আপুনি ভাবিব নোৱাৰাকৈ শৰীৰৰ ক্ষতি কৰে ‘পেইন কিলাৰ’য়ে

আপুনি ভাবিব নোৱাৰাকৈ শৰীৰৰ ক্ষতি কৰে ‘পেইন কিলাৰ’য়ে

ডিজিটেল ডেস্ক :  শৰীৰত যিকোনো প্ৰকাৰৰ বিষ হ’লেই আমি ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি যিমান পাৰি সিমান সোনকালে 'পেইন কিলাৰ' খাওঁ।বিশেষকৈ মূৰৰ বিষত। আনকি ঋতুস্ৰাৱৰ সময়তো পেটৰ অসহনীয় বিষৰ বাবে মহিলাসকলে 'পেইন কিলাৰ' গ্ৰহণ কৰে।'পেইন কিলাৰ'য়ে কিছু সময়ৰ বাবে বিষৰ পৰা সকাহ দিয়ে ঠিকেই, কিন্তু আপুনি ভাবিব নোৱাৰাকৈ ই আমাৰ শৰীৰৰ ক্ষতিও কৰে।হয়, শেহতীয়া এক অধ্যয়নত পোহৰলৈ অহা মতে, অত্যাধিক পৰিমাণে 'পেইন কিলাৰ' গ্ৰহণ কৰাটোয়ে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে।আনকি ই মৃত্যুৰ আশংকাও বৃদ্ধি কৰে। যিসকলে পেৰাচিটামল, এচপিৰিন আৰু আইবুপ্ৰফেনৰ দৰে ঔষধ অত্যাধিক ব্যৱহাৰ কৰে, সময়ৰ সৈতে তেওঁলোকৰ মূৰৰ বিষৰ সমস্যা বৃদ্ধিহে হয়। আজি ‘পেইন কিলাৰ’ৰ ভয়াৱহতাৰ বিষয়ে জানো আহক-

হ্ৰাস কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

‘পেইন কিলাৰ’য়ে আমাৰ শৰীৰটোক ভিতৰৰ পৰা ফোপোলা কৰে। ঘনাই ‘পেইন কিলাৰ’ খাই থাকিলে ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।যাৰ বাবে আমাৰ শৰীৰটো দুৰ্বল হৈ পৰে। এই ঔষধবোৰে মগজুকো বেয়াকৈ প্ৰভাৱিত কৰে। ‘পেইন কিলাৰ’য়ে শৰীৰৰ "ভাল অনুভৱ" কৰোৱা হৰমনৰো ক্ষতি কৰে।

কিডনীৰ ক্ষতি 

‘পেইন কিলাৰ’ গ্ৰহণ কৰি থাকিলে ই কিডনীক প্ৰভাৱিত কৰে। যেতিয়া আপুনি ‘পেইন কিলাৰ’ অত্যাধিক গ্ৰহণ কৰে, তেতিয়া কিডনীয়ে এই ঔষধবোৰৰ পৰা বিষাক্ত পদাৰ্থ জমা কৰে, যাৰ ফলত যকৃতৰ নষ্ট হয়।

হৃদযন্ত্ৰৰ ৰোগ

বহুলোকে বিষ উপশম কৰিবলৈ ‘পেইন কিলাৰ’ৰ বেজী লয়। ইয়াৰ ফলত ঔষধটো পোনপটীয়াকৈ তেজৰ প্ৰবাহলৈ যায়, যিয়ে হৃদযন্ত্ৰক প্ৰভাৱিত কৰে।আনহাতে, দীৰ্ঘদিন ধৰি ‘পেইন কিলাৰ’ৰ ব্যৱহাৰৰ ফলত হৃদআক্ৰমণ হ'ব পাৰে।

পাচন তন্ত্ৰৰো কৰে ক্ষতি 

অত্যাধিক ‘পেইন কিলাৰ’ৰ ব্যৱহাৰে পেটৰ সমস্যাও সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য, পেট ফুলাকে ধৰি পেট সম্পৰ্কীয় বহু সমস্যা হব পাৰে।সেয়েহে, যিমান পাৰে ‘পেইন কিলাৰ’ৰ পৰা দূৰত থাকিব।

আপুনি ভাবিব নোৱাৰাকৈ শৰীৰৰ ক্ষতি কৰে ‘পেইন কিলাৰ’য়ে
আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in