পেলু কিয় হয়, কিদৰে ঘৰতেই পেলুৰ চিকিৎসা কৰিব পাৰি জানি লওঁক

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৃথিৱীৰ প্ৰায় ২৪ শতাংশ লোকে কৃমি পেলুৰ সমস্যাত ভোগে।শিশুৰ ক্ষেত্ৰত এই সমস্যা অধিক হয়।পাকস্থলীত থকা এই কৃমিবোৰক পিনৱৰ্ম বা থ্ৰেডৱৰ্ম বুলিও কোৱা হয়। কিয়নো এইসমূহ সূতাৰ দৰে দেখা যায়। ডাঙৰত কৃমিৰ সমস্যা ধৰা পেলুৱাটো সহজ যদিও শিশু বা কেঁচুৱাৰ ক্ষেত্ৰত ইয়াক চিনাক্ত কৰাটো কঠিন হৈ পৰে।

author-image
Asomiya Pratidin
New Update
পেলু কিয় হয়, কিদৰে ঘৰতেই পেলুৰ চিকিৎসা কৰিব পাৰি জানি লওঁক

ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পৃথিৱীৰ প্ৰায় ২৪ শতাংশ লোকে কৃমি পেলুৰ সমস্যাত ভোগে।শিশুৰ ক্ষেত্ৰত এই সমস্যা অধিক হয়।পাকস্থলীত থকা এই কৃমিবোৰক পিনৱৰ্ম বা থ্ৰেডৱৰ্ম বুলিও কোৱা হয়। কিয়নো এইসমূহ সূতাৰ দৰে দেখা যায়। ডাঙৰত কৃমিৰ সমস্যা ধৰা পেলুৱাটো সহজ যদিও শিশু বা কেঁচুৱাৰ ক্ষেত্ৰত ইয়াক চিনাক্ত কৰাটো কঠিন হৈ পৰে। কৃমিয়ে শিশুৰ বিকাশতো গুৰুতৰ প্ৰভাৱ পেলায়। পেলু হোৱাৰ কাৰণ তথা এই বিষয়ে আজি জানো আহক-

Advertisment

শিশুৰ পেটত কিয় পেলু হয় ?

শিশুসকলে প্ৰায়ে মুখলৈ হাত নিয়ে, যাৰ ফলত নখ বা হাতৰ লেতেৰাবোৰ পেটলৈ গৈ কৃমি হয়। তদুপৰি, লেতেৰা পুতলা বা যিকোনো সামগ্ৰীৰ সৈতে খেলা-ধূলা কৰা তথা মাটি খোৱা ফলতো শিশুৰো এই সমস্যা হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে, শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'লে পেলুৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। বহুসময়ত লেতেৰা খাদ্য বা পানী খোৱাৰ ফলতো শিশুৰ এই সমস্যা হ'ব পাৰে।সেয়েহে, শিশুসকলক দিয়া খাদ্যৰ যত্ন লোৱাৰ লগতে তেওঁলোকক খুব পৰিস্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগে।

পেলু হোৱাৰ লক্ষণ 

ওজন হ্ৰাস 

পেলু হ'লে শিশুৰ ওজন হ্ৰাস হ'বলৈ আৰম্ভ কৰে। কিয়নো কৃমিবোৰে শিশুৰ বিকাশ বন্ধ কৰে। সেয়েহে, যদি আপোনাৰ সন্তানৰ ওজন বয়সতকৈ কম হয়, ইয়াক উপেক্ষা নকৰিব। 

বমি 

পেটত পেলু  থাকিলে শিশুৰ সঘনাই বমিও হয়।

পেটৰ বিষ 

পেটত পেলু থাকিলে, শিশুৰ পেটৰ বিষ হোৱা আৰম্ভ হয়।সেয়েহে, এই লক্ষণবোৰ একেবাৰে উপেক্ষা নকৰিব। 

টান পেট

পেটৰ বিষৰ লগতে পেলু হ'লে শিশুৰ পেটটো টান হৈ পেট ফুলাৰ সমস্যা হয়। 

কাহ 

গৱেষণাত এইটোও প্ৰমাণিত হৈছে যে পেলু হোৱাৰ ফলত শিশুৰ কাহৰ সমস্যাও হ'ব পাৰে। 

ভোক নোহোৱা 

পেটত পেলু থাকিলে শিশু এটাই খুব কম ভোক অনুভৱ কৰে। 

পেলুৰ ঘৰুৱা প্ৰতিকাৰ 

তুলসী, আদা 

তুলসীৰ ৩-৪ টা পাত গুৰি কৰি তাৰ লগত আদা আৰু মৌ মিহলি কৰি খালী পেটত শিশুটোক খাবলৈ দিব। পেলুৰ সমস্যাৰ পৰা ই আপোনাৰ সন্তানক যথেষ্ট সকাহ দিব।

হালধি  

এক চিমুটি হালধি আৰু জালুকৰ গুৰিত আধা চামুচ মৌ মিহলি কৰক আৰু শিশুটোক খাবলৈ দিয়ক।ইয়াৰ পিছত অলপ কুহুমীয়া পানীও খাবলৈ দিব।  

জালুক 

ৰাতি টোপনি যোৱাৰ আগতে শিশুটোক ১/২ চাহ চামুচ মৌ আৰু এক চিমুটি জালুক খাবলৈ দিব।ইয়াৰ পিছত শিশুটোক লগে লগে ব্ৰাছ কৰাব আৰু খাবলৈ একো নিদিব।

Also Read: শিশুৰ স্মৃতিশক্তি, মনোযোগ, একাগ্ৰতা বৃদ্ধি কৰে সংগীতে