও শৰীৰৰ পক্ষে ই হানিকাৰক বুলিয়েই আমাৰ এক ধাৰনা আছে। কিয়নো কফিত কেফেইন থাকে। সঁচাকৈয়ে কফি অস্বাস্থ্যকৰ নেকি ? এই প্ৰশ্নৰ উত্তৰত আমি ক’ব পাৰো যে প্ৰকৃততে কফি আমাৰ শৰীৰৰ বাবে উপকাৰী, যদিহে আমি সঠিক মাত্ৰাত ইয়াক গ্ৰহণ কৰিব পাৰো। আজি আমি বেয়া বুলি ভাৱি থকা কফিৰ গুৰুত্বপূৰ্ণ স্বাস্থ্য লাভালাভৰ বিষয়ে জানো আহক-

Advertisment

ডায়েবেটিছ প্ৰতিৰোধক

এক গৱেষণাত প্ৰমাণ পোৱা গৈছে যে, যিসকলে অধিক কফি খায় তেওঁলোকৰ টাইপ ২ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা কম। কফিয়ে শৰীৰক গ্লুকুজ তৈয়াৰ কৰাত যথেষ্ট সহায় কৰিব পাৰে।

স্বাস্থ্যকৰ হয় হৃদযন্ত্ৰ

দিনটোত একৰ পৰা দুই কাপ কফি খালে হৃদযন্ত্ৰৰ বিফলতা প্ৰতিহত কৰাত বহু পৰিমাণে সহায় কৰিব পাৰে। সেয়েহে কফি খোৱা ব্যক্তিৰ হৃদযন্ত্ৰ স্বাস্থ্যকৰ হয়।

পাৰ্কিনছন ৰোগৰ সম্ভাৱনা কম

কেফেইনে কেৱল পাৰ্কিনছন ৰোগ হোৱাৰ সম্ভাৱনা কমোৱাই নহয়, ই এই ৰোগত আক্ৰান্ত  লোকসকলক তেওঁলোকৰ চলাচল ভালদৰে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

যকৃতক সুৰক্ষা প্ৰদান

নিয়মীয়াকৈ কফি খোৱা ব্যক্তিৰ যকৃতক কফিয়ে সুৰক্ষা দিয়ে। হয়, গৱেষণাত ইতিমধ্যে  প্ৰমাণ পোৱা মতে কফি পান নকৰা লোকসকলৰ তুলনাত কফি পান কৰা লোকসকলৰ যকৃতৰ এনজাইমৰ স্তৰ স্বাস্থ্যকৰ পৰিসৰৰ ভিতৰত থাকে।

ষ্ট্ৰ’ক ৰোধক

দিনে কমেও একাপ কফি খালে ষ্ট্ৰ’কৰ বিপদাশংকা যথেষ্ট পৰিমাণে হ্ৰাস পায়। বিশেষকৈ মহিলাসকলে। উল্লেখ্য, মহিলাৰ আকস্মিক মৃত্যুৰ এক অন্যতম মূখ্য কাৰণ ষ্ট্ৰ’ক।

Also Read: 14 Powerful Health Benefits Of Tulsi: তুলসী পাতৰ ঔষধি গুণ

health benefits coffee