/asomiyapratidin/media/media_files/2025/07/19/garlic-2025-07-19-15-44-47.png)
ডিজিটেল ডেস্ক: অতীজৰে পৰা নহৰুক এক উৎকৃষ্ট মচলা হিচাপে আমাৰ সকলোৰে প্ৰিয় ব্যঞ্জনবোৰৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে। ইয়াক প্ৰাচীন সংস্কৃতিত চিকিৎসা কৰ্মতো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ঔষধি গুণাগুণৰ বাবে বিশ্বৰ সকলো ঠাইতে সকলো লোকে নহৰুক তেওঁলোকৰ খাদ্যৰ তালিকাত সন্নিবিষ্ট কৰে। আজি নহৰুৰ চমৎকাৰী স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-
বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা
শৰীৰটোক সুস্থ ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল হোৱাটো অত্যন্ত জৰুৰী। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’লে শৰীৰটোয়ে যিকোনো ৰোগৰ সৈতে যুঁজিব পাৰে। নহৰুৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। চৰ্দি আৰু ফ্লু ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰতো নহৰু মহষৌধী। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলো লোকেই কাহ, জ্বৰ আৰু চৰ্দি হ’লে কেঁচা নহৰু খাব পাৰে।
নিয়ন্ত্ৰণ কৰে উচ্চ ৰক্তচাপ
ষ্ট্ৰ’ক আৰু ‘হাৰ্ট এটেক’ হৈছে বিশ্বব্যাপী অতি ভয়াৱহ ৰূপ ধাৰণ কৰা দুটা অতি গুৰুতৰ স্বাস্থ্য সমস্যা। উচ্চ ৰক্তচাপে হৃদৰোগৰ আশংকা যথেষ্ট বৃদ্ধি কৰে। যাৰ বাবে আমি সঠিক খাদ্যৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো স্বাস্থ্যৰ কাৰণে অতি দৰকাৰী। সেয়ে, উচ্চ ৰক্তচাপত ভুগি থকা সকলে আহাৰৰ সৈতে সদায়ে নহৰু খোৱাৰ অভ্যাস কৰিব লাগে।
হ্ৰাস কৰে কলেষ্টেৰলৰ স্তৰ
কলেষ্টেৰল হৈছে তেজৰ এক চৰ্বিযুক্ত উপাদান। কলেষ্টেৰল দুই প্ৰকাৰৰ। এবিধ হৈছে ‘বেয়া’,যাক এল ডি এল কলেষ্টেৰল বুলি কোৱা হয়। আনবিধ হৈছে ‘ভাল’, যাক এইচ ডি এল কলেষ্টেৰল বুলি জনা যায়। বহু বেছি এল ডি এল কলেষ্টেৰল আৰু পৰ্যাপ্ত এইচ ডি এল কলেষ্টেৰল নথকাৰ ফলত শৰীৰত অতি গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নহৰুৱে গুৰুতৰ ভূমিকা পালন কৰে।
কৰ্কট ৰোগ প্ৰতিৰোধত সহায়
সতেজ নহৰু খালে ই মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে। এক গৱেষণা অনুসৰি, নিয়মীয়াকৈ অন্যান্য পাচলি আৰু ফলৰ লগতে নহৰু খালে মলাশয়ৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ৩৫ শতাংশ কমি যায়।
এণ্টিবায়টিক গুণাগুণৰে ভৰপুৰ
নহৰুত এলিচিন থাকে। এলিচিন হৈছে এক জৈৱ-সক্ৰিয় এণ্টিবায়টিক, যি কটা-ছিঙাৰ ফলত হোৱা সংক্ৰমণ ৰোধ তথা বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
আলঝেইমাৰ-ডিমেনচিয়া প্ৰতিৰোধ
নহৰুত উচ্চ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰত যিকোনো অক্সিডেটিভ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। এই এণ্টিঅক্সিডেণ্ট গুণাগুণবোৰে ডিমেনচিয়া আৰু আলঝেইমাৰ আদিৰ দৰে জ্ঞানীয় ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
হ্ৰাস কৰে ক্লান্তি
পুৰণি দিনত ক্লান্তি হ্ৰাস কৰিবলৈ তথা শ্ৰমিকৰ কামৰ সময় আৰু সহনশীলতা বৃদ্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰা হৈছিল। গ্ৰীক অলিম্পিক খেলুৱৈসকলক তেওঁলোকৰ এথলেটিক প্ৰদৰ্শন বৃদ্ধি কৰিবলৈ আজিও নহৰু খাবলৈ দিয়া হৈছিল।
শৰীৰক কৰে ডিটক্স
নহৰু হৈছে এক শক্তিশালী ডিটক্স খাদ্য যি বিভিন্ন যকৃতৰ এনজাইমৰ দ্বাৰা গ্লুটাথিয়ন তৈয়াৰ কৰে। ই অন্যান্য গুৰুত্বপূৰ্ণ ডিটক্সিফাইং উপাদানো প্ৰদান কৰে, যাৰ ভিতৰত আছে একাধিক জৈৱসক্ৰিয় চেলেনিয়াম আৰু ছালফাৰ যৌগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us