সাৱধান হওক ! এই ৰোগ থকা লোকসকল সোনকালে আক্ৰান্ত হয় ষ্ট্ৰ’কত

সাৱধান হওক ! এই ৰোগ থকা লোকসকল সোনকালে আক্ৰান্ত হয় ষ্ট্ৰ’কত

ডিজিটেল ডেস্ক: সম্প্ৰতি অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰ’কৰ ঘটনা।এই ৰোগত আক্ৰান্ত হৈ বহু কম বয়সীয়া লোকেও অকালতে প্ৰাণ দিব লগীয়া হৈছে।পৰিসংখ্যা অনুসৰি, প্ৰতি তিনি মিনিটত ভাৰতত এজন ব্যক্তিৰ ব্ৰেইন ষ্ট্ৰ’ক হয়।

ইফালে, বিশেষজ্ঞসকলৰ মতে হতাশাৰ লক্ষণ থকা লোকসকলৰ ষ্ট্ৰ’কৰ আশংকা যথেষ্ট বেছি।আয়াৰলেণ্ডৰ গালৱে বিশ্ববিদ্যালয়ৰ শেহতীয়া অধ্যয়নত এয়া ইতিমধ্যে প্ৰমাণ হৈছে। গৱেষণাত প্ৰমাণ পোৱা মতে, হতাশাৰ লক্ষণ থকা লোকসকলৰ ষ্ট্ৰ’কৰ পিছত আৰোগ্য হোৱা তথা স্বাভাৱিক জীৱনলৈ উভতি অহাৰ সম্ভাৱনা যথেষ্ট কম।মুখ্য গৱেষক ৰবাৰ্ট পি মাৰ্ফিৰ মতে, সমগ্ৰ বিশ্ববাসীৰ মাজত হতাশা খবু বেয়াকৈ শিপাই পৰিছে।হতাশাই খুব কম সময়তে মানুহৰ প্ৰাণ কাঢ়ি নিব পাৰে।

হতাশাত ভুগি থকা লোকসকলে এই ক্ষেত্ৰত মনোযোগ দিব

এক অধ্যয়নত কোৱা হৈছে যে হতাশাৰ লক্ষণবোৰে এজন ব্যক্তিৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি কৰে। এই বিপদাশংকাটো বিশ্বব্যাপী সকলো বয়সৰ লোকৰ ক্ষেত্ৰত একে স্তৰত পোৱা গৈছে। অধ্যয়নত প্ৰমাণ পোৱা মতে, হতাশাৰ লক্ষণ থকা লোকসকলৰ লক্ষণ নোহোৱাসকলৰ তুলনাত ষ্ট্ৰ’ক হোৱাৰ আশংকা ৪৬ শতাংশ বেছি।আনহাতে, যিসকলৰ হতাশাৰ পাঁচ বা ততোধিক লক্ষণ আছে, তেওঁলোকৰ লক্ষণ নথকাসকলৰ তুলনাত ষ্ট্ৰ’ক হোৱাৰ আশংকা ৫৪ শতাংশ বেছি। 

ষ্ট্ৰ’কৰ আশংকা কাৰ অধিক ?

যিকোনো বয়সতে এজন ব্যক্তিৰ ষ্ট্ৰ’ক হ’ব পাৰে। কিন্তু চিন্তাৰ বিষয় এয়ে যে ১২% ষ্ট্ৰ’ক ৪০ বছৰৰ তলৰ ৰোগীৰ হয়। উচ্চ ৰক্তচাপ, মধুমেহ আৰু উচ্চ কলেষ্টেৰলৰ সমস্যা থকা লোকসকলৰো ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা অধিক।গৰ্ভনিৰোধক ঔষধ সেৱন কৰা মহিলাসকলো যি কোনো সময়তে ষ্ট্ৰ’কত আক্ৰান্ত হ’ব পাৰে।

কোনসকল লোক সাৱধান হ'ব লাগে

উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল, ৰক্তহীনতা, মাইগ্ৰেইন আৰু ডায়েবেটিচ থকা ৰোগীৰ ক্ষেত্ৰত ষ্ট্ৰ’ক হোৱাৰ অধিক সম্ভাৱনা থাকে।তদুপৰি-

- ৫৫ বছৰৰ অধিক বয়সৰ লোক

- শাৰীৰিকভাৱে সক্ৰিয় নোহোৱা লোকসকল

- জন্মগতভাৱে ৰক্ত নলীৰ ৰোগ থকাসকল

- ধূমপান, অত্যাধিক সুৰাপান কৰা লোকসকল

- মেদবহুল আৰু এলেহুৱা লোকসকল

ষ্ট্ৰ’কৰ লক্ষণ

ষ্ট্ৰ’কৰ আটাইতকৈ সচৰাচৰ লক্ষণ হৈছে শৰীৰৰ এটা ফালে দুৰ্বলতা। যেতিয়া ষ্ট্ৰ’ক হয়, ৰোগীয়ে শৰীৰৰ এটা ফালৰ হাত আৰু ভৰি লৰচৰ কৰিব নোৱাৰে। শ্ৰৱণ শক্তি হ্ৰাস,অস্পষ্ট কথা আৰু দৃষ্টিও ষ্ট্ৰ’কৰ লক্ষণৰ ভিতৰত পৰে। এই লক্ষণবোৰ দেখা দিয়াৰ লগে লগে ৰোগীক চিকিৎসালয়লৈ লৈ যাওঁক। মনত ৰাখিব যে আপুনি ৰোগীক লৈ যোৱা চিকিৎসালয়খনত ২৪ ঘণ্টাই যাতে চিটি স্কেন, এম.আৰ.আই.ৰ সুবিধা থাকে।

সাৱধান হওক ! এই ৰোগ থকা লোকসকল সোনকালে আক্ৰান্ত হয় ষ্ট্ৰ’কত
Foods to Boost Your Brain: দুৰ্বল স্মৃতিশক্তিৰ গৰাকীয়ে এইসমূহ খাদ্য খাওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in